"মা বৰ ভোক লাগিছে,কিবা এটা খাবলৈ দিয়া না।"-সন্তানদুটিয়ে মাকক খাতনি ধৰিছে।যোৱা দুদিনমান ধৰি সিহঁতৰ পেটত খুদ-কণ এটাও পৰা নাই।ক'ভিড অতিমাৰীৰ বাবে লকডাউন থকাত ৰাজপথ প্ৰায় জনশূন্য।কেৱল চৌদিশে জনশূন্যতা।তাৰমাজতে ৰাজপথৰ কাষতে থকা পদপথত দুটা কুকুৰ পোৱালিৰ বিননি।নাই সিহঁতৰ গৰাকী,নাই কোনো স্থায়ী ঠিকনা।খাদ্যৰ সন্ধানত আজি ইয়াত,কাইলৈ আকৌ কোনোবা এঠাইত।মুঠৰ ওপৰত এক দুৰ্বিষহ জীৱন।
![]() |
ৰাজপথৰ বিননি ✍️হেমন্ত বৰা |
"বোপাইহঁত,ভোক লাগিলেও তেনেকৈয়ে থাকিব লাগিব।ক'তো একো পাবলৈ নাই।মই পালেহে তহঁতক দিব পাৰো,দেউতাৰা থকাহেঁতেন হয়তো এনে দশা নহ'লহেঁতেন।দেউতাই চিকাৰ-তিকাৰ কৰি হ'লেও কিবা খাবলৈ দিলেহেঁতেন।"-এইবুলি কৈ মাকজনীৰ চকুৰ পৰা দুটোপাল লোতক সৰি পৰিল।মাকৰ লোতক দেখি সন্তান দুটায়ো মনত বেজাৰ পালে আৰু মাকক সান্ত্বনা দি ক'লে-"মা,নাকান্দিবা।নিশ্চয় এদিন ভালদিন ঘূৰি আহিব!ভগৱানে আমালৈ চকু মেলি নোচোৱাকৈ নাথাকে।"
ভগৱানৰ নাম ওলোৱাত মাকে ক'লে-"ভগৱানে আমাক নেদেখেও বোপাই।দুঠেঙীয়াবোৰে কণাবিধাতা বুলি এনেয়ে নকয়।"
"তথাপিও মা,এতিয়া ভগৱানেই আমাৰ শেষ ভৰসা।"-এইবুলি কৈ সিহঁত দুটাই সিহঁতৰ ভাষাত ভগৱানক প্ৰাৰ্থনা কৰিলে।
সিহঁত দুটাৰ মাজৰে ডাঙৰটোৱে মাকক ক'লে-"মা,জীৱশ্ৰেষ্ঠ বুলি কোৱা দুঠেঙীয়াবোৰেও দেখোন আমাক সহায় কৰিব পাৰে।সিহঁতকটো আমাৰ মাজৰ কিছুমানে সহায় কৰে।ৰাতি উজাগৰে থাকি ধন-সম্পত্তি ৰক্ষা কৰে,পুলিচৰ কামত সহায় কৰে,বৰফৰ দেশত শ্লেজ গাড়ী টানি মানুহবোৰক পৰম উপকাৰ সাধে।সেইবোৰ কথা পাহৰি গ'লে নহ'ব নহয়।"
"বাদ দে জীৱশ্ৰেষ্ঠ দুঠেঙীয়াবোৰৰ কথা,নামতহে জীৱশ্ৰেষ্ঠ।সিহঁত বৰ অকৃতজ্ঞ জীৱ।উপকাৰীকে অপকাৰ কৰে।তাতে সিহঁতবোৰ বৰ নিষ্ঠুৰ।অক্সিজেন দিয়া সেউজীয়া গছবোৰ কাটি তহিলং কৰি নিজৰ লগতে গোটেই জীৱ-কূললৈ বিপদ মাতি আনিছে।হাবি-বন কাটি ডাঙৰ-ডাঙৰ ঘৰ সাজিছে।একোছা টান চুলিৰ কাৰণে গঁড় ককাইহঁতক হত্যা কৰিছে।সিহঁতৰ পৰা সহায়ৰ কথা আশা নকৰিবিয়েই।"-মাকে ডাঙৰটো পুতেকক ক'লে।
তেতিয়া সৰুটো পুতেকে খঙেৰে ক'লে-"ভালেই হৈছে মানুহবোৰৰ আৰু বেমাৰ হওঁক,গোটেইমখা মৰিলেও কোনো দুঃখ নাই।"
ভায়েকৰ কথা শুনি ককায়েকে ক'লে-"ভাইটি তেনেকৈ নক'বিচোন,সিহঁতৰ মাজতো ভাল আছে।চাবি আমাক কোনোবাই নহয় কোনোবাই সহায় কৰিবই।"
"লাভ নাই বোপাই, দুঠেঙীয়াবোৰৰ সেইকণ সহৃদয়তা নাই।তাতে আমি সিহঁতৰ কোনো কামত অহা নাই।গতিকে সেইবোৰ আশা নকৰাই ভাল।"-মানুহবোৰৰ বিষয়ে মাকে পুনৰ নেতিবাচক মন্তব্য কৰিলে।
এনেতে সিহঁতে দেখিলে যে সিহঁতৰ ওচৰলৈ মুখত মুখা লগাই হাতত গ্ল'ভছ পিন্ধি তিনিজন মানুহ আহিছে।লগত ঢেৰমানে বস্তু আনিছে।
কুকুৰ তিনিটাৰ ষষ্ঠ ইন্দ্ৰিয়ই লগে লগে ইঙ্গিত দিলে যে মানুহকেইটা বেয়া নহয়।সিহঁতৰ ওচৰ পায়েই মানুহ তিনিটাই ঢেৰমানে খোৱাবস্তু উলিয়ালে আৰু সিহঁতক খাবলৈ দি উভতি গুচি গ'ল।
ইফালে মাক আৰু পুতেক দুটাই উদৰ পূৰাই খালে আৰু খাই হোৱাৰ পাছত মাকজনীয়ে ক'লে-"ডাঙৰ বোপাই তই ঠিকেই কৈছিলি যে আজিৰ যুগতো ভাল মানুহ আছে,যাৰ হৃদয়খন দয়া আৰু কৰুণাৰে ভৰা।ভগৱানেও এই ৰাজপথৰ বিননি কাণ পাতি শুনিলে যেন পাওঁ............"
-------------------------•-------------------------
![]() |