 |
(childhood) শৈশৱৰ সুবাস বিচাৰি✍🏻হীৰামনি দাস।
|
শৈশৱলৈ উভতি গ'লে প্ৰথমেই মনলৈ আহে আমাৰ ঘৰৰ ওচৰৰে বৈ যোৱা মৰাদিয়া নৈখনৰ কথা । জনা হোৱাৰ পৰাই নৈখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল । গৰমৰ দিনত স্কুলৰ পৰা আহি থাকোতেই লগৰবোৰৰ সৈতে আলোচনা কৰি আহিছিলো যে ঘৰলৈ গলেই নদীত গা ধুব যাম । নৈ খন পোৱাৰ পিছত আমাক আৰু কোনে পায় । আমি এজনেও ঘাটেৰে পানীত নমা নাছিলো,নদীৰ পাৰটো ওখ আছিল বাবে গোটেই কেইজনে তাৰ পৰা দ ঠাইত জাপ দিছিলো । পানী পোৱাৰ পিছত জলে মলে,পানীৰ তলত লুকা ভাকু,চুৱা চুই আদি নানান খেলৰ আৰম্ভ হৈছিল । কেতিয়াবা ডাঙৰ দাদাবোৰে পানীৰ তলেৰে মনে মনে গৈ আমাৰ ভৰিত টানি ভয় খুৱাইছিল আৰু আমি সৰুবোৰে জলদেৱতাই টানি নিব ওলোৱা বুলি পাৰত উঠি আছিলো । নদীৰ পাৰত থকা বালিৰে বালিঘৰ সাঁজিছিলো,কেতিয়াবা গৰম বালি দুহাতত লৈ কোনে কিমান সময় পানীৰ তলত লৈ থাকিব পাৰে তাৰ প্ৰতিযোগিতা কৰিছিলো ।  |
Childrens playing with water(শৈশৱৰ সুবাস বিচাৰি)
|
বহু সময় গা ধোৱাৰ পিছত যেতিয়া চকুবোৰ ৰঙা পৰিছিল ঘৰত মাৰ খোৱাৰ ভয়ত আমি দুজন দুজনকৈ মুখামুখিকৈ বহি লৈ হাতত এচলকৈ পানী লৈ ইজনে আনজনৰ লগত তিনিবাৰকৈ পানীখিনি দিয়া লোৱা কৰি চকুত মাৰি দিওঁ ।আমি বিশ্বাস কৰিছিলো যে এনে কৰিলে চকু ৰঙা পৰাটো কমি যায় । এতিয়া এইবোৰ মাথো স্মৃতি হৈ ৰল । মাথো নৈখন সেই সোণালী দিনৰ সাক্ষী হৈ ৰল । ---------------------࿉--------------------
✍🏻হীৰামনি দাস।
স্নাতক তৃতীয় ষাণ্মাসিক,থমনা আঞ্চলিক স্নাতক মহাবিদ্যালয়।
ফোনঃ ৮১৩৪০২৫০৪৭।
নদীৰ সৈতে অপৰূপ সান্নিধ্যতা।শৈশৱৰ বাকৰিৰ নিঁভাজ স্মৃতিৰ পৰশ লৈ ভাল লাগিল।স্মৃতিৰ এনে মায়াজালৰ লেখা পঢ়ি ভাল লাগে।বিশেষকৈ আপোনাৰ অনুভৱবোৰে এখন জীয়া ছবি মনত সোমোৱাই দিছে।