বিষাদৰ সপোন - চিন্ময় দাস

(২)

বিষাদৰ সপোন -  চিন্ময় দাস, A Assamese Story By Chinmoy Das


জলজলীয়া দুটি নয়ন মোৰ, মাথোঁ শেৱালিৰ সেই মিচিকনিত আতুৰ, বুকুৰ মাজৰ ৰে'লখনি মোৰ বাহিৰেনো কোনে দেখিছিল, শেৱালিক এৰি। তাতে সেইদিনা মই দেখিছিলো তেওঁক, দুহাতে দুহাত ধৰি তেওঁ আৰু শেৱালি। চকুৱে চকুৱে শেৱালিৰ লগত কথা হ'ল, যেন তাই মোক কিবা ক'ব বিচাৰিছিল। মনত পৰিবলৈ ধৰিল সেই মুহূর্তবোৰ-- লাইব্ৰেৰীত একেলগে পাৰ কৰা সময়বোৰ, তাইক দিবলৈ নিয়া ফুলপাহ আজিওযে মোৰ ডায়েৰীৰ ভাজত আছে, মৰহা নাই ফুলপাহ, মৰহিল যদি পাতখিলা, যি পাতত আছিল বেদনাৰ বহু কাঁইট। 

এইবাৰ পাল পৰিল মোৰ, তাই আহি মোৰ হাত ধৰি সুধিলে, "ঐ, সি মোক ভাল পাওঁ বুলি কৈছে, কি কৰো কচোন?"

মোৰ ভৰি তলৰ মাটি যেন হীন হৈ পৰিল। ভাবি নাপলো কি কৰোঁ, তেওঁৰ তুলনাত মই শূণ্যতাৰ বাসিন্দা, গুণে-গানে তেওঁ যেন সূৰ্যৰ কিৰণ, সেয়ে হয়তো তেওঁৰ নাম ভাস্কৰ। মোক বৰ মৰম কৰিছিল। মইও তেওঁৰ আগত সন্মানেৰে মূৰ দুৱাওঁ। মই শেৱালিক ক'বলৈ বাধ্য হ'লো, "তুমি তেওঁৰ হৈ যোৱা।", তাই আকৌ সুধিলে, মোৰ মনে যেন কথা সলাবলৈ আদেশ দিছিল, কিন্তু মই জানিছিলো যে মই যোগ্য নহয়। কিন্তু সঁচা মৰমৰ বিনিময়ত তাইৰ পৰা শুনিবলৈ পালো যে তাইৰো মোৰ প্ৰতি কিছু দূৰ্বলতা আছিল। ভাল লাগিছিল যদিও বচন আৰু সময় ঘূৰিতো নাহে। 

দিন বাগৰিল। বৰ্তমান আমি সকলো ভাগ ভাগ হৈ নিজ নিজ শিক্ষাৰ উচ্চতা বঢ়াবলৈ কলেজত নাম লগোৱা হ'ল। কোনোৱে যোগ্যতাৰ অভাৱত, কোনোৱে টকাৰ অভাৱত মনে বিচৰা কলেজত শিক্ষা গ্ৰহণৰ সুবিধা নাপালে। প্ৰথম বিভাগত উত্তীর্ণ হৈছিলো যদিয়ো মধ্যবিত্ত পৰিয়ালৰ সন্তান বুলি চৰকাৰী কলেজতে পাঠ গ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিলো। যদিও মন আন কৰবাত আছিল, দেউতাৰ মুখত শুনি থকা বাণীয়ে মনতো স্থিৰ কৰে, "যোগ্য, ভোগ্য, বসুন্ধৰা।"

পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰিছিল, কিন্তু সঠিক শিক্ষাৰ যেন অভাৱ অনুভৱ হৈছিল। ঘৰৰ ডাঙৰ সন্তান বুলি মোক লৈ বহু সপোন ৰচিছিল। মই নিজকে বিশ্বাস দিবলৈ আৰম্ভ কৰিলো, নিজকে সফলতাৰ শিখৰত পোৱাইহে সকাহ পাম। মই আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিলো। মনতো গভীৰ হৈ পৰিল। বন্ধু-বান্ধৱৰ চিন কৰিলো, যিকেইজন আছিল যেন মোৰ প্ৰতিচ্ছবি তাহাত। ভাল লাগিছিল তাহাতৰ সৈতে সময় অতিক্রম কৰি। তিনিজন বন্ধু আছিল। সকলোৰে কাহিনী আছে। প্ৰথমে আহিল একাদিক্ৰমে সাহিত্যিক, সংগীতকাৰ, গায়ক, ক্ৰিকেট খেলুৱৈ তথা শ্ৰেণীত অৱল অহা ছাত্ৰজন, অনুৰাগ, মোৰ প্ৰিয় আছিল। অনুৰাগৰ প্ৰেম কাহিনী বৰ অদ্ভুত আছিল। পূৰ্ণিমাৰ ৰাতি তৰাক মাতিলে, অমাবস্যাৰ ৰাতি ডাৱৰেও ঘেৰিলে....

(আগলৈ)


Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now