খণ্ড ২ঃ শঙ্খৰ ধ্বনি
অনন্তভাৱে যেন বিস্তৃত আছিল কুৰুক্ষেত্ৰলৈ যোৱা পথটো — মৃত্যুমুখী ভূমিৰ ওপৰেৰে এখন ৰঙা আঁচল। শ শ মানুহৰ সৈতে ছন্দ মিলাই খোজ বঢ়াই থকা আৰিভানৰ লগতে সকলোৰে ভৰিয়ে ঘাম আৰু নিস্তব্ধতা আঁকোৱালি লৈ ধূলিময় কৰি ডাৱৰ যেন সৃষ্টি কৰিছিল। প্ৰতিটো মাইলত উশাহ গধুৰ আৰু ছুটী হৈ পৰিছিল; চৰাইজাকেও গান গোৱা বন্ধ কৰিছিল। ঘোষণাৰ পঞ্চমটি দিনলৈকে সৈন্যবাহিনী গোট খোৱা দেখা গ'ল।
এসময়ত মৃত হৈ থকা সমভূমিখনে জীৱিত প্ৰাণীৰ দৰে উশাহ লৈছিল — কেঁচুৱাৰ মুখত গজি উঠা দাঁতৰ দৰে তম্বু , অগণন ৰঙেৰে বতাহত হালি থকা পতাকা, দূৰৈৰ পাহাৰৰ পৰা বিজুলীৰ দৰে গুঞ্জৰি উঠা ডবাৰ কোব, বজ্ৰপাত নহয় কিন্তু ৰথৰ চকাৰ ঘূৰ্ণন, লোহাৰ অস্ত্ৰৰ হুলস্থুলৰ ফলত ভূমি কঁপি উঠিল। আৰিভানে এনে দৃশ্য কোনোদিনে দেখা নাছিল। তাৰ বাবে যুদ্ধ আছিল এক অস্তিত্বহীন শব্দ মাথোঁ। কিন্তু কুৰুক্ষেত্ৰৰ আকাশৰ তলত যুদ্ধ হৈ পৰিছিল কেঁচা মঙহ যাৰ বাবে সকলো উদ্বাউল আছিল।
হস্তিনাপুৰৰ পতাকাবোৰ — কমলা বৰণীয়া সোণালী পাৰিৰে প্ৰতীকচিহ্ন থকা — ধুমুহাৰ হতে নাচি আছিল। ইতিমধ্যে দূৰণিৰ মিতিৰ ৰাজ্যৰ সৈন্যবাহিনীও উপস্থিত হ'ল : সিন্ধুৰ ওখ ধনুৰ্বিদ; বহল বুকুৰ গান্ধাৰ জাঠিধাৰী; উত্তৰ দিশৰ পৰা অহা নিৰৱ পৰ্বতীয়া। আৰু বতাহত বিয়পি পৰিছিল নৱনিৰ্মিত ধাতুৰ অস্ত্ৰ, ঘাম, যজ্ঞস্থলীৰ ঘিউ আদিৰ গোন্ধ। ক'ৰবাত যদি পুৰোহিতৰ মন্ত্ৰৰ জপ , ক'ৰবাত কোনো সৈন্যৰ চিঞৰ শুনিবলৈ পোৱা গৈছিল। হাতৰ জাঠিপাত নাঙলৰ দৰে কান্ধত লৈ আৰিভানে এই সকলোৰ মাজেৰে আগবাঢ়িল।
"প্ৰথমবাৰ ?'' হঠাতে ক'ৰবাৰ পৰা কঠোৰ মাত এষাৰ আহিল। ঘূৰি চাই দেখে , বৃদ্ধাৱস্থা পাওঁ-নাপাওঁকৈ থকা , শৰীৰত কটা দাগ আৰু পকা দাড়িৰ এজন সৈনিক ৰথৰ চকাৰ সঁহাৰি লৈ বহি আছিল।
"হয়!" , আৰিভানে উত্তৰ দিলে।
"ভাল , মূৰ তল কৰি ৰাখিবি , বুকু ফুলাই ৰাখিবি , আৰু চকু জপাবৰ সময় নহ'লে ভাল। প্ৰথম যুদ্ধত জীৱনতকৈ বেছি মগজু লগাব লাগে।"
"আপোনাৰ নাম কি মহাশয়?"
"ধৃৱ। একুৰি বছৰ ভীষ্মৰ অধীনত সেৱা আগবঢ়ালো।" থু এখেকা পেলাই ল'লে , "সোনকালে শিকিবি — ইয়াত দেৱতাসকল দৰ্শক, ৰক্তক্ষৰণটো মানৱে কৰিব।"
আৰিভানে মৌনতা ধাৰণ কৰিলে। ধৃৱই কিছু মুহুৰ্তলৈ তাৰফালে চালে আৰু মিচিকিয়া হাঁহি এটা মাৰিলে, "তোৰ চকুলে চাই ক'ব পাৰো যে তই এতিয়াও শান্তিত বিশ্বাস কৰ। সেইটো ধৰি ৰাখিবি, কাৰণ এই কুৰুক্ষেত্ৰই তোৰ পৰা প্ৰথম সেই বিশ্বাসটোৱেই কাঢ়িব।"
সেই সন্ধিয়া শিবিৰবোৰত উখল-মাখল পৰিৱেশ। ডবাৰ কোব, চেকোৰা ঘোঁৰা, কৱচ আদি তৈয়াৰ কৰা হৈছিল। এন্ধাৰ নমোৱা আকাশো যেন জুয়ে উজ্বলাই তুলিছে। যুদ্ধত শ্বহীদ হোৱাৰ ভয় তথা গৌৰৱেৰে গীত গাই সাহস গোটাইছিল আৰিভানে নিজৰ দলৰ শিবিৰৰ কাষতে বহি নিজৰ তাৰোৱালখন ধাৰ কৰি আছিল। নুমাই যোৱা শিখাৰ দৰে বৈদেহীৰ চেহেৰা তাৰ চকুত ভাঁহি উঠিল। শেষবাৰলৈ তাই কোৱা কথাবোৰেই তাৰ কাণত বাজি আছিল, — "মনত ৰাখিব, আপুনি কোন!"
আৰিভানৰ শিবিৰৰ ঠিক সন্মুখতেই আছিল ৰাজকীয় পতাকাৰে চিহ্নিত মহান সেনাপতিৰ শিবিৰ। সি দেখিলে, শুকুলা দাড়ি আৰু মহিমাময় বয়োজ্যেষ্ঠ ভীষ্মই দলপতি সকলক আদেশ দি আছিল। আৰিভানৰ দুচকু শান্ত হৈ ৰ'ল, যেন ফলাফল জ্ঞাত ব্যক্তিজন তাৰ সন্মুখত।
ভীষ্মৰ ঠিক কাষতে থিয় দি আছিল গুৰু দ্ৰোণ, যাৰ ধূলিৰে নিস্তেজ কৱচ। আৰু তেওঁলোকৰ পাছফালে ৰাজকুমাৰসকল – দুৰ্যোধন, অহংকাৰী আৰু অনমনীয়; দুঃশাসন, অহংকাৰৰ অলংকাৰ পৰিধিত শব্দ যাৰ; আৰু সূৰ্য্যৰ দৰে সোণালী, উগ্ৰ আৰু ক্লান্ত অভিব্যক্তিৰ কৰ্ণ।
"জন্মৰ দ্বাৰা নহয়, শৌৰ্যৰে উঠি অহা এজন ৰথীপুত্ৰ, মাতিৰ মানুহ, ৰজাৰ সৈতে যুদ্ধ।" — সৈনিকসকলৰ মাজত কৰ্ণৰ বিষয়ে ফুচফুচনি হ'ল।
এন্ধাৰ নামিল ৰাতি হৈ। শিবিৰবোৰ ম্লান হৈ পৰিল, জোনাকী পৰুৱাৰ দৰে মশালবোৰ উমি উমি জ্বলি আছিল। আৰিভানে শিবিৰৰ বাহিৰতে ঢাৰি এখন পাৰি তৰাবোৰলৈ চাই শুই পৰিল। পৃথিৱীখনে যেন উদ্বিগ্ন হৈ গুণগুণাই আছিল। দূৰৈৰ পৰা পাতলীয়াকৈ পোহৰ উজ্বলি থকা দেখিলে সি। সেই পোহৰ উজ্বলি আছিল পাণ্ডৱৰ শিবিৰত। সি মনতে নীলৰ কথা ভাবিলে — কি কৰি আছে নীলে, খাইছে নাই, শুইছেনে, ঘৰৰ কথা ভাবি আছে নেকি?
"কাইলৈ শংখবোৰ বাজিব।" ধৃৱ আহি আৰিভানৰ কাষ পালেহি, "এই নিস্তব্ধতা হয়তো আকৌ শুনা নাপাবি।"
সেই নিশা আৰিভানৰ টোপনি নাহিল। যুদ্ধৰ উশাহৰ শব্দই এন্ধাৰবোৰ পূৰ কৰিছিল — অস্ত্ৰৰ খলখলনি, ঘোঁৰাৰ স্থানান্তৰ, প্ৰাৰ্থনাৰ ফুচফুচনি। ক'ৰবাত যদি কোনোবাই উচুপিছে, আন ক'ৰবাত কোনো এজনে আতংকক অস্বীকাৰ কৰি জোৰেৰে হাঁহিছে।
ৰাতি পুৱাইছে, ডাৱৰ ফালি তীক্ষ্ণভাৱে কিন্তু লাহে লাহে ৰ'দালি নামিছে। সূৰ্য্যও উদয় হওঁ নহওঁকৈ আকাশখন ৰঙা কৰি তুলিছে। আৰু তেতিয়াই প্ৰথমটো শংখৰ ধ্বনি শুনা পোৱা গ'ল। এই ধ্বনিয়ে সমভূমিতে সাগৰৰ দৰে ঐশ্বৰিক প্ৰতিধ্বনিৰ ঢৌ আনিলে। ভীষ্মৰ শংখ, সিংহনাদ, কৌৰৱৰ হৈ বাজি উঠিল। দূৰৈৰ পৰা অৰ্জুনৰ দেৱদত্তয়ো উত্তৰ দিলে। পৃথিৱীখনক বিভাজিত কৰিব পৰা শংখৰ ধ্বনি।
শাৰীত ঠিয় দি থকা আৰিভানৰ বুকুখন হাতুৰীৰ কোব পৰাৰ দৰে কঁপি উঠিল। তাৰ চাৰিও দিশে সৈন্য তথা যোদ্ধা আৰু দিগন্তত হালি আছিল পতাকাবোৰ। পাছফালৰ পৰা পুৰোহিতসকলৰ মন্ত্রৰ জপ শুনা গ'ল; বতাহে জ্বলি থকা কৰ্পূৰ আৰু তেলৰ গোন্ধ কঢ়িয়াই লৈ ফুৰিছিল। তাৰ সোঁফালে আছিল ম্লান হৈ থকা ধৃৱ আৰু বাওঁফালে হাতত ধনু লৈ কঁপি থকা মাত্ৰ সোতৰ বছৰীয়া এজন যোদ্ধা। আৰু সেই অন্তহীন ৰণভূমিৰ সিপাৰে ক'ৰবাত তাৰ ভায়েক নীল নিশ্চয় একেদৰেই ঠিয় হৈ আছে। বুকু কঁপিছে, চকু ডাঙৰ কৰি প্ৰথমপাত কাঁড়ৰ বাবে অপেক্ষা কৰি আছে।
ডবাৰ কোবত দলপতিসকলে আদেশ দিবলৈ চিঞৰি উঠিল। ঘোঁৰাবোৰো নিজ নিজ স্থানত আহি ৰ'ল। আৰু এসময়ত পথাৰ আৰু নদীৰ লগত হাঁহি থকা হৃদয়খনৰ স্পন্দন ভয়লৈ পৰিণত হ'ল। "আৰিভান!......", কোনোবাই চিঞৰি উঠিল — " তোৰ জাঠিপাত ওপৰলৈ তুলি দে।" কঁপি উঠা হাকেৰে, উশাহ বন্ধ কৰি সি তুলি দিলে। আৰু সেই ক্ষণতেই সকলো পূৰ্বপুৰুষৰ ভাৰ সি কান্ধত তুলি ল'লে। ৰজাৰ ইচ্ছাত — কৃষক, পিতৃ, পুত্র আজি সকলো সৈন্য।
আৰু তেতিয়াই প্ৰথমপাত কাঁড় বতাহত দেখা গ'ল। ধৰ্ম যুদ্ধৰ গীত গাই বতাহ ফালি আকাশত উৰি গ'ল।
দিনটো ধূলি আৰু চকুলোৰে জুৰোলা হৈ পৰিল। আৰিভান যুঁজিছিল, মাথোঁ জীয়াই থাকিবলৈ। জাঠিপাত বেছি টানকৈ ধৰি ৰখাৰ বাবে হাতৰ পৰা তেজ ওলাল। আকাশখন কাঁড়েৰে ধূসৰ হৈ পৰিল, মাটি তেজেৰে ৰাঙলী হৈ পৰিল। তেনেকুৱাতে সি আন এজন আঘাতপ্রাপ্ত সৈনিকক পানীৰ পিয়াঁহত চিঞৰি থকা দেখিলে। সি লৰালৰিকৈ সহায় কৰিবলৈ আগবাঢ়িলে, কিন্তু দেখিলে যে সৈনিকজন পাণ্ডৱৰফলীয়া। সি দ্বিধাবোধ কৰিলে। সৈনিকজনে তাৰফালে চালে — শত্ৰু হিচাপে নহয়, এজন মানুহ ৰূপত, অনুৰোধৰ চকুৰে। আৰিভানে পানীৰ থোপাটো ফালি সৈনিকজনৰ ওঁঠৰ ওপৰেৰে বোৱাই দিলে। সৈনিকজনে মিহি হাঁহিৰে ক'লে, "আপুনি ঘৰলৈ যাওক.... " আৰু তৎক্ষণাৎ তেওঁ নিশ্চল হৈ পৰিল।
সেই নিশা কুঁৱলীয়ে আৱৰা সূৰ্য্যটো মাৰ যোৱাত শংখবোৰ ব৩জি উঠিল — প্ৰত্যাহ্বানত নহয়, শোকত। ধূলি আৰু শুকান তেজেৰে আবৃত হৈ উমি উমি জ্বলি থকা জুইৰ কাষত গৈ আৰিভান কঁপি কঁপি বহিল। কাষতে জাঠিপাত ৰাখিলে। হাত দুখনলৈ চাইসি ভাবিলে — শস্যৰ বীজ সিঁচা এই হাত দুখনে আজি মৃত্যুৰ বীজ সিঁচিছে।
ধৃৱ তাৰ কাষতে আহি ৰ'ল, "ভাল যুঁজিলি আজি।"
"সঁচা নে?", আৰিভানে কৈ উঠিল, "মই নাজানো আমি কাৰ লগত আৰু কিয় যুদ্ধ কৰিছো। মই মাথোঁ চেহেৰা দেখিছো, শত্ৰু নহয়।"
"সেইটোৱেই জীৱনৰ অভিশাপ। সত্য কেৱল মৃতকে জানে, আমি অনুমানহে কৰিব পাৰো।"
বতাহে জ্বলা মাংসৰ গোন্ধ লৈ ফুৰিছিল। দিগন্তও পাতলীয়া ৰঙা বৰণৰ হৈ থাকিল, যেন আজি সূৰ্য্য দেৱতাও অস্ত হ'ব পাহৰিছে। আৰিভানে চকু দুটা মুদি দিলে। শংখবোৰ নিস্তব্ধ হৈ পৰিল, কিন্তু হৃদয়ৰ ভিতৰত সেই শংখৰ ধ্বনিবোৰ দীঘলীয়াকৈ, অন্তহীন, অখণ্ডভাৱে বাজি থাকিল।
যুদ্ধ আৰম্ভ হ'ল, আৰু যেতিয়ালৈকে প্ৰতিজন মানুহে বিজয়ৰ প্ৰকৃত মূল নুবুজে, তেতিয়ালৈকে অন্ত নপৰে।
••••সমাপ্ত••••
(তৃতীয় খণ্ড — "ধূলিৰ সিপাৰে" ১০ জানুৱাৰী ২০২৬ ত মুকলি কৰা হ'ব)
বিঃদ্রঃ - উক্ত লিখনিত অনেক ভুল থাকিব পাৰে, আঙুলিয়াই দিবলৈ আহ্বান জনালো। ধন্যবাদ🙏🏻।
Tags:
Literature
