বিজ্ঞানৰ দান - অসমীয়া ৰচনা

বিজ্ঞানৰ দান - অসমীয়া ৰচনা ৰচনা,  ৰচনা লিখা নিয়ম, ৰচনা class 10, ৰচনা লিখা নিয়ম, ৰচনা ছাত্ৰৰ কৰ্তব্য ৰচনা প্ৰবাহ pdf, অসমীয়া ৰচনা কিতাপ, ৰচনা পুথি

আৰম্ভণিঃ 
মানৱ মনত সৃষ্টিশীলতাৰ বীজ নিহিত হৈ থাকে। মনটোৰ কামনা-বাসনার অন্ত নাই। এটা অভাৱ পূৰ হ’লৈ আন এটা অভাৱে মন অস্থিৰ কৰি তোলে। মানুহে প্ৰকৃতিৰ মাজত অঘৰী অৱস্থাত ঘুৰি ফুৰোঁতে প্ৰকৃতিৰ বুকুত ঘৰ্ষণত সৃষ্টি হোৱা ফিৰিঙটি দেখি জুই উদ্ভাৱন কৰিলে। বনজুইয়ে পোৰা মাংসৰ সোৱাদ কেঁচামাংসতকৈ বেলেগ পালে। বনত পোৱা বিভিন্ন বস্তু জুইত পুৰি খাই ভাল পাইছিল। জুইৰ উদ্ভাবনেই বিজ্ঞানৰ প্রথম পদক্ষেপ। আমি আজি একবিংশ শতিকাত পৃথিৱীৰ বিনন্দীয়া ৰূপ দেখাৰ মূলতে বিজ্ঞানৰ উদ্ভাৱন শক্তি। গেলিলিওৱে আৱিষ্কাৰ কৰা টেলিস্কোপৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ইণ্টাৰনেট, কম্পিউটাৰলৈকে বৈজ্ঞানিকসকলে জীৱনত কৰা কঠোৰ সাধনা- গবেষণা-পর্যবেক্ষণ-পৰীক্ষা-নিৰীক্ষাৰ ফল পৃথিৱীৰ মানৱজাতিয়ে ভোগ কৰিবলৈ পাইছে৷ জীৱনৰ প্ৰতিটো খোজতে মানুহৰ বাবে বিজ্ঞান অপরিহার্য।

বিভিন্ন দিশত বিজ্ঞানৰ দানঃ গেলিলিও, নিউটন, আইনষ্টাইন, জর্জ ষ্টিভেনচন, মাদাম কুৰি, মেৰি কুৰিব পৰা আৰম্ভ কৰি ষ্টিফেন হকিন্সলৈকে বিজ্ঞানীসকলে বিভিন্ন সময়ত বিধে বিধে মানৱ জাতিব হিতব অর্থে উদ্ভাৱন আৰু আবিষ্কাৰ কৰি আহিছে। বর্তমান সময়ত পূৱা উঠি ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা আৰম্ভ কৰি, গেছষ্ট 'ভ, প্ৰেচাৰ কুকাৰ, ফ্ৰীজ, বাছিং মেচিন, চাবোন চাৰ্য, ঘৰত ব্যৱহাৰ কৰা চিমেণ্ট লোহা, টাইলচ্ মাৰ্বল, শৌচাগাৰৰ ক'ম', ঘৰখনৰ লাগতিয়াল প্রায় সকলোবস্তু বিজ্ঞানৰে দান। যাতায়াত সুচলৰ বাবে চাইকেল, মটৰ চাইকেল, মটৰ গাড়ী, বেলগাড়ী, জাহাজ, উৰা জাহাজ বৈজ্ঞানিক সকলৰে অৱদান। ছপা যন্ত্র আবিষ্কাৰৰ ফলত কিতাপ, বাতৰি কাকত, আলোচনী আদি ছপা কৰাৰ কাম দ্রুতগতিত হ'বলৈ ধৰিলে। কুৰি শতিকাৰ শেষৰ ফালে কম্পিউটাৰ আৰু অফুছেট ছপাযন্ত্ৰ আৱিষ্কাৰ কৰাৰ ফলত ছপাৰ কাম বহুত সহজ হৈ পৰিল। ফেক্স আৰু ইণ্টাৰনেটৰ জৰিয়তে বহুত দূৰ-দূৰণিৰ লগত সহজে কাম চলাব পৰা হ'ল। বেডিঅ', টেলিফোন, টেলিভিশ্যন, ম'বাইলফোনৰ আবিষ্কাৰে আজি পৃথিৱীখন জনাব পথ সুগম কৰি তুলিছে।

বৈদ্যুতিক শক্তি উদ্ভাৱনৰ ফলত মানুহে ঘৰখন চকুত চমক লগাকৈ পোহৰাই ৰাখিব পৰা হ'ল। বিভিন্ন কল-কাৰখানাৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা যন্ত্ৰ-পাতিবোৰ বৈদ্যুতিক শক্তিৰে চলাব পৰা হোৱাত মানুহৰ কষ্ট বহুত লাঘৱ হ'বলৈ ধৰিলে। বৈদ্যুতিক শক্তি আৰু কম্পিউটাৰৰ সমন্বয়ত বেংকৰ কামবিলাক কৰিবৰ বাবে বহুত সহজ হ’ল। এ.টি.এম. ব্যৱস্থাই মানুহৰ শ্ৰম আৰু সময় দুয়োটাই বচাই দিছে। বিজ্ঞানৰ উন্নতিৰ ফলতেই আজি কৃষি-বিজ্ঞান বহুত আগবাঢ়ি গ'ল। পাৱাৰ টিলাৰ, টেক্টৰ ব্যৱহাৰ কৰি কৃষকসকলোৱে কম কষ্টত অধিক উৎপাদন কৰিব পৰা হৈছে। গংগা, শত্রু, সিন্ধু নদীবিলাকত বহুমুখী পৰিকল্পনাৰ জৰিয়তে অনেক কাম কৰিবলৈ সক্ষম হোৱাৰ মূলতে বিজ্ঞান। পর্বত-পাহাৰবিলাক 'ডিনামাইট’ দি শিলবিলাক ভাঙি ৰাস্তা বন্ধা, নদীৰ খহনীয়া ৰোধ কৰা কামত ব্যৱহাৰ কৰা হৈছে। ৰাস্তা পকীকৰণৰ কাৰ্যত উন্নত যন্ত্রপাতি ব্যৱহাৰ কৰি কম শ্রমিক আৰু কম সময়ৰ ভিতৰত অধিক কাম কৰিব পৰা হৈছে। বেলপথ নির্মাণ কার্যত বিজ্ঞান সহায়ক। ভাপ ইঞ্জিনৰ পৰা দ্রুতগতিত চালিত বৈদ্যুতিক বে’ল ইঞ্জিনলৈকে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাব উন্নতিৰ ফলতে মানুহৰ বে’লযাত্রা সুগম হৈ পৰিছে। সাগৰ-পৃষ্ঠত পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন মণি-মুক্তা আনিবলৈ সক্ষম হোৱাৰ মুলতে বিজ্ঞানৰ উন্নতি। এক কথাত প্ৰকাশ কৰিবলৈ হ'লে পদার্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান আৰু বাসায়ণ বিজ্ঞানৰ সমন্বয়ত বিজ্ঞানে মানৱ জাতিৰ হিতৰ অৰ্থে যি দান আগবঢ়াইছে সেই দানে ঈশ্বৰৰ সৃষ্টিৰ ৰূপত বহণ চৰাইছে। মানুহে কম কষ্টতে সকলো সুবিধা পোৱাৰ মূলতে বিজ্ঞানৰ উন্নতি।

বিজ্ঞানে উদ্ভাৱন কৰা উন্নত আৰু শক্তিশালী যন্ত্ৰৰ সহায়ত বিভিন্ন পৰীক্ষা কৰি ভূ গর্ভব খনিজ তেল থকা অঞ্চলৰ পৰা পাইপৰ সহায়ত খাৰৱা তেল উলিয়াই আনি শোধনাগাৰত শোধন কৰিবলৈ সক্ষম হৈছে। পেট্ৰ'ল, ডিজেল, মবিল, কেৰাচিন আদি প্ৰস্তুত কৰি মটৰগাড়ী, বে'লগাড়ী, জাহাজ, উৰাজাহাজ আদি চলোৱা কামত ব্যৱহাৰ কৰিছে। কেৰাচিন তেল, লেম্প ঢাকিত ভৰাই পোহৰৰ ব্যৱস্থা কৰিছে। তৈলক্ষেত্র সমূহৰপৰা ওলোৱা প্রাকৃতিক গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰি মানুহৰ পৰম উপকাৰ সাধন কৰিছে।

বিজ্ঞানৰ উন্নতিয়ে মানুহৰ ৰোগ চিকিৎসাৰ ক্ষেত্ৰতো সহায়ক হৈছে। এক্সবে, চিটি স্কেন, আই. চি.উ., ভেন্টিলেটৰ আদিৰ সহায়ত কৰা চিকিৎসাৰ দ্বাৰা বহুতো জটিল ৰোগৰ ৰোগী আৰোগ্য হৈছে। কিডনী, হার্ট আদি অন্যৰ দেহৰ পৰা আনি ৰোগীৰ দেহত স্থাপন কৰি মানুহৰ জীৱনী শক্তি প্রদান কৰাৰ মূলতে বিজ্ঞানৰ অৱদান। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় শিল্প-বাণিজ্য, কৃষি, চিকিৎসা, পৰিবহণ সকলো দিশতে বিজ্ঞানে চকুত চমক লগোৱা অৱদান আগবঢ়াইছে।

বিজ্ঞানৰ অপকাৰঃ সকলো বস্তুৰে উপকাৰ অপকাৰ, ভাল-বেয়া, উন্নত-অনুন্নত দুটা দিশ আছে। জুই উদ্ভাৱনৰ ফলত মানুহে কেৱল ৰন্ধা-বঢ়া কৰি খোৱাই নহয়, দা-কটাৰী গঢ়াৰ পৰা আৰম্ভ কৰি ৰকেটলৈকে সকলো যন্ত্রপাতি ব্যৱহাৰৰ উপযোগী কৰিবলৈ জুইৰ তাপ নহ'লেই নহয়। সোণৰ অলংকাৰ গঢ়িবলৈ জুইত পুৰি সোণ গলাবই লাগিব। জুইৰে দুষ্কৃতিকাৰী লোকে ঘৰত জুই লগালে তাৰ বাবে জুই জগৰীয়া নহয়। কেৰাচিন আৰু জুই মানুহক জ্বলাবৰ বাবে নহয়। এটম ব’মে নাগাচাকী হিবোচিমাত বিস্তৰ ক্ষতি কৰিলেও তাৰ বাবে উদ্ভাৱকজন জগৰীয়া নহয় ৷ তথাপি বিজ্ঞানৰ অপকাৰী দিশ এটা নথকা নহয়। শস্যত দিবলৈ উৎপাদন কৰা কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰে পথাৰৰ মাছ, কৃষকৰ বন্ধু কেঁচু-কুমটি মাৰি শেষ কৰিছে। আপু পোকে নাখাবৰ বাবে ব্যৱহাৰ কৰা এল’ড্রেন্স মানুহৰ বাবে ঋ-পয়জন। অধিক শস্য উৎপাদন বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ পৰীক্ষা-নিৰীক্ষা কৰি মাতৃ দুগ্ধতো মিহলি হোৱাৰ প্ৰমাণ পাইছে। বিজ্ঞানৰ উন্নতিৰ ফলত সকলো বস্তু অতি সহজলভ্য হৈ পৰাৰ বাবে সবহ ভাগ মানুহেই নিষ্কৰ্মা আৰু এলেহুৱা হৈ পৰিছে। টি.ভি., ম'বাইল ফোন আদিয়ে ছাত্র সমাজৰ বিস্তৰ ক্ষতি সাধন কৰিছে। বিভিন্ন দিশত বিজ্ঞানব দ্রুত উন্নতি, পৰীক্ষা-নিৰীক্ষাৰ ফলত মাটি, বায়ু, পানী প্ৰদূষিত হৈ পৰিছে। বিজ্ঞানৰ উন্নতিৰ ফলতেই পৃথিৱীত সন্ত্রাসবাদ বৃদ্ধি পাই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে।

সামৰণিঃ সকলোবস্তুৰ মূল্যায়ন নির্ভৰ কৰে বস্তুৰ ব্যৱহাৰৰ ওপৰত। বিজ্ঞানীসকলে জীৱনজোৰা গৱেষণা আৰু শ্ৰমৰ বিনিময়ত বিভিন্ন বস্তু উদ্ভাৱন কৰিছে মানুহৰ কল্যাণ সাধন কৰিবৰ বাবে। বন্দুকৰ ব্যৱহাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈহে, বাটে-পথে যোৱা পথিকর কোমল বুকুভেদ কৰিবৰ বাবে নহয়। দূৰদৰ্শন, অনুবীক্ষণযন্ত্র, ৰেডিয়াম, পেনিচিলিন আদিব উদ্ভাৱন আবিষ্কাৰে মানৱ জাতিৰ সীমাহীন কল্যাণ সাধন কৰিছে। বিজ্ঞানৰ ঘৰতে বহি থাকি পৃথিৱীখনক জনা, বুজা, চোৱাৰ সুবিধা কৰি দিছে। উন্নত চিকিৎসাই মানুহৰ জীৱনীশক্তি বৃদ্ধি কৰিছে। সাংস্কৃতিক আৰু সুবাসনামূলক চিন্তাৰে বিজ্ঞানে দিয়া সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ শিকিলে বিজ্ঞানে মানৱ জাতিক সকলো দিশতে আগবঢ়াই লৈ গৈ থাকিব।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now