অসম চৰকাৰৰ SUHRID জলপানিৰ পৰা বঞ্চিত হৈছে বহুতো ছাত্ৰ- ছাত্ৰী


সংবাদদাতা, মাজুলীঃ
অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীন হোৱা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ SUHRID নামেৰে এটি জলপানি দিয়াৰ ব্যৱস্থা কৰিছিল। সেইমৰ্মে প্ৰতিবছৰে এই জলপান ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰি থকা হৈছে। কিন্তু দুখৰ বিষয় এইটো যে খেলিমেলি শব্দটো চৰকাৰী কাম কাজবোৰৰ পৰা সহজে আঁ‌তৰি নোযোৱাৰ দৰেই এই  SUHRID (Scheme for education and Medical purpose) জলপানি ব্যৱস্থাটোটো এই শব্দটোৱে লগ নেৰা হ'ল। অসম চৰকাৰৰ দ্বাৰা প্ৰতি বছৰে ৫০ লাখ টকাৰ মাননি এই দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জলপানিৰ বাবে বিধায়ক সকলৰ পুঁ‌জিলৈ আগবঢ়াই আহিছে। সেইমৰ্মে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অৰ্হতাৰ অনুসৰি তেওঁলোকক ক্ৰমে ৫০০০,১০০০০ আৰু ২০০০০ টকাকৈ প্ৰদান কৰা হয়। কিন্তু প্ৰতিবছৰে এই জলপানিৰ পৰা বহুতো ছাত্ৰ- ছাত্ৰীয়ে বঞ্চিত হৈ আহিছে। আচলতে এই ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰি উৰ্ধৰ্তম কৰ্তৃপক্ষই কি সুখ পাই সেইটো নাজানো। কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মন ভাঙি সুখ লোৱাতো একো উচিত কথা নহয়। ইয়াতকৈ ডাঙৰ কথা এইটোৱে যে এই জলপানিটোৰ বাবে বিশেষ কিবা সৰহ শতাংশ নম্বৰ পালেহে লাভ কৰে তেনে কোনো নিয়ম চৰকাৰীভাৱে সন্নিৱিষ্ট কৰি থোৱা নাই। গতিকে কোনটো নিয়মৰ অনুসৰি এই জলপানিৰ লগত জড়িত থকা কৰ্তৃপক্ষই এজন ছাত্ৰ বা ছাত্ৰীক জলপানি প্ৰদান কৰি তাৰ সমপৰ্যায়ৰজনক জলপানি প্ৰদান নকৰাকৈ আছে? অৱশ্যে চৰকাৰী চাকৰিয়াল সকলৰ ছাত্ৰ-ছাত্ৰীয়ে এই বৃত্তি নাপাই বুলি যিটো কথা প্ৰচাৰ হৈছিল তাৰ বিপৰীত কে চৰকাৰী চাকৰিয়াল ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে এই জলপানি পোৱাৰ পৰিলক্ষিত হৈছে। বাকি যিয়েই নহওক চৰকাৰী পইছা, গতিকে কাৰো পকেটৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ছাত্ৰ- ছাত্ৰীয়ে এই জলপানি লাভ কৰিব লাগে। 

সচাকৈ আচৰিত! অতিব আচৰিত!

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now