বিষাদৰ সপোন - চিন্ময় দাস

 (৫)


তেনে এগৰাকী মাতৃৰ পুত্ৰই নিজৰ পৰিচয় দিবলৈ লাজ পাইছিল। মাতৃৰ সৈতে দেউতাকৰ সম্পৰ্ক, সম্বন্ধ কি ধৰণে গঢ়ি উঠিল সেয়া আজি তাৰ পেহীয়েকে ফাদিল কৰিলে। 

দেৱাংশক লগ পোৱা আজি প্ৰাই এসপ্তাহেই হ'ল। খবৰ এটাও নাই, সেয়ে আমি তিনিও গৈ তাৰ ঘৰ ওলালোগৈ। পদূলিমুখৰ পৰাই চিঞৰ-বাখৰবিষাদৰ সপোন , আমি গৈ কলিং বেলটো বজোৱাত পেহীয়েকে খৰধৰকৈ দুৱাৰখন খুলিলে, "অহ, অহ, তোমালোক, আহা, আহা, দেৱ, চাচোন, সিদ্ধাৰ্থহঁত আহিছে।" পেহীয়েকৰ মাতত যেন মামৰ ধৰিলে। দেৱাংশ আগ বাঢ়ি আহিল, "তহঁত আজি ধুমকেতু হৈ ওলালি যে, আহচোন।" আমি গৈ তাৰ কোঠালিতে বহিলো গৈ। সি আহিল হাতত ট্ৰে' এখন লৈ য'ত আছিল চাৰিটাকৈ চৰ্বতেৰে ভৰা গিলাচ। প্ৰত্যেকেই এটাকৈ হাতত তুলি দেৱাংশৰ ফালে চালো। সি হাঁহি এটি বিৰিঙাই আচৰিত হৈ প্ৰশ্ন কৰিলে, "কি হ'ল, এনেকে চাই আছ যে?" সি বোধ কৰে যেন আমি একো গম নাপাও। মহিমে উল্লেখ কৰিলে, "তোৰ যদি পেহীয়েৰাই তোক ইমান অত্যাচাৰ কৰে, তই আছ কিয়, তই মোৰ লগতো থাকিব পাৰিবি।" অনুৰাগ আৰু মইও ক'লো যে সি আমাৰ লগত থাকিব পাৰিব। "কিয় জানো জীৱনৰ কথাই মোক ইমান আমনি নকৰে যিমান তহঁতৰ কথাই কৰে। মই ভাল দৰেই আছো।", দেৱাংশৰ প্ৰতিবাৰৰ বচন। "নহয় মানে, তোৰ হয়নো কি? কছোন আমাক।", অনুৰাগে ক'লে। দেৱাংশই তাৰ কোঠালিৰ খিৰিকিৰে চাই মৌন আকাশখন গৰজি উঠাৰ অপেক্ষা কৰি আছিল। সি কান্দি পৰিল, এয়া প্ৰথমবাৰৰ বাবে তাৰ চকুত চকুলোৰ অনুভৱ কৰিলো আমি। সি পেহীয়েকৰ অত্যাচাৰৰ কথা কৈ থাকোতেই তেওঁ আহি পালে। মৌনতাৰ কোলাহলে সকলোফালে অশান্তিৰ সৃষ্টি কৰিলে। তেখেতৰো দুধাৰি যেন বৈ আহো। তেওঁ দেৱাংশক আহি সাবতি ধৰি ক'লে, "মোক ক্ষমা কৰিবি দেৱ, জানিছো, যি মই তোৰ লগত কৰিলো সেয়া তাৰ বাবে হয়তো মই ক্ষমাৰ প্ৰাৰ্থী নহও। কিন্তু কি জাননে, কেকাইৰ বাবে যে মই আজি এই অৱস্থাত আছো। আজি তোক সকলো ক'ম। আৰু তই মোক ক্ষমা কৰিবি, মোৰ খং তোৰ উপৰত নহয়, তোৰ দেউতাৰাৰ উপৰতহে।"

আমিকেইটাই থৰঙা লাগি দেৱক চাই আছো আৰু পেহীয়ে উলোটিয়াব ল'লে কেইখিলামান দুখৰ চিয়াঁহীৰে ভৰা কলা অতীতৰ পাত। 

“মোৰ বিয়ালৈ দুদিন মাথোঁ........ (আগলৈ)

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now