![]() |
নদী আৰু মই ✍️ তানিয়া মধুকল্য। |
নদী আৰু মই
নদীখনৰ লগত মোৰ
বহু দিনৰেই চিনাকি আছিল
সেই নদীখনৰ পাৰতেই
থকা সৰু উৰুখা পঁজাটোৱে
আছিল মোৰ ঘৰ !
কেতিয়াবা নদীখনৰ পাৰতেই
বহি মই সোৱঁৰিছিলো
নদীখনৰ সতে মোৰ
সুখ- দুখৰ স্মৃতিবোৰ !
কেতিয়াবা জোনাকৰ
শীতল বতাহত বিলীন
হৈ যায় মোৰ উৰণীয়া মন ।
নদীখনেই আছিল
মোৰ সুখ - দুখৰ চিৰ লগৰী
যাবলগীয়াবোৰ কেতিয়াবাই
পাৰ হৈ গ'ল
কিন্তু নদীখনে আজিও মোৰ
লগ এৰি নগ'ল।
বহু ধুমুহা পাৰ হ'ল
প্ৰকৃতিয়ে বহুত ৰং দেখুৱালে
কিন্তু নদীখন আজিও
শান্ত আৰু নিমাত হৈ
বৈ আছে এক অন্তহীন দিশলৈ ।
-------------------࿉-------------------
✍️তানিয়া মধুকল্য
প্ৰথম ষাণ্মাসিক ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া, লক্ষীমপুৰ-৭৮৪১৬১।