কুৰুক্ষেত্ৰত ৰক্ত্বাৰিষা(An Assamse Story)- Chinmoy Das

খণ্ড ১ঃ ধুমুহা অহাৰ আগত 

সোণৰ চেকুৰা বিয়পাই হস্তিনাপুৰৰ সূৰ্যোদয় আজি হওঁ-নহওঁ। সুৰীয়া শব্দৰে ধাননিৰ মাজেৰে বৈ গৈছে দৃশদ্বতী নৈ। ক'ৰবাৰ পৰা শংখৰ ধ্বনি শুনা পোৱা গৈছে, মন্দিৰৰ পূজাৰীৰ শংখ, আৰু গাঁৱৰ মানুহবোৰো মুকলি উশাহ লৈ সুমধুৰ নিদ্ৰাৰ পৰা সাৰ পাইছে। 

হাতত কাঁচি লৈ বকিয়াত বহি আছে আৰিভান। নিয়ৰে ভিজাই যোৱা আৰু পকা শস্যৰ গোন্ধ পোৱা গৈছিল — জীৱনৰ গোন্ধ উশাহত পোৱা গৈছিল। আঠাইশ বছৰীয়া আৰিভান, শ্ৰমশীল তথা শক্তিশালী আৰু নম্ৰ, এজন কৃষকৰ পুত্ৰ যিয়ে নিজৰ খেতিৰ বাহিৰে পৃথিৱীৰ আন একো কামনা কৰা নাছিল। সহজ সৰল আৰভানৰ সহজ সৰল জীৱনত আছিল বৰষুণ, শষ্য আৰু পত্নী বৈদেহীৰ হাঁহিৰ ছন্দ। 

বৈদেহীৰ মাতষাৰ সেই পুৱা গোটেই পথাৰযুৰি বিয়পী পৰিছিল — "শুনিছেনে! আজি জলপান কৰাৰ ইচ্ছা নাই যেন পাইছো।" আৰিভানে ঘুৰি চালে আৰু মিচিকিয়াই হাঁহি এটি মাৰিলে। আৰু তাই বকয়াতে ৰ'ল। মেখেলাখন মাটিৰ পৰা এফুটমান ওপৰ উঠাকৈ কঁকালত গুজি লৈ আঁচলখনো কঁকালতে পাক খোৱাই গুজি ল'লে। ডাৱৰে আৱৰা আকাশৰ তলতো তাইৰ চকুযুৰি উজ্জ্বল হৈ আছিল। হাতত তাইৰ আছিল এটি মাতিৰ পাত্ৰ, য'ৰ পৰা গৰম গৰম ভাত-আঞ্জাৰ ভাপ ওলাই আছিল। 

"জানেনে", বৈদেহীয়ে আৰিভানৰ ফালে আগ বাঢ়ি ক'লে, "প্ৰথমে আপুনি অন্নমুঠি গ্ৰহণ কৰিলে শস্যবোৰ পলায় নাযায়।"

"আৰু মই যদি দেৰি কৰোঁ, পলাই যাবও পাৰে।" সি ধেমেলীয়া সুৰত ক'লে, "দেখিছানে, ইমান বেগেৰে বৃদ্ধি পাইছে।"

তাইৰ হাঁহি ৰ'ব নোৱাৰা হ'ল, উৰি যোৱা চৰাইও থমকি ৰ'ল এই মিঠা হাঁহি শুনিবলৈ। 

আৰিভানৰ হাতত পাত এখিলা দি তাই ক'লে, "আপুনি এই ধাননিখনৰ লগত নিজৰ বন্ধুৰ দৰে কথা পাতে।"

"উম.. ", আৰিভানে ক'লে, "আন কোনো নাথাকিলেও এই পথাৰখনেই মোৰ কথা শুনে।"

"আৰু তোমাৰ এই ভাইটোক পাহৰিলা নেকি? মই শুনা নাই নেকি এহ?", পথাৰৰ সিপাৰৰ পৰা মাত আহিল। আৰিভানে মূৰ তুলি দেখিলে যে কান্ধত ডাঙৰি লৈ তাৰ সৰু ভাই নীল আহিছে। শক্তি আৰ সপোনেৰে ভৰা নীলৰ বয়স আছিল উন্নৈশ। খেলেই হওঁক বা যুঁজ, নীলৰ যিদৰে অমোঘ শক্তি আছে, ক্ষমা দান কৰাতো এক অদ্বিতীয় শক্তি আছে। 

"যেতিয়া তোৰ তৰ্ক কৰিব হয়, তেতিয়াহে শুন।", আৰিভানে উত্তৰ দিলে। 

নীলে ডাঙৰিটো কাষতে ৰাখিলে, "মাটিৰ লগত কথা পতাতকৈতো ভালেই। পৃথিৱীখন সলনি হৈছে, মানুহে যুদ্ধৰ কথা পাতিছে আৰু তুমি বহি বহি ধানগুটিৰ আইৰ-বোপাইৰ খবৰ লৈ আছা।"

"এই মাটিখিনিয়েই আমাক খোৱাইছে।" আৰিভানে ক'লে, "যুদ্ধই কেৱল জুইকহে খাদ্য দিয়ে

নীলে হাঁহিলে, "কিন্তু জুইয়ে পোহৰো দিয়ে।"

বৈদেহীয়ে হুমুনিয়াহ কাঢ়ি ক'লে, "আপোনালোকে জলপান কৰক, তৰ্ক নহয়।" আৰু নীলৰ হাততো পাত এখিলা দিলে। 

বকিয়াতে বহি জলপান কৰা তিনিওটাৰে ছাঁ উঠি অহা সূৰ্যৰ লগত চুটি হৈ আহিছিল। গৰুবোৰ চৰিবলৈ আহিছিল। ল'ৰা-ছোৱালীবোৰে পখিলাৰ পাছে পাছে দৌৰিছল। অতি শান্তিপূর্ণ এটা পৰিৱেশ — ইমানেই শান্ত যে 'যুদ্ধ' শব্দটো আন এটা যুগৰ উৰাবাতৰি যেন অনুভৱ হৈছিল। কিন্তু লাহে লাহে উৰাবাতৰিবোৰ ঘন হ'ব ধৰিলে। গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ব্যৱসায়ীসকলে শ্ৰীকৃষ্ণৰ প্ৰশিক্ষণস্থলীৰ পৰা অৰ্জুনৰ ৰথ দেখাৰ কথা পাতিছ, দুৰ্যোধনে লাভ কৰা নাৰায়ণী সেনাৰ কথা পাতিছে, মৰুভূমিৰ শুকান বালিৰ দৰে মিত্রতাৰ স্থানান্তৰ হোৱাৰ কথা কৈছে। বয়োজ্যেষ্ঠসকলৰ মাজত ফুচফুচনি আৰম্ভ হ'ল। 

সেই দুপৰীয়া এজন বয়সস্ত দূত ঘোঁৰাত উঠি গাঁৱৰ চৌহদত প্ৰৱেশ কৰে। বেগাই অহা ঘোঁৰাটোৱে চৌপাশ ধূলিময় কৰিছল। দূতজনে ঘোঁৰাৰ পৰা নামি কঁকালত গুজি থোৱা পত্ৰখন হাতত মেলি লৈ ঘোষণা কৰিলে যে হস্তিনাপুৰে সকলো সক্ষম ব্যক্তিক এখন মহাযুদ্ধৰ বাবে সাজু হ'বলৈ জাননী দিছ — যুদ্ধ ককাই-ভাইৰ, এখনি ধৰ্ম যুদ্ধ। দূতজনৰ প্ৰতিটো শব্দ শিলাবৃষ্টি হৈ সৰিল সকলোৰে দেহত তথা প্ৰাণত। 

সেই নিশা আৰিভানে নিজ আবাসৰ বাহিৰতে বহি আছিল। দৰকাৰ নাছিল যদিও নিজৰ কাঁচিখন ধাৰোৱাই আছিল। মুকলি আকাশৰ তৰাৰ তিৰবিৰণিত কাঁচিখন যেন জিলিকি উঠিছিল। বৈদেহী চুচুক-চামাক কৰি তাৰ কাষলৈ আহিল, "আপুনি যোৱাৰ কথা ভাবিছে হ'বলা?"

আৰিভানে আচৰিতভাবে তাইৰফালে চালে, "মই যাব লাগিব।" অতি কোমল মাতত সি ক'লে, "প্ৰত্যেক নাগৰিকে নিজৰ দেশৰ সেৱাত ব্ৰতী হোৱাতো উচিত।"

"আৰু আপোনাৰ পৰিয়ালৰ কি হ'ব? মোৰ কি হ'ব? মোৰ দেহৰ ভিতৰত বাঢ়ি অহা আমাৰ সন্তানটিৰ কি হ'ব?", চিন্তিতভাবে বৈদেহীয়ে প্ৰশ্ন কৰিলে। 

সি নিথৰ হৈ ৰ'ল, "কি ক'ব খুজিছা তুমি?", তাইৰ পেটৰ ওপৰত তাৰ খালি হাতখন থলে। 

মিচিকিয়া হাঁহি এটি লৈ বৈদেহীয়ে ক'ব লৈছিল, "সময় হোৱা নাই এতিয়াও, কিন্তু আপুনি...."

আনখন হাতৰ পৰা কাঁচিখন সৰি পৰিল। তাইৰ কথষাৰি কাঢ়ি আৰিভানে কৈ উঠিল, "অৰ্থাৎ মই যাব নোৱাৰো!"

"আপুনি নিশ্চয় যাওক।" কঁপি উঠা মাতেৰে কিন্তু স্থিৰ হৈ বৈদেহীয়ে ক'লে, "আপুনি কুৰুক্ষেত্ৰ এৰি শস্যক্ষেত্রতে ৰৈ গ'লে কাপুৰুষৰ বঁটা পাব। আৰু নীল.... "

"নীল বৰ সৰু।", আৰিভান কঁপি উঠিল। 

"সি ইতিমধ্যে সিদ্ধান্ত লৈছে", বৈদেহীয়ে মিহি মাতেৰে ক'লে, " পাণ্ডৱৰ হৈ যুঁজিব। সি কয়, শ্ৰীকৃষ্ণ যাৰ সাৰথি, ধৰ্মৰ বাবে যুঁজা অৰ্জুনৰ নেতৃত্বত যুদ্ধ কৰিব সি।"

এক গভীৰ মৌনতাই চিঞঁৰি উঠিল। দুজন সহোদৰ, এজন হস্তিনাপুৰৰ হৈ যুঁজিব, আনজন ইন্দ্ৰপ্ৰস্থৰ বাবে। 

"তেন্তে মইও নিজৰ তেজৰ বিপৰীতে থিয় হৈ থাকিম," আৰিভানে তিক্তভাবে ক'লে, "এয়া কেনে ধৰণৰ ধৰম সংকট এটা পৰিয়ালক বিভাজিত কৰে?"

বৈদেহী উত্তৰবিহীনভাবে ৰ'ল। ধীৰ বতাহৰ ফিৰফিৰীয়া শব্দ যেন ডবাৰ কোবনি। 

পিছদিনা ৰাতিপুৱাওতেই সৈন্যদল আহিল, ৰাজকীয় বিষয়াসকল আহিল ঘোঁৰাত উঠি। তালিকাভুক্ত পত্ৰখনত থকা নামবোৰ মতিবলৈ ধৰিলে। আৰিভানৰ নাম মাতিলে। সি নিজৰ টোপোলাটি লগত ল'লে : তাৰ পুৰণি জাঠিপাত, সৰু ধনু এখন, এমুঠি ভাত আৰু বৈদেহীৰ ৰঙা আঁচলখনি। 

পাণ্ডৱৰ শিবিৰলৈ যোৱাৰ আগতে নীলে আৰিভানক লগ কৰিব আহিছিল। "ককাই", নীলে চকু তল কৰি মাত লগালে, "যদিও আমি বিপক্ষ সেনাৰ হৈ যুদ্ধ কৰিম, মই প্ৰাৰ্থনা কৰোঁ যাতে তোমাৰ কাঁড়বোৰে মোক বিচাৰি নাপায় আৰু মোৰবোৰে তোমাক।"

আৰিভানে নীলৰ কান্ধত খামুচি ধৰি ক'লে, "মনত ৰাখিবি নীল, ভগৱানে যিয়ে সিদ্ধান্ত লওক, তই সদায় মোৰ ভাই হৈ থাকিবি।"

দুয়োজনে চকুলো বোৱাই ইজনে সিজনক সাবটি ল'লে, হয়টো শেষবাৰলৈ। কুৰুক্ষেত্ৰত ৰক্তৰ বাৰিষা হোৱাৰ আগত স্নেহৰ সোঁতত দুয়ো সাঁতোৰ লগালে। 

আৰিভানে ৰণভূমিৰ দিশৰ দীঘলীয়া বাটটোৰ ফালে ঘূৰি যোৱাৰ আগতে নিস্তব্ধ হৈ গাঁওখন এবাৰলে চালে — পুত্ৰক খামুচি ধৰা মাতৃ, চকুলো ধৰি ৰখা পত্নী, ল'ৰা-ছোৱালী, যেন কেতিয়াও ঘূৰি নহাৰ দৰে প্ৰত্যেকজন মানুহকে চাই ল'লে। বাটৰ লগতে বৈ যোৱা দৃশদ্বতীখন জিলিকি উঠিল; শান্ত সোঁতবোৰ অজ্ঞাত যে অতি সোনকালে ৰাঙলী হৈ পৰিব। আৰিভানে শেষবাৰলৈ ঘূৰি চালে — বৈদেহী দুৱাৰ মুখতে থিয় দি আছিল, এখন হাত পেটৰ ওপৰত আৰু আনখন হাতত আৰিভানৰ টঙালি এখন লৈ তাক বিদায় দি আছিল। সিয়ো বিদায় দিবলৈ বুলি হাত এখন দাঙি ধৰিলে — যুদ্ধা হিচাপে নহয়, এজন স্বামী, ভাই, কৃষক আৰু এজন পিতা হিচাপে যিয়ে এসময়ত শান্তি চিৰন্তন বুলি বিশ্বাস কৰিছিল। 

দূৰৈৰ শংখৰ প্ৰতিধ্বনিয়ে পাতলীয়া বতাহজাককো ধুমুহালৈ পৰিণত কৰিছিল আৰু হস্তিনাপুৰৰ খেতি পথাৰবোৰ সদায়ৰ দৰে ৰৈ থাকিল — বৰষুণৰ পানীয়েই হওক বা তেজ, এই মাটি পান কৰিবলৈ সাজু হৈ আছে। 

সমাপ্ত


(দ্বিতীয় খণ্ড - "শংখৰ ধ্বনি" ২০ ডিচেম্বৰ ২০২৫ ত মুকলি কৰা হ'ব) 

বিঃদ্রঃ - উক্ত লিখনিত অনেক ভুল থাকিব পাৰে, আঙুলিয়াই দিবলৈ আহ্বান জনালো। ধন্যবাদ🙏🏻।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now