অলপতে NK TV নামৰ বৈদ্যুতিন মাধ্যমৰ চেনেল এটাত লখিমপুৰত আলফাই ১৯৮৭ চনতে একাংশ সমাজ সচেতন নাগৰিক আৰু শিক্ষিত চামক লৈ তিনিকোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা অভিলাসী অথচ আধৰুৱা বজাৰগৃহ প্ৰকল্প সন্দৰ্ভত কৰা এক প্ৰতিবেদন দেখিবলৈ পালোঁ ।১৯৯০ চনত আলফা নিষিদ্ধ ঘোষিত হোৱাৰ সমান্তৰালকৈ বজাৰ প্ৰকল্পটোৰ নিৰ্মাণৰ কামো স্তব্ধ হৈ পৰিল ।স্বাধীন অসমৰ লগতে সাৰ্বভৌমত্বৰ দাবীত অটল নিষিদ্ধ ঘোষিত সংগঠনটোৱে আৰম্ভণিতে সমাজ সংস্কাৰমূলক কাৰ্যসূচী হিচাপে নিবনুৱাৰ কৰ্ম সংস্থাপনৰ উদ্দেশ্যে নিৰ্মাণ আৰম্ভ কৰা বজাৰগৃহটোৰ আন্তঃগাঁথনি এতিয়াও অক্ষত আৰু অসম চৰকাৰে গুৰুত্ব দিলে এটা উল্লেখযোগ্য বাণিজ্যকেন্দ্ৰ হ'ব পাৰে ৮৪ টা দোকানগৃহ থকা বজাৰগৃহটো । যোৱা চৌত্ৰিশটা বছৰে বজাৰগৃহটো মুকলি নহ'ল । বৰ্তমান একাংশ অসৎ লোকে সন্ধিয়াৰ নিৰ্জনতাৰ সুযোগ লৈ পৰিত্যক্ত বজাৰগৃহটোক মদ,ভাং,জুৱাৰ আড্ডাথলীলৈ পৰিণত কৰিছে । সেয়েহে স্থানীয় নাগৰিকসকলে বিচাৰিছে বজাৰখন পুনৰ মুকলি হওক ।একালৰ আলফাৰ সপোনৰ প্ৰকল্প উক্ত বজাৰগৃহটোত গেলা-পঁচা আৱৰ্জনাৰ দ'ম বন্ধাও পৰিলক্ষিত হৈছে । লখিমপুৰ জিলা প্ৰশাসনে পৰিত্যক্ত বজাৰগৃহটোক ৰাজহুৱা সম্পত্তি ঘোষণা কৰি ইয়াৰ আধুনিকীকৰণ তথা পুনৰ মুকলিত গুৰুত্ব দি স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে স্বাৱলম্বনৰ পথ মুকলি কৰিব পাৰে । এই ক্ষেত্ৰত অসম চৰকাৰ আৰু আলোচনীপন্থী আলফা গোটে বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ ।
---------------------࿉--------------------