প্ৰতিভাৱান ফটোগ্ৰাফাৰ বিপ্লৱৰ কথাৰে। Photographer Biplob Phukon

Biplob Phukon
আজিৰ যুগটো আধুনীকতাৰ ।গতিকে এই যুগটোত মানুহৰ মনত নতুন নতুন চিন্তা ভাৱনা জন্ম ল'বলৈ ধৰিছে।যিমানেই মানুহৰ মনত নতুন নতুন চিন্তা ভাৱনাৰ জন্ম হ'ল সিমানেই মানুহ উন্নতি শিখৰত বগাবলৈ আৰম্ভ কৰিছে।চকাৰ আৱিষ্কাৰ হোৱাৰ পাছত যিদৰে ক্ৰমে বিভিন্ন যান বাহন আৱিষ্কাৰ হ'ব ধৰিলে ঠিক সেইদৰে মানুহে ছবি আকিৱলৈ শিকাৰ পাছৰে পৰা বিভিন্ন ধৰনে ছবি আকিবলৈ শিকিলে,ছবি অকাঁ‌ৰ সজুলি আৱিষ্কাৰ কৰিলে আৰু বিভিন্ন ধৰণে ছবি অকাত উন্নত হ'ব ধৰিলে।

তাৰ পাছত ১৮২৬ চনত নিচিফ'ৰ নিইপচে ফটোগ্ৰাফী ৰ আৱিষ্কাৰ কৰিলে আৰু ইয়াৰ পাছৰে পৰা মানুহৰ মনত ফটো ৰ প্ৰতি নিচা বাঢ়ি গ'ল।আৰু এতিয়া মানুহে এখন ফটো বাবে বহুত টকা খৰচ কৰে।ফটো কোনে ভাল দৰে তুলিব পাৰে তাক লৈ বৰ্তমান যুৱক সকলৰ মাজত প্ৰতিযোগীতাৰ সৃষ্টি হ'বলৈ ধৰিলে।ফটোগ্ৰাফী ৰ শিকাৰ বাবে বিভিন্ন শিক্ষা প্ৰতিস্থান গঢ়ি উঠিল।আৰু এতিয়া বিভিন্ন উৎসৱ পাৰ্ৱবত ফটোগ্ৰাফাৰ মতাই ফটো তোলাৰ ৱ্যৱস্থা কৰা হ'ল।শুনিলে আচৰিত হ'ব লগীয়া কথা যে কিছুমান কেমেৰাৰ মুল্য কোটি কোটি টকাৰ।এতিয়া যিমানেই ফটোগ্ৰাফীৰ চখ বাঢ়িবলৈ ধৰিলে সিমানেই মানুহে সাজি কাচি এখন ভাল ফটো লোৱাৰ চিন্তা কৰে।আৰু এতিয়া সুন্দৰ ফটোগ্ৰাফাৰো সৃষ্টি হৈছে।

Photographer Biplob Phukon (Golaghat, Assam). 

          এজন প্ৰতিভাৱান ফটোগ্ৰাফাৰ হ'ল গোলাঘাটৰ বিপ্লৱ ফুকন।জন্ম ১৯৯৮ চনৰ ৯ নৱেম্বৰত।সৰুৰে পৰা ছবি আঁ‌কি ভাল পোৱা বিপ্লৱে সুন্দৰ সুন্দৰ ছবিৰে বৰ্তমানলৈকে সকলোৰে পৰা প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে।ম'বাইলত ফটো তুলিবলৈ শিকাৰ পৰা বিপ্লৱৰ ফটো তোলাৰ প্ৰতি আসক্তি বাঢ়ি যাবলৈ ধৰিলে।তাৰ পাছত বিপ্লৱে ফটোগ্ৰাফী বিষয়টো বিভিন্ন ধৰনে শিকিৱলৈ চেষ্টা কৰিলে।আৰু তেওঁৰ সেই চেষ্টাই আজি তেওঁক এজন ভাল ফটোগ্ৰাফী হোৱাত সহায় কৰিছে।বিভিন্ন অনুষ্ঠানত ফটো তুলি সকলোৰে মন জয় কৰা বিপ্লৱে বিভিন্ন ধৰনে তেওঁৰ ফটোগ্ৰাফী প্ৰদৰ্শনত ব্যস্ত হৈ পৰিল।এতিয়া বিপ্লৱৰ মন অসমৰ বিভিন্ন চুকত তেওঁৰ ফটোগ্ৰাফীৰ প্ৰদৰ্শন কৰাৰ। বিষেশকৈ প্ৰকৃতিৰ মনোৰম দৃশ্য আৱদ্ধ কৰি ভাল তেওঁৰ কেমেৰাত।

Biplob Phukon নামৰ ফেচবুক পেজত তেওঁৰ ফটো গ্ৰাফীৰ চমক সকলোৱে দেখিৱলৈ পাব। লগতে তেওঁৰ নিজৰ ইনষ্ট্ৰাগাম পেজ Biplob_phukon_photography তো তেওঁৰ কৰা ফটোগ্ৰাফীৰ কিছুমান নমুনা দেখিবলৈ পাব। যদিও তেওঁ বৰ্তমান ৰাইজৰ সমাদৰ সফলভাৱে লাভ কৰিছে। কিন্তু তেওঁক অসমৰ বহুতেই ভাল দৰে চিনি পোৱা নাই।অসমত প্ৰতিভা থাকে কিন্তু প্ৰতিভাৰ বিকাশ ঘটোৱাৰ মঞ্চৰ অভাৱ। চৰকাৰী চাকৰীৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া অসমৰ বৰ্তমান যুৱপ্ৰজন্মই যদি বিপ্লৱৰ দৰেই নিজাকৈ কিবা বৃত্তি আৰম্ভ কৰে তেন্তে অসমখন উন্নতিৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি যাব। 

       এই সামান্যৰ লেখাটিৰ উদ্দেশ্য হ'ল অসমত এনে ধৰনৰ বহু ফটোগ্ৰাফাৰ আছে যি সকলে এতিয়া নিজৰ প্ৰতিভা থকা সত্বেও বিকাশ ঘটাব পৰা নাই।গতিকে সকলোৱে নিজৰ অঞ্চলত থকা প্ৰতিভাজন ওলাই আহিবলৈ সুযোগ দিব লাগে।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now