বিষাদৰ সপোন - চিন্ময় দাস

(৩)

বিষাদৰ সপোন -  চিন্ময় দাস, A Assamese Story By Chinmoy Das

সেইদিনা এক অনুষ্ঠানৰ বাবে অনুৰাগ আৰু মই কাষৰ চহৰলৈ গৈছিলো, য'ত সি গান গাব। মই শ্ৰুতাৰ মাজত,সি ষ্টেজত সকলোৰে চকুৰ আগত। সেউজীয়া গীতাৰখনত তাৰ বগা হাতখন, পৰিধান কৰা কাপোৰ তথা তাৰ চকুত বিজুলি, হাঁহিত চমক। সি আৰম্ভ কৰিব লওঁতেই অলপ পৰ ৰৈ থৰ লাগি মোৰ ফালে চাই ৰ'ল। মই তাক ভংগীৰে গাবলৈ ক'লো, কিন্তু আছল কথা পাছফালে ঘূৰি চাওঁতেহে জানিলো। ময়ো থৰ লাগি গৈছিলো তাইক দেখি। তাইও অনুৰাগক একেৰাহে চাই আছিল। তাইক কোৱা শুনিলো--"গোৱা আক!" মই ঘূৰি অনুৰাগক চালো। গীতাৰৰ ধ্বনি, মধুৰ ধ্বনি, 

         "মৌন কল্পনাৰ শান্ত ঢৌ তুমি;

           জিয়া বুকুত ৰহন-সনা মৌ তুমি;

           মনৰ সেই তুমি,

           মোৰ তুমি.... "

তাৰ গান শেষ হওঁ মানে মই উঠি তাৰ কাষ চাপিলো। হাত চাপৰিৰ গুণগুণণি, ৱাহ! ভাল লাগিছিল। সি মোৰ ওচৰলৈ আহিল কিন্তু তাৰ চকু ভিৰত। মই জানিছিলো কিয়। কোনোবাই অনুৰাগৰ পিঠিত টুকুৰিয়াই মাতিলে। ঘূৰি দেখে তাইক, যাৰ আদেশত সি গাবলৈ আৰম্ভ কৰিছিল। 

"Hi অনুৰাগ, বহুত ভল লাগিল তোমাৰ গান শুনি।", এইদৰে কৈ তাই হাতখন আগ বঢ়ালে, অনুৰাগেও ধন্যবাদ জ্ঞাপন কৰি হাত মিলালে। কিন্তু তাৰ অনুভৱ যেন প্ৰকাশ নাপালে। আমি ঘৰমূৱা হ'লো। অনুৰাগে গোটেই ৰিংটোত কেৱল সেই ছোৱালীজনীৰ কথাই কৈ থাকিল। তাৰ কথা শুনি মোৰ হাঁহি নৰৈছিল। তাৰ প্ৰথম প্ৰেম, অচিনাকি, অপৰিচিত।

দিন বাগৰিল। আমি পঢ়াত ব্যস্ত হৈ পৰিলো। অনুৰাগে এবাৰ পঢ়িবলৈ বহিলে সকলো পাহৰি যায়, ভোক, পিয়াঁহ একোহে তাক আমনি কৰিব নোৱাৰে। সেয়ে হয়তো সি শ্ৰেণীৰ অৱল ছাত্ৰ। 

তাৰ ক্ৰিকেটৰ প্ৰতিযোগিতা হৈ আছিল। মই উপভোগ কৰি থাকোতে ষ্টেডিয়ামৰ ইটো মূৰত দেখিলো এখনি চেহেৰা, যি চেহেৰা হয়তো মই আগেও দেখিছো। চাওঁতে চাওঁতে প্ৰতিযোগিতাৰ অন্ত পৰিল, অনুৰাগহঁতৰ দলে জয়লাভ কৰে। অনুৰাগে মোক লগ ধৰি ক'লে, তাৰ হেনো মনত পৰিছে সেইগৰাকীলৈ যিয়ে তাইৰ চেহেৰা তাৰ বুকুত অংকিত কৰি গ'ল। মনত পৰিল মোৰ সেই চেহেৰা। তাক কওঁ-নকওঁকৈ কৈ দিলো যে মই তাইক দেখিছিলো। তাৰ মনতো উৎপাত লাগি গ'ল। সি মোক ক'লে, " বন্ধু, তাইক বিচাৰো ব'লা। তাই হয়তো উচৰে-পাজৰেই আছে।", অনুৰাগৰ অনুভৱ বুজিব পাৰি দুয়ো সেই ছোৱালীগৰাকীৰ সন্ধানত উলালো। কিছু পৰৰ পাছত কোনোবাই মোক পিঠিত টোকৰিয়ালে। মই ঘূৰি দেখিলো যে তাই আমাৰ সন্ধানমতী। মই ক'লো, "অঃ! আমি তোমাকে বিচাৰি আছিলো।" তাই আচৰিত হ'ল, "মোক,হেঃহেঃ! তোমাৰ নাম কি?", " মোৰ নাম সিদ্ধাৰ্থ। তোমাৰ?", "মোৰ, অংকিতা। শুনা আক', মইযে অনুৰাগক লগ কৰিব বিচাৰিছিলো, কিন্তু বৰ্তমান মোৰ হাতত সময় নাই। এই চিঠিখন তুমি অনুৰাগক দি দিবাচোন।" চিঠিখন হাতত ধৰাই তাই গুচি গ'ল। মই অনুৰাগক লগ কৰিলো। চিঠিখন তাক ধৰাই ক'লো, "তোমাৰ বুকুত নিজৰ ছবি অংকন কৰা তাই অংকিতা।".... (আগলৈ)

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now