সন্ধান - অনুৰাগ চুতীয়া | অসমীয়া গল্প

সন্ধান - ✍️ অনুৰাগ চুতীয়া | অসমীয়া গল্প  A Assamese Story by Anurag Chutiya. Assamese Love Story

“মৌন কল্পনাৰ শান্ত ঢৌ তুমি

জীয়া বুকুত ৰসন সনা মৌ তুমি

মনৰ সেই তুমি

আজিও তুমি

মোৰ তুমি

              ২৫ ফেব্ৰুৱাৰী ২০১৭ শনিবাৰ। হোষ্টেলৰ ভিতৰত অকলে ডায়েৰী খনত ওপৰৰ কবিতাটো লিখি আছিলোঁ।ফাগুন মাহ।কুহুমিয়া মৃদু বতাহ এজাক খিৰকিখনৰ মাজেৰে সোমাই আহি ডায়েৰীখনৰ পৃষ্ঠাখন কোমল হেচাৰে ঠেলি সলাব খুজি আছিল l পৃষ্ঠা ৩৪৬ l কবিতা নম্বৰ ১৩৯।আৰু এটা কবিতা লিখাৰ পিছতে সম্পূৰ্ণ হ’ব মোৰ ৫ বছৰৰ পৰা লিখি অহা ১৪০ টা কবিতা l অসমীয়া লিখাৰ বৰ বেছি অভ্যাস নাছিল।ষষ্ঠ শ্ৰেণীৰ পিছত জাতীয় বিদ্যালয়ৰ পৰা নৱোদয় বিদ্যালয়ত ভৰ্তি হোৱাৰ পিছত অসমীয়া খুব কম ব্যৱহাৰ হৈছিল l তথাপিও লিখা এটা অভ্যসে মোক হৃদয়ৰ কথাবোৰ শব্দৰে প্ৰকাশ কৰাৰ সুবিধা কন প্ৰকৃত সময়ত দিছিল l হাজাৰ অনুভূতিবোৰ বুকুত জোৱাৰ খেলি ফুৰিছিল।তাতেই ফাগুন মাহ...... অনুভূতিৰ মূল আছিল তাই। তাই মানে সপোনত দেখা প্ৰিয়জন।“কোনো দিনেই সন্মুখত নেদেখা ,“ কেতিয়াও লগ নোপোৱা” তাইৰ কথা কল্পনা কৰিয়ে সৃষ্টি হৈছিল মোৰ এই কবিতাবোৰ l কুসুম কৈলাসৰ এটি বিহু গীতত তাইক মই প্ৰথম দেখিছিলো ৪ ছেকেণ্ডৰ বাবে l গানটোৰ ভিতৰৰ এটা ভাগত নাচি আছিল তাই। ৰঙা বিহুৰ সাজত মই আগতেও বহুত ছোৱালীক দেখিছিলো কিন্তু সেইদিনা খুব অলপ সময়তে তাইৰ প্ৰতি মোৰ যি অনুভূতি জাগি উঠিল আগতে এনে হোৱা নাছিল l গানটো বাৰে বাৰে চাইছিলো মাথোঁ সেই ভাগটোৰ বাবে। আৰু প্ৰতিবাৰতে সেই কম সময়তেই তাইৰ এটা চাউনীয়ে মোৰ হৃদয়ত যিটো মৃদু আঘাত কৰিছিল,জাগি উঠিছিল হেজাৰ কল্পনা । মই সিমানতেই ক্লান্ত নহলো l তাইৰ দৃশ্যৰ একপি sreenshot মাৰি , ফটো একপি বনাই সাঁচি ৰাখিলোঁ ডায়েৰীৰ মাজত আৰু আৰম্ভ হৈছিল এক নতুন যাত্ৰা ।

তাইৰ মিঠা হাঁহিতি আৰু চাউনীত মই প্ৰথম মোহিত হৈছিলোঁ । সন্ধিয়া আহি প্ৰতিদিনে ফটো খন চাও আৰু প্ৰতিদিনে পাও এক নতুন তৃপ্তি । লাহেকৈ আৰম্ভ হৈছিল কবিৰ মনৰ সৃষ্টি ।, কল্পনাৰ সাগৰত শান্তি ঢৌৰ বাতৰি। কাৰোবাৰ মাত্ৰ এখন ফটো সংগ্ৰহ কৰি তেখেতক কল্পনা কৰি বহুতে হয়তো কবিতা , গল্প আদিবোৰ লিখে সেয়া স্বাভাবিক। কিন্তু মোৰ বাবে সেয়া স্বাভাৱিক নাছিল। তাই কোনো বিখ্যাত অভিনেত্ৰীও নাছিল যে নৃত্য আৰু অভিনয়ৰ কলাত মই মোহিত হৈ তাইৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিম। তাইক দেখিছিলো মাথোঁ ৪ ছেকেণ্ডৰ বাবে, বাৰে বাৰে চাইছিলো আৰু জানিবলৈ খুব ইচ্ছা হৈছিল যে তাইৰ কত ঘৰ, কিমান বয়স...। কিন্তু নাই,মই তাইৰ নামটোও সংগ্ৰহ কৰাত ব্যৰ্থ হলো।

বহু লগৰক মাতি সুধিলো , কিন্তু কোনোৱে একো তথ্য দিব নোৱাৰিলে । উপায়বিহীন হৈ তাইক এটা নাম দিলোঁ । “এলিনা “ সেইদিনাৰ পৰা মই হৈ পৰিছিলো এলিনাৰ ।কি যে আচৰিত ন ? এনেকুৱানো আবেগ জাগেনে কাৰোবাৰ বাব্ৰে? এয়া প্ৰেম নেকি বাৰু ? প্ৰেমৰ সংজ্ঞা কোনে জানে ? বহুতে কব বিচাৰে “ আবেগ তুংগত উঠিলে জাগি উঠে দৈহীক কামনা বাসনা , কিন্তু ই ক্ষণস্থায়ী। আজি ভাল লগা জনক কালিলৈ দেখি দেখি আমনিও লাগিব পাৰে ।কিন্তু প্ৰেমৰ ক্ষেত্ৰখন অলপ সুকীয়া। ইয়াত মনে প্ৰাণে দেহে মৰমৰ এক অদেখা নদী বৈ যায়।হেজাৰ দূৰৈত থকা জনৰ প্ৰতিও প্ৰেমৰ বাবেই এই মৰম অবিনশ্চৰ হৈ ৰয়।

কিন্তু মোৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ আছিল।নাজানো কিয় মোৰ মনলৈ তাইক লৈ হেজাৰ কল্পনা , সপোনৰ সৃষ্টি হৈছিল।মই সম্পূৰ্ণ ভাবে তাইৰ অনুৰাগত হেৰাই গৈছিলো। তেনেকৈ সৃষ্টি হৈছিল এটা এটাকৈ ১৩৯ টা কবিতা

মই তীক্ষ্ণ তমসা , তাৰ সোণালী জোনাক তুমি

 মই যে তোমাৰ

তুমি জোনাকী , মই তোমাৰ মুখে চোৱা চাটক পক্ষী

মই যে তোমাৰ

মই জলধ, তুমি জিঞ্জিৰি , কৰো আমি হৃদয়ৰ শাওনক তৃপ্তি,

মই যে তোমাৰ

তুমি জোনাকী পৰুৱা , মই ঘন হাবি , দুয়ো নীৰৱ সাক্ষী

মই যে তোমাৰ

মই জ্বালানি , তুমি বহ্নি , জিলিকাও তিমিৰ খেদি,

মই যে তোমাৰ

হয় , শৰতৰ শেৱালী, ফাগুনৰ পলাশ , বহ্নি অম্লজান , সূৰ্যাস্ত পশ্চিমাকাশ

মই যে তোমাৰ….

দিনবোৰ বাগৰি গৈছিল , মাজে মাজে তাই মোৰ সপোনতো আহিছিল , মই তাইক স্পষ্টকৈ দেখি নাপাওঁ , মাথোঁ কম সময়ৰ বাবে তাই আহিছিল। নিমাত হৈ মোলৈ মিচিকি চাই হাঁহিছিল আৰু সপোনৰ সমাপ্ত । কোনোদিনে তাইৰ মাত মই শুনা পোৱা নাছিলো, নাই কোনো দিনত মই তাইক মাত লগুৱাত উত্তৰ দিছিল । তাইক কৰবাত এবাৰ লগ পোৱা, মনত সৃষ্টি হোৱা হাজাৰ কল্পনাবোৰ তাইক মোৰ কাষতে বহুৱাই কবলৈ ব্যকুলতাৰ ধুমূহাই কত বসন্তৰ আগমণি ঘটাইছিল ।কিন্তু

কোৱা হয়

  সপোনত দেখা প্ৰিয়জন

সততাৰ অওতাত নাথাকে

তথাপিও,গভীৰ মনোপিড়াৰে

তোমালৈ বুলি বাট চাই ৰও।

মোৰ এই সপোনৰ লগৰীক সপোনৰ বাদে আন কৰবাত জানো লগ পাব পাৰি ?

যদিও এয়া সপোন , তোমাক চাব বিচাৰো তুমাৰ

তোমাৰ হাঁহিৰ মৰমত ,

সপোনত সৰগ দেখা পাও,

এনেকৈয়ে বহু সপোনত মই সৰগ দেখা পাইছিলো

তাইৰ হেপাহতে মোৰ হৃদয়ত পাৰ হৈছিল বহু বিহু, হয়টো মোৰ প্ৰথম প্ৰেমৰ আৰম্ভণি ৪ ছেকেণ্ডৰ এলিনাৰ হাহিতিৰে মুকলি হৈছিল।

সময়ৰ সোঁতত প্ৰকৃতি সলনি হয়, সলনি হয সকলোৰে মন,ব্যস্ততাৰ বাবে এলিনা লাহে লাহে মোৰ লিখনিৰ পৰা দূৰ হৈ গৈছিল ; সেয়া স্বাভাৱিক, কাৰণ তাই মোৰ মৌন কল্পনাৰ শান্ত ঢৌ আছিল মাথোঁ, কোনোবা বিশাল ঢৌ আহি তাইৰ স্থান কাঢ়ি লব বহু বাৰ চেষ্টা কৰিছিল আৰু শেষত হৃদয়ত স্থান পাইছিল অন্য এগৰাকী ছোৱালী যাক মই লগপাইছিলো সোণাপোৰ ষ্টেডিয়ামত। তাই আছিল টাই কোৱানড’ খেলুৱৈ আৰু সুদক্ষ নৃত্যকাৰ। মইয়ো‌ খেলৰ সৈতে জড়িত সেয়েহে তাইৰ সৈতে মোৰ লগপোৱা হৈয়ে থাকিছিল । নাজানো কিয় তাইক মই কৰবাত দেখিছিলো এনে ভাৱ হৈছিল। লাহে লাহে আপোন হৈ আহিছিল তাই, কিদৰে তাই মোৰ আপোন হল তাৰো এক দীঘল কাহিনী, মাথোঁ মোৰ এলিনাক যে তাই মনৰ পৰা প্ৰায় আঁতৰাই পেলাইছিল সেয়া বুজাবৰ বাবেহে মই তাইক মানে সাগৰিকাক উল্লেখ কৰিছোঁ।

সাগৰিকাৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল। খুব কম সময়তেই তাইও মোৰ বৰ আপোন হৈ আহিছিল। তথাপিও কিয় জানো মোৰ মনৰ কোনোবা এটা চুকৰ পৰা এলিনাৰ অনুৰাগে মাত দি আছিল আৰু সেইদিনা তাইৰ সন্ধানৰ হেপাহে মোৰ ডায়েৰীত আৰু এটা কবিতাৰ সৃষ্টি কৰিছিল।

শীতৰ ভিজা ৰাতি, বৰষুণৰ মাতত আজি

সেমেকা ডাৱৰে জোনৰ মুখনি মেলে,

জোনৰ মুখলৈ চাই, সেমেকা আঘাত পাই আজিও তোমালৈ কবিৰ মনত পৰে।

কবিৰ কোঠাৰ আজি খোলা আছে খিৰকি

সেমেকা মুখৰ এই অপেক্ষাৰ বাতৰি

নীৰৱে জোনলৈ চাই ৰাতি যেন পুৱাই ;

এই হৃদয় পূৰ্ণ কৰা উশাহে উশাহে বোৱা

কিয় জানো লাহে যেন কিবা নাই নাই

সম্পূৰ্ণ হল ১৪০ তা কবিতা, বৰ মনত পৰিছিল, ৫ বছৰৰ আগৰ সেই অনুভটি বোৰ , সেয়েহে তাইৰ সেই screenshot মাৰি থোৱা ফটো খন বৰকৈ মন গল মোৰ WhatsApp অৰ Dp থবলৈ। কিন্তু মনলৈ ভাৱ এটাও আহিল সাগৰিকাই বা কি ভাবিব? আবেলি ৩:০০ বাজিছিল, মই ৰাখি থলো এলিনাৰ ফটো খন, অলপ পিছত সাগৰিকাও খেলিব আহিব ষ্টেডিয়ামত , তেনেতে সাগৰিকাৰ ফোন আহিল, “ সমীৰ ফটো খন তুমি কিয় লগাই থৈছা,” মোৰ ভয় হল আৰু কলো “ নাই এনেই কিবা ভাল লাগ এই ফটো খন”। তাই হাঁহি মাৰি কলে, “ তুমিও যে কৰ কৰ পৰা আগৰ ফটো বোৰ সাঁচি থোৱা” । সেয়া শুনি মই লগে লগে এবাৰ চাই ললো যে মই কাৰ ফটো লগাইছো। এলিনাৰ নে সাগৰিকাৰ! নাই এলিনাৰে চোণ সেইখন, মই কলোঁ এইখন তোমাৰ ফটো জানো? তাই হাহিৰে কলে, “ অটো ! তোমাৰ ডায়েৰীটো মই আগতে দেখিছোঁ কোৱা হে নহল, সেয়া শুনি মই লগে কাটি দিলোঁ, মোৰ বুকু খন বিষাই উঠিছিল, চকুপানি বৈ আহিছিল, যাৰ সন্ধান আছিল, হাজাৰ কল্পনাৰ কবিতা লিখিছিলোঁ , তাই মোৰ আজি ইমান কাষত কিন্তু মই কিয় গম নাপাও?

তাইৰ আকৌ ফোন আহিছিল, কৈছিল “ ফোন টো কাটি দিলা যে? “ কিন্তু কেনেকৈ বুজাও যে তাই মোৰ হেপাহ আছিল, মোৰ আঘোণ আছিল মিঠা শাওনৰ ..। মই তাইক কলো “যিমান পৰা সোনকালে আঁহা বহুত important কথা এটা কবলৈ আছে” । ষ্টেডিয়ামৰ ষ্টেণ্ডত লগ পাই একো নুকুৱাকৈ প্ৰথমে জোৰেৰে সাৱটি ললো । তাই আচৰিত হৈছিল ‌।কাৰণ আগতে এনে কৰা নাছিলোঁ। তাই কি হল নো বুলি মৰমত সুধিছিল। মই যে কান্দি দিছিলোঁ তাইৰ আগত। কব পৰা নাছিলোঁ একো কথা। ভাষা নাছিল ৫ বছৰৰ সাঁচি থোৱা মৰমৰ। কাষত বহুৱাই কথা বোৰ প্ৰকাশ কৰিলোঁ। প্ৰতিদিনে তাইক শুনাও মোৰ কাল্পনিক গল্প বোৰ, কবিতা বোৰ যত মই জলধ , তাই জিঞ্জিৰি।

তাই জোনাকী পৰুৱা মই ঘন হাবি.....

 Click Here to download pdf of the Story: 


✍️ অনুৰাগ চুতীয়া
জৱাহৰ নৱোদয় বিদ্যালয় , ধেমাজি।
 




3 Comments

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now