বিষাদৰ সপোন - চিন্ময় দাস

(৪)

বিষাদৰ সপোন -  চিন্ময় দাস, Assamese Story By Chinmay Das, Assamese Sad Story, Assamese Love Story, অসমীয়া সাহিত্য,অসমীয়া গল্প,

মোৰ বন্ধু অনুৰাগ, আৰু দুজন আছিল মহিম আৰু দেৱাংশ। কলেজৰ খালী পিৰিয়ড আমি চাৰিও বহি অনুৰাগ-অংকিতাৰ গান গাই আছো। হঠাৎ মহিমে মাত লগালে, "সেই অংকিতা যেন তোমৰ কোনোবা বুকুৰ আপোন, হেৰুৱাব লাগিলে যেন তোমাৰ হৃদয় ভাঙোন।", সকলোৱে হাঁহিলে কিন্তু মহিমে কিছু সচেতনতাৰে আমাৰফালে চাই ৰ'ল। মহিম বৰ গহীন প্ৰকৃতিৰ, তাৰ দেউতাক জ্যোতিষি আছিল বাবে সিও কিছু জ্ঞান আহৰণ কৰিছে দেউতাকৰ পৰা। সেয়ে তাৰ কথা আমি গণ্য নকৰাকৈ নাথাকো। এদিনৰ কথা, আমাক কলেজৰ পৰা ঘৰৰ কাম কিছুমান দিয়া হৈছিল, য'ত আমাক নম্বৰ দিয়া হ'ব। দেৱাংশে মহিমৰ জ্ঞান পৰীক্ষা কৰিবলৈ বুলি সুধিলে, " কচোন মহিম, আমাৰ চাৰিওটাৰ ভিতৰত কোনে কিমান নম্বৰ পাব।", মহিমে উত্তৰ দিয়ে, "কোনে কিমান পাব সেইটো ক'ব নোৱাৰিম কিন্তু পদমৰ্যাদা ক'বলৈ চেষ্টা কৰিব পাৰোঁ।", আমি কেইটাই হ'ব বুলি ক'লো। সি প্ৰথমে আমাৰ চেহেৰা, তাৰ পিছত হাতখন চালে। ফলি উলিয়াই কিবা গণনা কৰিবলৈ ল'লে। সি ক'লে, "চাৰিওটাৰ ভিতৰত দেৱ তই প্ৰথম, সিদ্ধাৰ্থ দ্বিতীয়, মই তৃতীয়, আৰু মই অনুৰাগৰতোহে বুজি পোৱা নাই ই আমাৰ তিনিওতকৈ শ্ৰেষ্ঠ, ইয়াৰ জানো কিয় একোৱে দেখোৱা নাই।" আমি ঠাট্টা কৰিছিলো,"এহ তই একো নাজান, এনেই যিটিখন কৈছ তই!" সি একো নামাতিলে, আমি হাঁহিছিলো। কিন্তু পাছদিনা দেখো যে অনুৰাগ তাৰ দেউতাকৰ অসুস্থতাৰ বাবে কলেজ আহিব নোৱাৰিল আৰু ফলাফল ঠিক মহিমে কোৱাৰ দৰে আহিল। মহিম আমাৰ তিনিওতকৈ বুজাবিধৰ আছিল। 

দেৱাংশৰ বিষয়ে কোনোৱে বৰ বেছি নাজানিছিল। মই জনাত মাক দেউতাক একেলগে নাথাকে, সি পেহীয়েকৰ ঘৰতে ডাঙৰ-দীঘল হৈছে। এবাৰ প্ৰায় এমাহমান তাৰ খবৰ নাই। মহিমে আমাক জনালে, তাৰ ৰাশি গণনা কৰোঁতে কিবা বেয়া হোৱাৰ সম্ভেদ পাইছিল।

দেৱাংশক প্ৰথম লগ পাওঁতে হাঁহিৰেই চিনাকি হৈছিলো, কিন্তু জনা নাছিলো তাৰ হাঁহিৰ আঁৰত থকা সমস্যাৰ গ্ৰন্থখনিৰ বিষয়ে। বৰ ৰংহীন পৃথিৱীৰ পৰা ওলাই অহা ল'ৰা আছিল। ৰংহীন কিয়নো, মাকে যে বহু পুৰুষৰ মুহুৰ্তবোৰ ৰঙীন কৰি তুলিছিল.....

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now