কাপুৰুষ - ৰাজীৱ দাস

 সুদীৰ্ঘ পোন্ধৰ বছৰৰ পিছত ৰাজ ঘৰলৈ আহিছে।পোন্ধৰ বছৰে ঘৰৰ, গাঁৱৰ একো খৱৰেই পোৱা নাই।দিল্লীৰ পৰা ফ্লাইটত আহি গুৱাহাটীত এখন ব্যৱসায় সংক্ৰান্তীয় আলোচনাত ভাগ লৈ ট্ৰেইনেৰে নিজৰ জন্ম ঠাইলৈ আহিছে।ষ্টেচনৰ পৰা সিহঁতৰ গাৱঁলৈ চল্লিছ কিল'মিটাৰ মান হ'ব।ট্ৰেইনত আহি থাকোঁতে তাৰ তাহানিৰ গাওঁ খনলৈ মনত পৰিল।মনত পৰিল অকালতে শিৰৰ সেন্দুৰকণ মচিব লগীয়া হোৱা তাৰ মাকৰ সেন্দুৰীয়া মুখ খন।তাৰ লগৰ ধন,বাবা আৰু বহুতলৈ।আৰু মনত পৰিল তাৰ হৃদয়ৰ মণিকোঠত ঠাই লোৱা অষ্টম শ্ৰেণীত পঢ়াৰ পৰাই ভাল পোৱা জোনালীলৈ।মনত পৰিল তাইৰ সতে হোৱা অন্তিম সাক্ষাৎটো।আৰু মনত পৰিল অন্তিম সাক্ষাৎৰ পঞ্চলিছ মান দিনৰ আগৰ সেই অমাৱশ্যাৰ নিশাটো।সেই নিশা দুয়ো দুয়োকে সীমা চেৰাই মৰম কৰিছিল।সমাজৰ সকলো নিয়ম বান্ধোন ভাঙি গৈছিল।মাথোঁ দুয়ো দুয়োকে উপভোগ কৰিছিল।তাৰ পিছৰ পৰাই সিহঁতে লগ হ'ব পৰা নাছিল।কাৰণ গাঁৱত আলফা বিচাৰি মিলিটাৰি সোমাইছিল।বহুত উৎপাত কৰিছিল।কেইবাজনো লৰাক ধৰি নি আলফা সজাই মৃত্যু দণ্ড দিছিল।ৰাজৰ লগতে বহু লৰাই হাবিয়ে-বননিয়ে পলাই ফুৰিছিল।এনিশা মৰণত পণ দি মাকৰ খৱৰ লব'লৈ আহিল।ৰাজক বিচাৰি সিহঁতৰ ঘৰলৈও মিলিটাৰি আহিছিল।মাকক লৰা উলিয়াই দে বুলি চোতালত আঁঠু কঢ়াই থৈছিল।ৰাজ অধৰ্য্য হৈ পৰিছিল।মাকৰ বুজনিত সি যেনেতেনে ধৰ্য্য ধৰি অসমৰ বাহিৰলৈ যাবলৈ থিৰাং কৰিলে।কিন্তু যায় কেনেকৈ? হাতত টকা-পইছা বুলিবলৈ ফুটাকড়ি এটাও নাই।মাকে ধোঁৱাচাঙৰ চুঙাৰ পৰা খুচুৰা পইছা পঞ্চাশ টকা মান দি দুদিন আগতে বনোৱা ভাত এমুঠি দিলে।তাকে খকৰ-মকৰ কৈ খাই মাকৰ ভৰি চুই ঘৰৰ পৰা ওলাই আহিল।যাওঁতে সি জোনালীৰ ওচৰলৈ গ'ল।জোনালী হঁতৰ বাৰীৰ পাছফালেদি সোমাই তাই শুৱা কোঠাৰ খিড়িকীৰে সিহঁতৰ বাদে আনে বুজি নোপোৱা সংকেতেৰে মাত দিলে।জোনালীও যেন তাৰ অপেক্ষাতহে আছিল।লগে-লগে তাইও গৈ আছো বুলি সংকেত দিলে।ঘৰৰ পাছফালৰ নাদৰ পাৰত দুয়ো লগ হৈ মাথোঁ ইটোৱে-সিটোক একেথৰে চাই থাকিল।ৰাজে কিবা কোৱাৰ আগতেই জোনালীয়ে লাজে-ভয়ে এমাহ মুৰ ধুৱা নাই বুলি ক'লে।ৰাজে কথাটো বুজি নাপালে।ঠিক তেনে সময়তে জোনালীৰ মাক সাৰ পাই বাহিৰলৈ আহিলত ৰাজে তাইৰ পৰা বিদায় লৈ গুচি আহিল।জোনালীয়ে এমাহ মুৰ নুধুৱা কথাটোৱে তাক ওগুল-থোগুল লগালে।সি জোনালীয়ে এমাহ মুৰ নুধুৱা কথাটো মাকক সুধি লব লাগিব বুলি মাকৰ ওচৰলৈ আহিবলৈ মন কৰিলে।আকৌ ঘৰলৈ খোজ লওঁতেই সিফালৰ পৰা মিলিটাৰি গাড়ীৰ লাইটৰ পোহৰ তাৰ গাত পৰিলত সি পথৰ কাষৰ পথাৰেদি দৌৰি যাওঁতে পৰি গৈছিল আৰু ট্ৰেইন খনে ব্ৰেক মৰাত উচপ খাই সি বাস্তৱ জগতলৈ ওভতি আহিল।...

(২)

           অৱশেষত ট্ৰেইনখন ৰাজ নামিবলগীয়া ষ্টেচনটো পালেহি।নিজৰ ঠাই ডোখৰ পাই নামি আহিল।দীঘলীয়া উকি এটা মাৰি ট্ৰেইনে নিজৰ গতি ললে।নিজম পৰি থকা সৰু ষ্টেচনটোত ৰাজ আৰু ৰেলৱে কৰ্মী জনৰ বাহিৰে আন কোনো নাই।ৰেলৱে কৰ্মীজনেও নিজৰ কোঠালৈ গ'ল।আৰু ট্ৰেইন নাহে চাগে।ৰাজে হাত ঘড়ীটোলৈ চালে।নিশা এঘাৰ বাজিছে।তাৰ বৰ্তমান ঠিকনা যি তাত এই সময়ত দিনটোৰ আৰম্ভণি হয়।সি কি কৰিম কি নকৰিম ভাবিবই পৰা নাই।এনেতে সি পাঁচ শ মিটাৰ মান দুৰত সৰুকৈ পোহৰ এটা দেখিলে।সি পোহৰটোৰ দিশে খোজ দিলে।এটা ভগা জুপুৰি।জুপুৰি মানে পেলনীয়া কাৰ্টুনৰ কাগজৰ বেৰ।কলা পলিথিনেৰে চাল খন।পেণ্ডেলৰ খোটা ।এফালে বেকা হৈ যোৱা বাবে ঠেকা দি থৈছে।দৰ্জা নাই,পোৰনা পেণ্ডেলৰ কাপোৰ এখন ওলমাই থৈছে।ক্ষীণ পোহৰ এটা আছে বাবেহে ভিতৰত মানুহ আছে বুলি ধৰিব পাৰিছে।ওচৰলৈ গৈ ৰাজে মাত দিলে।ভিতৰৰ পৰা তে'ৰ-চৈধ্য বছৰীয়া ছোৱালী এজনী দৰ্জাৰূপী কাপোৰ খন দাঙি উলাই আহিল।ক্ষীণ পোহৰত ছোৱালী জনীৰ মূখ খন দেখি তাৰ কিবা চিনাকি চিনাকি লাগিল।আউলি-বাউলি হৈ থকা চুলি খিনি।মুখখন লেটেৰা হৈ আছে।পিন্ধনত পুৰণি মলিয়ন ফ্ৰক এটা।চকু দুটা মোহাৰি মোহাৰি সুধিলে,"কি হ'ল বাবু ?"ৰাজে নিজৰ গাওঁ খনৰ নাম কৈ তালৈ যাব লাগিছিল বুলি ক'লে।তাই এতিয়া একো সুবিধা নাই বুলি কোৱাত ৰাজৰ চিন্তা হৈ গ'ল।ৰাজে ভোক লাগিছে বুলি কোৱাত তাই সোমাই আহিবলৈ ক'লে।ৰাজ সোমাই গ'ল।ভিতৰত এফালে মাটিতে কাগজ আৰু বস্তা পাৰি ভোবোকা দাড়ীৰে বয়সস্থ মানুহ এজন শুই আছে।মদ খাই আছে চাগে।উশাহ-নিশাহত গোন্ধ উলাইছে।এটা ফালে আৰু এখন বস্তা পাৰি থোৱা আছে,সম্ভবতঃ ছোৱালী জনী তাতে শুৱে।সি ছোৱালী জনীৰ নাম সুধিলত ৰাজু বুলি ক'লে।ৰাজৰ বুকুত কিবা এটা বিষ অনুভৱ হ'ল।সি একো নোখোৱাৰ বাবে গেছ হৈছে বুলি ভাবিলে।ভিতৰত থকা বিলাহী কাৰ্টুন এটাৰ ওপৰত বহিব দিলে।ৰাজুৱে কেৰ'চিনৰ ষ্ট'ভ জলালে।চাহ একাপ বনাই বন বিস্কুট এটাৰ সৈতে দিলে।এয়া কোন ?ওচৰত শুই থকা মানুহ জনলৈ চাই ৰাজে সুধিলে।

     "দাদু"।ষ্ট'ভ নুমোৱাই চুটিকৈ উত্তৰ দিলে।

       এতিয়া গাঁৱলৈ যোৱাৰ সুবিধা নাই।পুৱা তিনি বজাত গাৱঁলৈ শাক-পাচলি, মাছ আনিবলৈ চহৰৰ পৰা গাড়ী এখন যাব।আপুনি ইচ্ছা কৰিলে যাব পাৰিব।এতিয়া আপুনি যাওক, মই শুৱ লাগে।

          ৰাজে ইয়াতে থাকিব পাৰিম নি সুধিলে।ৰাজুৱে পাৰিব বুলি ইংগিত দি দৰ্জাৰূপী কাপোৰ খন দুয়ো ফালৰ খোটাৰ তাঁৰত লগাই দিলে।মানে দৰ্জা বন্ধ।ৰাজে নিশাটো তাতে কটালে।

(৩)

           তিনি মান বজাত ৰাজে কাৰ্টুনত বহি থকাৰ পৰাই বাহিৰত গেলন ,টিন আদিৰ ঘুটুং-ঘাটাং শব্দ শুনিবলৈ পালে।ৰাজূ অসমীয়া বৰ্ণমালাৰ "দ" ৰ দৰে নিদ্ৰা দেৱীৰ কোলাত পৰি আছে।পিন্ধি থকা ফ্ৰকটো আঁঠুৰ ওপৰলৈকে উঠি আছে।পোহৰ কম বাবে স্পষ্টকৈ দেখি পোৱা নাই।দাদুক প্ৰথম যেনে দেখিছিল তেনেকৈ পৰি আছে।শব্দ শুনি বাহিৰলৈ ওলাই আহি দেখিলে মানুহ দুজনে টিন আৰু গেলন লৈ ৰৈ আছে।এজনে বিড়ি জলাইছে।এজনে বেগ এটা পৰীক্ষা কৰিছে, সম্ভৱতঃ যাৱতীয় সামগ্ৰী কেইপদ আছে নে নাই চাইছে।মাটি কঢ়িওৱা গাড়ী এখন জোৰকৈ হৰ্ণ দি বিকৃত শব্দৰে ৰ'লহি।গাড়ীৰ মাত শুনি ৰাজুৰ টোপনি ভাঙিল।উলাই আহি দ্ৰাইভাৰ জনক গালি দিলে।সিহঁতে হাঁহিলে আৰু দ্ৰাইভাৰ জনে হাঁহি হাঁহিয়েই ক'লে,"ৰাতিপুৱাই তোৰ গালি কিটা নেখালে দিনটো ভালকৈ নেযায় অ।"

      ফনি নাই অহা যে, ৰাজুৱে সুধিলে।

      আহি আছে।যোৱা ৰাতি বেচিকৈ খাই ঘৈণীয়েকৰ লগত তৰ্কা-তৰ্কী লগাত দেৰিকৈ শুৱা বাবে উঠা দেৰি হ'ল।তই চাহ বনা।আগৰ পৰাই ৰৈ থকা এজনে ক'লে।

       অলপ পিছত ৰাজুৱে আঁঠ কাপ চাহ লৈ আহিল।ইতিমধ্যে ফনিও আহি পালেহি।

         কি অ ফনি,কালি চিনেমা বনালি বোলে।ৰাজুৱে ফনিক সুধিলে।

         এহ, নকবি আও ,সেই জনীক ঘৰলৈ খেদি দি তোকে লৈ যাব লাগিব।ফনিয়ে ক'লে।

         ল' চাহ খাই ল'।

         ৰাজুৱে ৰাজলৈও চাহ একাপ আগবঢ়াই দিয়াত আটাইকেইজনে তালৈ থৰ লাগি চালে।

        দ্ৰাইভাৰ জনে বহনি কৰ বুলি ৰাজুক দহ টকা এটা দি গাড়ীত বহিলগৈ।বাকী কেইজনে আহি দিম বুলি কৈ গাড়ীত টিন গেলন উঠালেগৈ।

        ৰাজুৱে দ্ৰাইভাৰক ক'লে যে মোৰ মানুহ এজন আছে লৈ যা।তাৰ গাঁও খনৰ নামটো কৈ দিলে।

       দ্ৰাইভাৰ জনে ভদ্ৰ ভাৱে ৰাজুক আহক বুলি ক'লে।

       ৰাজে ৰাজুক টকা পাঁচ শ উলিয়াই দিওঁতে তাই ক'লে ,"বাবু, কাৰো সহানুভূতি নালাগে, বিশ টকা দিয়ক।"

        ৰাজে মৰমত দিয়া বুলি ক'লে।

        এনেধৰণৰ মৰম নালাগে বাবু,আপোনাৰ ছোৱালীৰ দৰে মোক ঘৰলৈ লৈ যাব পাৰিব?নোৱাৰে নহয়।নালাগে।

ৰাজুৰ কথা কেইটাই ৰাজৰ বুকু ভেদি গ'ল।বিশ টকা এখন দি সি গাড়ীলৈ গ'ল।

         বিকৃত শব্দৰে গাড়ী ষ্টাৰ্ট দিলে।

 (খণ্ড নং-৪)

        প্ৰায় এঘণ্টামান গাড়ীৰ থেকেচনি,বিড়ীৰ গোন্ধ, অশ্লীল শব্দ প্ৰয়োগ কৰা ধেমালি শুনি গৈ সিহঁতৰ গাঁৱৰ নামঘৰৰ সন্মুখত ৰখাই দিয়াত সি নামি গ'ল।পোহৰ হ'বলৈ ধৰিছে।দুই এজন ঘাটলৈ গৈছে।যুৱক কেইজনমানে দৌৰিছে।গাওঁ খন কিছু সলনি হ'ল।নামঘৰৰ ওচৰৰ ঘৰটোৰ ওপৰত খেৰৰ সলনি টিন লাগিছে।নামঘৰত মুৰ দোৱাঁই ৰাজ আগবাঢ়ি গ'ল।কিন্তু এয়া কি,সিহঁতৰ ঘৰটো নাই যে।সিহঁতৰ ঘৰটোৰ ঠাইত কিবা সংঘ এটাহে আছে চোন।ওচৰলৈ গৈ দেখে যূৱক সংঘ।ইতিমধ্যে সম্পূৰ্ণ পোহৰ হৈছে।ল'ৰা এজনে গাই এজনী এৰাঁল দিবলৈ আহিছে।ৰাজে আগবাঢ়ি গৈ সুধিলে,"ভাইটি, এইখিনিতে যে এটা ঘৰ আছিলে কি হ'ল আৰু ঘৰটোত থকা মানুহ গৰাকী ক'ত গ'ল ?"

          অ' আপুনি আমাৰ সংঘৰ আইতাৰ কথা কৈছে, সৌ পিছফালৰ ঘৰটোত থাকে।

          ৰাজ ঘৰটোৰ ফালে আগবাঢ়ি গ'ল।ঘৰটোৰ দোৱাৰ খন খোলা আছিল।

          ঘৰত কোন আছে?ৰাজে মাত দিলে।

           ভিতৰৰ পৰা মানুহ এগৰাকী ওলাই আহিল।ৰাজে দেখি চিনি পাই ৰৈ থাকিব নোৱাৰি সাবটি ধৰি হুকহুকাই কান্দি উঠিল।সাবটি ধৰাৰ পৰা এৰি দুয়ো দুয়োকে চালে।মাকৰ আগৰ সেন্দুৰীয়া চেহেৰাটো নাই।চুলি পকিছে।দাঁত সৰি গাল দুখন সোমাই গৈছে।গাৰ চাঁদৰ ফটা যদিও চাফা।ৰাজে মা বুলি আকৌ সাবটি ধৰিলে।তেতিয়াহে মাকে চিনিব পাৰি হুকহুকাই কান্দি জোৰেৰে সাবটি ধৰিলে।দুয়ো ধৰা-ধৰিকৈ ভিতৰলৈ সোমাই গ'ল।ৰাজক চাঙতে বহিবলৈ দি মাক নাদৰ পাৰলৈ গ'ল।পানী এবাল্টি তুলি বাহিৰ গাটো তিয়াই তিয়নিখন সলাই জুহালত জুই জলাবলৈ ধৰিলে।জুহালৰ পৰাই ৰাজক কাপোৰ যোৰ সলাই মুখ হাত ধুই ল'বলৈ ক'লে।ৰাজে পিন্ধি থকা কাপোৰ খুলি মাকৰ চাঁদৰ এখন পিন্ধি নাদৰ পাৰলৈ গ'ল।কলা এঙাৰ এটুকুৰা লৈ দাঁত মাজিলে।লগতে গা টোও ধুই ল'লে।ভিতৰলৈ আহি মাকে সজাই থোৱা কোমল চাউল আৰু গুড়ৰ সৈতে ৰঙা চাহ খালে।মাকৰ চকু তেতিয়াও জলজলীয়া হৈ আছে।তই অলপ ব'হ বুলি কৈ হাতত বেগ এটা লৈ বাহিৰলৈ যাব উলোৱাত ৰাজে হাতত ধৰি ক'লে ,"ৰ চোন কথা এষাৰ পাতিবলৈ ও সময় নাই নেকি?"

           কথা পাতিম,সংঘৰ চাবিটো দি আহোঁ আৰু তই ভাল পোৱা মাছ দুটামান লৈ আনি আজি দিনটো কথা পাতিম বুলি খৰধৰকৈ ওলাই গ'ল।

          ৰাজে কিবা ক'বলৈ সুবিধাই নাপালে।জলপান খাই ৰাজে চাঙ খনত পৰি দিয়াত টোপনিয়ে হেঁচা মাৰি ধৰিলে।(আগলৈ...)


 ✍️ৰাজীৱ দাস
🏘️তিনিচুকীয়া

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now