যান্ত্ৰিকতাৰ পৰা আঁতৰি দুয়ো বন্ধুৱে নীলিমাৰ অসীমতাক বিচাৰি গ'লো , নীলিমাৰ শেষত মাথোঁ আংশিক হেঙুলেই অঁকা আকাশত মুগ্ধ হৈ বিমূৰ্ততা বাদী স্বপ্নৰ গতিপথত স্তব্ধ হৈ পৰিল ।
: অভিমানী আকাশ অলপ হেঙুল মোকো দিয়া ।
নিয়ৰকণা :পূবেৰুণ ছবিখনেই হঁওক বা পশ্চিমা , নিশ্চয়কৈ কোনোবা নীলিমাৰ শেষত হেঙুলী আভাৰ অন্তিম বিন্দুত অৱস্থিত সূৰুযক চাই ,প্ৰকৃতিৰ নিৰ্ভেজাল সৌন্দৰ্যত বাৰে বাৰে প্ৰেমত পৰো । নাজানো ৰূপ মুগ্ধতাত নে গুণমুগ্ধাত হেৰাই যাও, অথচ মন নভৰেই মন ।যেন কোনোবা অপ্সৰাৰ *কবৰীব কৰবী ফুল পৰি ৰʼল নীলিমাত ।
: সঁচাকৈ প্ৰেমৰ সংজ্ঞা জানো কাৰোবাৰ উপস্থিতি? নহ'বও পাৰে। মুগ্ধতাৰ উৎস যিয়েই নহওক , প্ৰণয়ৰ ফুল পাহ যদি ফুলে ফুলিব দিবা । মোৰ দৃষ্টিত সেন্দুৰীয়া নীলামা মোৰ বাবে প্ৰেম নে আকৰ্ষণ বুজিবলৈ এতিয়াও বহু বাকী ।
নিয়ৰকণা: কাৰোবাৰ উপস্থিত প্ৰেমৰ সংজ্ঞা নহ'লেও অনুপস্থিতিয়ে জানো হৃদয়ক ব্যাকুল নকৰে আৰু বুজিব পৰাকৈ মুহাগ্ধ হেঙুলীৰ অসীমতাক কাৰ সাধ্য আছে? অসীম আবিৰৰ ভগ্নাৱশেষ হে দেখা পাওঁ আমি আৰু হয়তো অভিমানী সেইবাবেই আকাশ। যি প্ৰেম সংজ্ঞাবদ্ধ নহয় ,যি নিজেও অসীম সেই অসীমতাক আকাশৰ নীলিমৰ মাজত হেঙুলী আভাই ধাৰণ কৰে ।
------------------------•-------------------------
বঢ়িয়া