![]() |
নিশাৰ অচিন পথিক ✍️ হীৰামনি দাস |
সপোন ৰঙৰ জীৱন তুমি
আকৌ এবাৰ আহিবানে
নিশা মোক জগাবলে
বহু যুগৰ তৃষা তুমি
নাহা কিয় ঘনে ঘনে
অৰ্পণাৰ ভয় লগা বুলি জানি আৰু খং উঠা দেখি কমলে তাইৰ প্ৰিয় গানটো গুণগুণাবলৈ ধৰিলে । সেই সময়তেই মন পৰশা বতাহ এজাকে সিহঁতক চুই গ'ল । ভয় ভয় ভাব এটি মনৰ ভিতৰত ৰাখি কিন্তু কমলৰ আগত নেদেখুৱাই খোজকাঢ়ি গৈ থাকিল । এয়া কি ১ কিঃমিঃ মান খোজকাঢ়ি যোৱাৰ পিছতেই এটোপ দুটোপকৈ বৰষুণ পৰিব ধৰিলে । এতিয়াহে লাগিল লেঠাতো বুলি কৈ কমলে এইফালে সেইফালে চাই দেখে অলপমান আঁতৰত এখন স্কুল আছে । বাইকখন গছ এডালৰ তলত থৈ সিহঁত দুয়োটাই স্কুলখনলৈ দৌৰ দিলে । বৰষুণৰ পৰিমাণ বেছিকৈহে বাঢ়ি গৈ থাকিল । এৰাৰ নামেই লোৱা নাই । এইফালে কাৰোবাক ফোন কৰিবলৈ সেই ঠাইখিনিত নেট নাপায় । দুয়োটাই বৰষুণ এৰিব এৰিব বুলি আধা ঘন্টামান বহি থাকিল । কিন্তু আগতকৈ যেন বেছিহে হৈছে । তেনেতে কোনোবাই ফুচফুচাই থকা শুনি দুয়ো দুয়োৰে মুখৰ ফালে চালে । যদিও দেখুওৱা নাছিল দুয়োজনে মনে মনে ভয় খাই আছিল । আন কোনোবা মানুহো ইয়াত থকা বুলি গম পাই দুয়োৰে ভয় অলপ আঁতৰ হ'ল । দুয়োটাই স্কুলৰ সন্মুখত থকা গছডালৰ ওচৰলৈ গৈ দেখে এজন ডেকা ল'ৰা আৰু ছোৱালী এজনীয়ে কথা পাতি আছে ।
ল'ৰা ছোৱালীহালৰ ওচৰলৈ গৈ কমলেই আৰম্ভ কৰিলে "তোমালোকেও কৰবাৰ পৰা আহি বৰষুণ পাই ইয়াত ৰৈ দিলা চাগে ।" দুয়োজনে পিছফালে ঘূৰি চাই কমলহঁতক দেখি কোন আপোনালোক আৰু ইয়াত কি কৰি আছে বুলি খঙত সুধিলে ? কমলে গাড়ী বেয়া হৈ কেনেকৈ ইয়াত ফচি গ'ল এফালৰ পৰা সকলো ক'লে । লগতে ল'ৰা ছোৱালীহালকো কেনেকৈ ইয়াত ৰবলগা হ'ল বুলি সুধিল ? ছোৱালীজনী সম্পূৰ্ণ নিমাত হৈ আছিল । কিন্তু ল'ৰাটোৱে যি উত্তৰ দিলে কমল আৰু অৰ্পণা দুয়োজনৰেই মুখৰ মাত হৰিল । ইহঁতৰ অৱস্থা দেখি ল'ৰা আৰু ছোৱালীজনীয়ে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে । কমলে অৰ্পণাৰ হাতখন জোৰকৈ সাৱটি ধৰি তাৰ পৰা দৌৰিবলৈ খোজতেই ৰাস্তাত গাড়ীৰ সন্মুখেৰে দৌৰি যোৱা ক'লা মেকুৰীটো আকৌ এবাৰ সিহঁতৰ আগেৰে দৌৰি গ'ল । উজুটি খাই কমলে মাটিত বাগৰি পৰিল । উঠি দেখে যে তাৰ বগা চোলাটো তেজেৰে ৰাঙলী হৈ গৈছে । ল'ৰা ছোৱালীহালৰ ফালে চাই দেখে সিহঁতৰ গাল মুখতো তেজৰ চেঁকুৰা । গাৰ পৰা তেজ নৈৰ দৰে বৈ গৈছে । কমল আৰু অৰ্পণাৰ ভয়তে মুখেৰে এটা শব্দও ওলোৱা নাই । মাথো দুয়ো দুয়োৰে হাতত ধৰি পিছলৈ ঘূৰি নোচোৱাকৈ দৌৰিছেহে দৌৰিছে । এনেতে পিছফালৰ পৰা পোহৰ অহা দেখি দুয়োজনে ঘূৰি চাই দেখে গাড়ী এখন আহিছে । গাড়ীখনৰ সন্মুখত গৈ দুয়োটাই থিয় দিয়াত গাড়ীখন ৰখালে । সিহঁত দুয়োটাই গাড়ীত বহিল । ড্ৰাইভাৰজনে পানীৰ বটল এটা আগবঢ়াই দিলে । ড্ৰাইভাৰজনে ঘটনাতো কি বুলি সোধাত কমলে এফালৰ পৰা সকলো কৈ গ'ল । শেষত গছৰ তলত বহি থকা ল'ৰা ছোৱালীহালে কোৱা কথাখিনি কঁপি কঁপি ক'লে যে সেই ল'ৰাজন আৰু ছোৱালীজনীয়ে দুবছৰ আগতেই বহি থকা গছডালতেই চুইচাইড কৰিছিল । কমলৰ কথাখিনি শেষ হবলৈহে পালে আগফালে হাউলি থকা বাঁহ এডালত ল'ৰা আৰু ছোৱালীজনী ডিঙিত ৰচী বান্ধি হাউলি আছে । সিহঁতৰ গাৰ পৰা বৈ অহা তেজ গাড়ীখনত পৰাৰ লগে লগেই দ্ৰাইভাৰে একো ধৰিবই নোৱাৰিলে গাড়ীখন গৈ সন্মুখৰ গছ এডালত খুন্দা খালে । পিছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই ডাঙৰ ডাঙৰকৈ প্ৰকাশ পালে এক্সিডেন্ট হৈ দুজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু ।
-------------------࿉-------------------
✍🏻হীৰামনি দাস।
স্নাতক ষষ্ঠ ষাণ্মাসিক,থমনা আঞ্চলিক স্নাতক মহাবিদ্যালয়।
ফোনঃ ৮১৩৪০২৫০৪৭।
Porhi Bhal , bhoi duyutai lagil....