প্ৰিয় গ্ৰন্থ- অসমীয়া ৰচনা

প্ৰিয় গ্ৰন্থ- অসমীয়া ৰচনা

আৰম্ভণিঃ  আমি অর্থাৎ বৰ্তমান যুগৰ ছাত্ৰসমাজ ভাগ্যৱান। আমাৰ পিতৃ পুৰুষসকলৰ তুলনাত বৰ্তমান কিতাপৰ দোকান, গ্ৰন্থমেলা, পুথিভঁৰাল আদিত আমি আমাৰ আজৰি সময়খিনি পঢ়া-শুনা কৰি কটাবলৈ বিভিন্ন বিষয়ৰ ওপৰত যথেষ্ট সংখ্যক কিতাপ পোৱাৰ সুবিধা হৈছে।  যিখন গ্ৰন্থৰ ৰচনাৰ বিষয় বস্তুৰ ওপৰত গুৰুত্ব দি মোৰ প্ৰিয় গ্ৰন্থৰ স্থানত নিৰ্বাচিত কৰিছো; সেইখনৰ নাম ‘উপলা নদীৰ দৰে।' লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ নিজ প্রতিভাৰে পৰিচিত অধ্যাপক ড° মহেন্দ্ৰ বৰা। পুথিখনি জীৱনৰ পথ পৰিক্ৰমা আৰু এখন স্বয়ংসম্পূর্ণ বিদেশ ভ্ৰমণৰ কাহিনীৰে পৰিপূৰ্ণ গ্ৰন্থ । পুথিখনৰ প্ৰথম প্ৰকাশ ১৯৯০ চন। প্রকাশক অসম বুক ডিপোৰ বিপুল কুমাৰ গুহ। মই কিতাপখন দশমমান শ্ৰেণীৰ গৰম বন্ধত পঢ়িছিলো। কিতাপখন প্ৰথম বাৰ পঢ়ি ইমান আকৰ্ষিত হৈছিলো যে পাছত পুনৰ এবাৰ পঢ়িলো। কিতাপখনৰ নামটোৰ যেনেদৰে এটা আকৰ্ষণ আছে বেটুপাতত থকা লেখকৰ ছবিখনেও নিজস্ব গাম্ভীৰ্য আৰু ব্যক্তিত্ব প্ৰকাশ কৰিছে।

পুথিখন মোৰ কিয় প্ৰিয় গ্ৰন্থ হ'ল : মানুহে জীৱন বাটৰ সঠিক পথ নিৰ্ণয় কৰিবলৈ মহান পুৰুষসকলৰ জীৱনৰ কৰ্মৰাজী অধ্যয়ন কৰা অতি প্রয়োজন। তদুপৰি পুথিখন সৰুৰ পৰা ডাঙৰ হোৱা এজন খিলঞ্জীয়া লোকৰ জীৱনীমূলক গ্ৰন্থ, যাৰ জীৱন বিভিন্ন ঘাত-প্রতিঘাতেৰে পৰিপূৰ্ণ। আন এটা কাৰণ হ’ল ভ্ৰমণ কাহিনী অধ্যয়ন কৰিলে ঘৰতে বহি অন্য দেশৰ মানুহৰ জীৱন যাত্ৰাৰ কথা, উন্নতিৰ জখলাত আগবঢ়াৰ প্ৰকৃত কাৰণ কিছুমান জানিব পাৰি। সত্যনাথ বৰাৰ ভাষাত ক'বলৈ গ'লে দূৰৰ মাণিক হাততে পায়। ‘উপলা নদীৰ দৰে' পুথিখনি জীৱনী আৰু ভ্ৰমণ কাহিনীৰ এখন মধুমিশ্রিত গ্রন্থ। সেয়েহে পুথিখন পঢ়িবৰ বাবে মোৰ মন আকৰ্ষিত হৈ মোৰ প্ৰিয় গ্ৰন্থ এখন ৰূপে হৃদয়, মন আৰু মগজুত স্থান পাইছে।

বিষয়বস্তুৰ চমু আভাসঃ  পুথিখনৰ পাতনিত লেখকে উল্লেখ কৰিছে পুথিখন এখন মূলতঃ ‘আত্মজীৱনী'। পুথিখনত আছে জীৱন নামৰ নেলেখা কবিতাটো বুজা নুবুজাকৈ পঢ়ি যোৱাৰ এক ধাউতি। ক'ব নোৱাৰাকৈয়ে সিবোৰৰ লগতে যোগ হৈ গ'লহি এক বিদেশ ভ্রমণ কাহিনী। ড° মহেন্দ্ৰ বৰাৰ আচল ঘৰ শিৱসাগৰৰ ৰংঘৰৰ কাষৰ ঢুলীয়া পাৰত। কিন্তু জন্ম হৈছিল মাতৃপক্ষৰ ককাদেউতাকৰ ঘৰ টিংখাঙত ১৯২৯ চনৰ ২২ আগষ্ট তাৰিখে। দেউতাক টেলিগ্রাফ প্রশিক্ষণযুক্ত পোষ্ট মাষ্টৰ আছিল। শিশুকালত দেউতাকৰ লগত নুমলীগড়, ছৈখোৱা ঘাট, চাবুৱা আদি ঠাইত থাকোতে সেই ঠাইবোৰৰ স্মৃতি পুথিখনৰ প্ৰথম অংশতে প্ৰকাশ কৰিছে।

জীৱনীমূলক গ্ৰন্থখনত লেখকে জীৱনত লগ পোৱা ডাঙৰ সৰু মানুহৰ সান্নিধ্য অনেক বন্ধুৰ জীৱনৰ মধুৰ স্পৰ্শ অতি আকর্ষণীয় কৰি লিখিছে। পুথিখনত আছে ‘জীৱন নামৰ নেলেখা কবিতাটোৰ মধুৰস্মৃতি, কক্ষটি শিলত গঢ়া জীৱনৰ তিতা, কেহা, জ্বলা মিঠা এক সুন্দৰ মিশ্ৰণ।” পুথিখনত লেখকৰ শৈশৱৰ মধুৰ সোঁৱৰণী, ছাত্ৰ জীৱন, কটনৰ মধুৰ স্মৃতি, চাকৰী জীৱনৰ মিঠা-তিতা-কেহা সকলো কথা সুন্দৰভাৱে প্ৰকাশ পাইছে।

উপলা নদীৰ দৰে আত্মজীৱনীমূলক গ্ৰন্থখনত লেখকৰ ভ্ৰমণ কাহিনীৰ অভিজ্ঞতা অতি আকর্ষণীয় ৰূপত প্ৰকাশ কৰিছে। পুথিখনত লণ্ডন, স্কটলেণ্ডৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে লিখা বিৱৰণীৰ পৰা সেই দেশৰ বহুত কথা জানিব পাৰি।

পুথিখনৰ আৰম্ভণিত দিয়া ফটোবিলাকৰ পৰা লেখকজনৰ ব্যক্তিত্বৰ আভাস পাব পাৰি। পুথিখনৰ আন এটা আকর্ষণীয় দিশ হ'ল প্ৰতিটো পাঠৰ আৰম্ভণিত পৃথিৱীৰ বিভিন্নজন কবিৰ কবিতাৰ পংক্তি উদ্ধৃতিৰে আৰম্ভ কৰিছে। লেখক বৰাদেৱ নিজেও এজন কবি কাৰণে কবিতাৰ সোৱাদ পাঠক সমাজলৈও আগবঢ়াইছে। কলকতাৰ সঞ্চয়ন অধ্যায়টিৰ আৰম্ভণিতে দিয়া নৱকান্ত বৰুৱাৰ কবিতা কলিটিয়ে বিশেষ তাৎপর্য বহন কৰিছে।

‘জীৱন জীয়াই থাকে। তথাপি জীয়াই থাকে।

আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ

অমৃতৰ পুত্ৰ আমি

মৃত্যুস্নাতা হে মহানগৰ।

পুথিখনত অসমৰ হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, বীৰেন ভট্টাচার্য্য, চন্দ্ৰপ্ৰসাদ শইকীয়া আদি বিভিন্নজন বৰণ্যে ব্যক্তিৰ কথাও প্ৰসংগক্রমে উল্লেখ কৰিছে। বৰাদেৱে পুথিখনত চাকী জীৱন আৰু বিভিন্ন অভিজ্ঞতাৰ কথা নিয়াৰিকৈ লিখিছে। ১৯৫৪ চনত দৰং কলেজত ইংৰাজী বিভাগৰ অধ্যাপকৰূপে যোগ দিয়াৰ এবছৰ পাছতে ১৯৫৫ চনৰ

১ জুলাইত কটন কলেজ কটন কলেজত যোগদান কৰে। ১৯৬১ চনৰ জানুৱাৰীৰ ১০ তাৰিখে গোৱালপাৰা  কলেজত অধ্যক্ষৰূপে যোগদান কৰি গোৱালপাৰাত তেৰটা বছৰ কটালে। তাত তেখেতে বৰ 12 বেছি সামাজিক কামত ব্যস্ত হৈ পৰিব লগা হৈছিল।

১৯৭৬ চনৰ মে’ মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্রাধ্যাপক হিচাপে নিযুক্তি গ্ৰহণ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ আসন গ্ৰহণ কৰে। জীৱনৰ বিয়লি বেলাত চিকিৎসাৰ কাৰণে বিলাতলৈ যাব লগা হৈছিল। পুথিখন এখন আত্মজীৱনীৰ লগতে এখন অনুপম ভ্রমণ কাহিনী।

সামৰণিঃ ‘ভাল পালো পৃথিৱীক, ভালপালে মোকো পৃথিৱীয়ে’ পুথিখনত লিখা কবিৰ নিজৰ কবিতা ফাঁকিৰ পৰাই বুজিব পাৰি, লেখকে পৃথিৱীখনক আপোন কৰি ল'ব জানিছিল। পৃথিৱীৰ মানুহক ভাল পাবলৈ শিকিছিল। এজন উচ্চ শিক্ষিত লোক হিচাপে আজীৱন নিজে পুথি অধ্যয়নৰ সোৱাদ লোৱাৰ উপৰিও জীৱনৰ অভিজ্ঞতা খিনি লিখনিৰ জৰিয়তে আনকো ভাগ ল’বলৈ সুবিধা দিয়াতো লেখকৰ মহানুভবতা। আত্ম জীৱনীমূলক গ্রন্থ হিচাপে ড° মহেন্দ্ৰ বৰাদেৱৰ ‘উপলা নদীৰ দৰে' পুথিখনি প্ৰতিজন পাঠকৰ বাবে আদৰণীয়। নৱ প্ৰজন্মৰ বাবেও এইখন পুথিৰ মূল্য অধিক।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now