বিষাদৰ সপোন - চিন্ময় দাস

(১) 

মধ্যবিত্ত জীৱনৰ বাটটো বৰ পিছল, এখোজ আগ বাঢ়োতেই দুখোজ পিছলৈহে যাওঁ। বৰ্তমান মই যি স্থানত আছো, সেইয়া পাছলৈ উল্লেখ কৰিম। প্ৰথমে মোৰ অতীতৰ কথা কওঁ, যাৰ বাবে মই আজি এই স্থানত আছো। মই সিদ্ধাৰ্থ, মোৰ জীৱনৰ কিছুমান ঘটনা, জীৱন গঢ়াৰ সপোন তথা প্ৰেম সাগৰত মোৰ ভুমুকি। বিলাসপুৰ গাৱঁত মই জীৱনৰ বহু সময় পাৰ কৰিলো। পঢ়া-শুনা চহৰত, সেয়ে জেদ্ আছিল। পঢ়াত ভালেই আছিলো, মানে মধ্যমীয়া। মোৰ চিন্তা-ভাৱনাত অহংকাৰ বাস কৰিছিল। চঞ্চলতা যেন মোৰ বন্ধু আছিল। মোৰ পৰিচয় ইমানতে অন্ত নপৰে, এই কাহিনীয়ে মোৰ পৰিচয় দিব। 

   কথা মোৰ দশম শ্ৰেণীৰ। সৰুৰে পৰা বদমাছ আছিলো যদিও এইবাৰ যেন মই বাল্মিকী হৈছো। দেউতাই কৈ থকা কিছুমান কথা গাত লাগিছে এতিয়া। জীৱনত কি কৰিম এই চিন্তাই আমনি কৰিবলৈ আৰম্ভ কৰিলে। তেনেতে তাইলৈ চাই থাকোতে লাগিল যেন তাই মোক সহায় কৰিব, মোৰ সাৰথি বনিব। শেৱালি, তাইৰ নাম। পঢ়াৰ ক্ষেত্রত মোতকৈ বহু আগবঢ়া। লাহে লাহে মই তাইৰ কাষ চাপিলো। নিজৰ সপোনৰ কথা ক'লো। এদিন তাই সুধিলে, "তই মোৰ লগত ইমান সময় পাৰ কৰ, তোৰ বেলেগ কাম নাই নেকি। এফালেচোন তই তোৰ সপোনবোৰৰ কথা কৈ থাক, এনেকৈ নোৱাৰিবি তই।" যি তাই ক'ব নালাগিছিল, কৈ দিলে আৰু সময় আহিল মোৰ মনৰ কথা কোৱাৰ, "শেৱালি..... মোক ভুল নুবুজিবা, আচলতে মই তোমাৰ লগ লৈ সপোন পূৰাব বিচাৰো। মোৰ সাৰথি হ'বানে?" তাই একো নক'লে। লাজত ৰঙা দুগাল, বতাহত হালি যোৱা তাইৰ কেশ, কম্পন অৱস্থাত তাইৰ ওঁঠ দুপাহিয়ে বহু প্ৰশ্ন মোলৈ বুলি এৰি গ'ল। সেইদিনা আৰু আমাৰ কথা-বতৰা নহ'ল। পাছদিনা তাই নিজে মোক মাতিলেহি, হয়তো তাই জানিছে মোৰ সাহস নাই তাইক মাতিবলৈ। আমি তেতিয়া কেৱল জীৱন আৰু পঢ়াৰ কথা পাতিছিলো। পৰীক্ষা আৰম্ভ হ'ল কোনোৱে কাকো নমতা হ'ল। পৰীক্ষা শেষ হোৱাৰ পাছত মোৰ হৃদয়ৰ কম্মপনতা অনুভৱ কৰিছিলো। তাইক মই দেখিছিলো, তেওঁৰ সৈতে ....... (আগলৈ)

(বিঃদ্ৰঃ এই কাহিনীটো সম্পূৰ্ণ কাল্পনীক)

2 Comments

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now