শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামীৰ কেইটামান অসমীয়া কবিতা।

শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামীৰ কেইটামান অসমীয়া কবিতা।

 মানৱ জীৱন

শেষ অৰ্ঘ্যৰ শ্ৰদ্ধা জনাম কাক

জীৱনৰ সন্ধিয়া দেখো নিজৰে নামিছে

কোনবা থাকিব সহোদৰ ভাই নে বন্ধু

বুকুৰ আপোন বহুজন আঁতৰি গ'ল

জীৱনৰ কুসুম বনত ফুলিব কি ফুল

বুজা নাই মানুহে আজি

পূৰ্ণিমাৰ জীৱন জ্যোতিৰ হেৰাইছে শুধা

বাজিছে জীৱনৰ ব্যাকুল বীন দুৱাৰ মূখত

সকৰুণ দৃষ্টি আকুলিত প্ৰাণ

সুৰৰ ঝঙ্কাৰত চকুলু সৰিছে।

লাগিছে ভাগৰ জীৱনৰ বন্তি আজি ধিমিক ধামাক

ব্যৰ্থতাৰ সৌৰভে আগুৰি ধৰিছে

বিদায় সম্ভাষণ হয়তো দিবলৈ

নাথাকিব কোনোজন আপোন বুলিবলৈ

সকলো মৰণ পথৰ যাত্ৰি

ক্ষণ গনি শেষ দিনলৈ

বেদনাৰে পৰিছে ভৰি

নুফুলে নুফুলে আৰু পুৱাৰ হাচনাহানা

নাই নাই এই ধৰাৰ বুকুত

নাই কোনোজন আপোন

আলফুলীয়া হাতেৰে ধৰা প্ৰভূ মোক

মাগিছো অভয় দান

পোহৰাই তোলা মোক বুকু ভৰি

অন্তৰৰ কুসুম ফুলক প্ৰদানো অৰ্ঘ

কৰি মিনতি নটশিৰে কৰিছো কাকুতি

অভয় চৰণত দিয়া ঠাই

পূৰ্ণ হওক মানৱ জীৱন॥

   -------------------࿉-------------------

কিমান দিনলৈ মাজুলী হৈ ৰ'বি

কিমান দিনলৈ মাজুলী হৈ ৰ'বি

কিয় জানো মনলৈ আহিল !

নুসুধিব লগা এটা প্ৰশ্ন !

 কিমান দিনলৈ  তই মাজুলী

মাজুলী হৈ থাকিবি ?


কিমান দিনলৈ বহন কৰিবি

সত্ৰীয়া সংস্কৃতিৰ বৈচিত্ৰৰ প্ৰকাশ ?

জাতি জনগোষ্ঠী সমন্বয়ৰ সুন্দৰ প্ৰকাশ ?


তোৰ বুকুত আকাংক্ষিত  সমাজৰ 

ৰূপান্তৰৰ আখৰা ,

বিজতৰীয়া ধৰ্ম সংস্কৃতিৰ পোহাৰ মেলিছে ।


জয়াল পঙ্কিলতাৰ জয়াল পৰিবেশ গঢ়ি

বণিয়াই পৰিছে মেলা

পণ্য সংস্কৃতিৰ আকৃষ্ট জনতা।


তোৰ কিৰীটিৰে সজাবি কাক?

স্বৰ্গদেউ , মহাৰথী , সেনাপতি 

তোৰেই সন্তান 

ধৰমৰ শতৰু বিদেশীৰ পদধুলিৰে পুষ্ট ,

তই কিমান দিনলৈ মাজুলী হৈ থাকিবি ?


শংকৰ মাধৱৰ মিলন ভূমিত 

কেৰলৰ ধ্বনি ! উজ্বল মমৰ পোহৰত,

 সনাতন সংস্কৃতিৰ পতাকা হাততলৈ

গাঁও কেনেকৈ মানৱতাৰ গান 

তোৰ বুকুৰ অমৃত ভাণ্ডাৰ

হেৰুৱাৰ উপক্ৰম।


তোৰ বক্ষত অমানিশাৰ অন্ধকাৰ 

মাজুলীয়াল নিদ্ৰামগ্ন ,

অৱৰুদ্ধ , সংকটাপন্ন বৈষ্ণৱ ধাম।

উদাৰতাৰ তোৰ আকাশ ।


কপটতা মিছা ৰঙেৰে ধৰিছে

চানি।


বৰগীত, বৰতালৰ,ডৱা, শংখৰ ধ্বনি,

ৰাসৰ মধুৰ মুৰুতি ৰূপৰাশি

হেৰাৱ নেকি ৰাইজৰ আৱেগ অনুভূতি ,

তই মাজুলী কিমান দিনলৈ

মাজুলী হৈ ৰ'বি?


কৰুণা সম্য মৈত্ৰীৰ 

মানৱতাৰ গানে 

স্পৰ্শ কৰিবনে আজিৰ জনতাক?

কিমান দিনলৈ মাজুলী হৈ ৰ'বি?

  -------------------࿉-------------------

ভাৱাশ্ৰয়ী

কিয় জানো আপোনবোৰ 

আঁতৰি যায় ,

এইয়া অনুৰাগ নে প্ৰতাৰনা

প্ৰেম নে ঘৃণা 

অৱগুন্থন ভাৱৰ স্পৰ্শ

 অপসৰী সূতাৰে বন্ধা ।


এয়েটো জীৱন 

আৱিছিন্ন ভাৱ ! ভৱা নাই।

আঁতৰি যাবা বুলি,

দিথক নে সপোন উৱাদিহ নাই 

দাপোন খন চুৰমাৰ হৈ গল

বাজিছে সুদুৰত জীৱনৰ 

ওভতনী সুৰ ।


নিনাদিত সপোনৰ সংলাপ

বিশাদৰ ওৰণি 23a7n3,

জীৱন আকাশ আউশীৰ কলাৰে ঢকা,

নিদ্ৰাৰ তন্ময়তা নাই।


নাই অহংকাৰ , অভিমান 

তোষামোদ নহয়,

চঞ্চল হৈ উঠে মন 

অজ্ঞাতে , অলক্ষিতে

তোমাক ভাল পাইছিলো।


যেতিয়া মনত পৰে

বুকুৰ স্পন্দনে সোঁৱৰাই দিয়ে,

কিন্তু তুমি যে আজি লগত নোযোৱা ,


ভৱাই নাছিলো মই

ভাৱত বিভোৰ ভাৱাশ্ৰয়ী মই 

মই দেহ তুমি ছাঁ 

আত্মা যোৱাৰ আগতেই 

তুমি আঁতৰি গলা।

  -------------------࿉-------------------

কবি।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now