নিজ প্ৰতিভা আৰু মৌলিক কণ্ঠস্বৰৰ বলত সংগীতৰ পৃথিৱীখনত গায়ক-গায়িকাৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছে । অসমৰ সংগীত ক্ষেত্ৰখনৰ বাবে ই এক আশাৰ বতৰা । নৱপ্ৰজন্মৰ বহু প্ৰতিভাধৰে সংগীতক এতিয়া কেৰিয়াৰ হিচাপেও গ্ৰহণ কৰিছে । সেই কণ্ঠশিল্পী সকলৰ মাজত প্ৰচুৰ সম্ভাৱনা দেখা যায় । মনত বহুত সপোন লৈ গীতৰ বহল মঞ্চখনত খোজ পেলোৱা ধীৰাজ (ধীৰাজ কুমাৰ নাথ)তেনে এক উদীয়মান কণ্ঠশিল্পী । অসমৰ সাংস্কৃতিক জগতখনৰ এটা চিনাকি নাম হৈছে ধীৰাজ। একক কণ্ঠৰ যাদুৰে সংগীতৰ ভাষাত শ্ৰোতাসকলক মোহাবিষ্ট কৰিব পৰা গুণ আছে ধীৰাজৰো । অসমৰ বঙাই গাঁও জিলাত ২০০০ চনৰ ৭ জানুৱাৰীত জন্ম হোৱা ধীৰাজ সৰুতেই সাংস্কৃতিক দিশটোৰ প্ৰতি আকৃষ্ট হৈছিল । ধীৰাজৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ৰঘুনাথ নাথ আৰু ভাৰতী দেৱী।
অলপতে মুক্তি লাভ কৰা ধীৰাজৰ নতুন গীত 'ভাৱনা'ই দৰ্শকৰ মাজত বেছ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভাৱনা গীতটিৰ কথা হিমাংশু শইকীয়া আৰু গীতটি সংগীতেৰে সজাইছে ধৃৰ্তীমান নাথে। শব্দ সংমিশ্ৰন কৰিছে ৰিকিয়ে। গীতটিৰ এটি সুন্দৰ ভিডিঅ'ও ইতিমধ্যে মুকলি হৈছে। গীতটিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে উদীয়মান যুৱ অভিনেতা হিমাংশু শইকীয়া আৰু অভিনেত্ৰী নিলাক্ষী কাশ্যপে। ভিডিঅ'টোৰ পৰিচালনা কৰিছে গৌতম ডেকায়ে আৰু ভিডিঅ'গ্ৰাফী কৰিছে বিজয় ঠাকুৰীয়ায়ে। পোষ্টাৰ ডিজাইন কৰিছে দীজু চৌধৰীয়ে। ইয়াৰ আগত ধীৰাজৰ উন্মাদনা, ৰ'দৰে ফুল, তোমাৰ পৰশ নামেৰে তিনিটা গীত মুকলি হৈছে।
DHRTX নামৰ ইউটিউব চেনেলটিৰ যোগেদি গীতটো সকলোৱে উপভোগ কৰিব পাৰিব। আশা কৰোঁ অসমৰ ৰাইজে গীতটি সুন্দৰভাৱে আঁকোৱালী ল'ব।
DHRTX নামৰ ইউটিউব চেনেলটিৰ যোগেদি গীতটো সকলোৱে উপভোগ কৰিব পাৰিব। আশা কৰোঁ অসমৰ ৰাইজে গীতটি সুন্দৰভাৱে আঁকোৱালী ল'ব।
Tags:
সাংস্কৃতিক