![]() |
নিসংগতাত ✍️কৰৱী বৰ্মন কলিতা । অসমীয়া কবিতা |
নিসংগতাত
নিসংগতাত ,
নিৰ্বাসিত জীৱনৰ ছায়া ।
নিসংগতাত ,
নীৰৱতাৰ উমাল কোলা ।
নিসংগতাত ,
বুকুত সাঁচি ৰখা নিৰাশা ।
নিসংগতাত ,
শূণ্য জগতৰ প্লেটফৰ্ম ।
নিসংগতাত ,
জীৱনৰ বিনয়ী বিলাপ ।
নিসংগতাত ,
উৰুঙা ডায়েৰীৰ মলিন পৃষ্ঠাবোৰ ।
নিসংগতাত ,
আপ্ৰাপ্তিৰ আকাশখন
নিমজ চকুহাল
আৰু ঈশ্বৰ সন্ধান ।
------------------࿉-------------------