আকৌ ল'কডাৱন ! ১৪ এপ্ৰিলৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫ দিনলৈ মহাৰাষ্ট্ৰত ১৪৪ ধাৰা জাৰি…

Lockdown 2021

ক'ৰোনা! সমগ্ৰ বিশ্বত  আতংকৰ সৃষ্টি কৰা এই মহামাৰী বিধে কিদৰে মানুহৰ জীৱনধাৰনত বহুখিনি সালসলনি ঘটালে সেইয়া সকলোৱে জ্ঞাত। ২০১৯ চনৰ শেষৰ ফালে  চীনৰ ওহান চহৰত প্ৰথম আৰম্ভ হোৱা এই ভাইৰাচবিধে বৰ্তমান কিদৰে সমগ্ৰ বিশ্বত হাহাকাৰ সৃষ্টি কৰিছে, কিদৰে এতিয়া সমগ্ৰ বিশ্বৰ জনগনক বিভিন্ন ক্ষেত্ৰত সচেতন কৰি তুলিছে সেইয়া আমি সকলোৱে জানো। ২০২০ চনৰ ২৪ মাৰ্চৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষত ল'কডাৱন ঘোষনা কৰে। প্ৰায় ৭ মাহ এই ল'কডাৱনৰ পিছত আকৌ লাহে লাহে বন্ধ সমূহ খুলিবলৈ লয়। তাৰ পিছত ২০২১ চনত ল'কডাৱনৰ প্ৰভাৱ একেবাৰে পৰা দেখা নগৈছিল যদিও বৰ্তমান আকৌ ভাৰতবৰ্ষৰ ক'ৰোনাৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনমিত হ'ব ধৰিছে।
মহাৰাষ্ট্ৰত ক'ৰোণা ভাইৰাছৰ তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই ৰাজ্যখনৰ চৰকাৰে বুধবাৰৰ নিশা ৮ বজাৰ পৰা আগন্তুক ১৫দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ঘোষণা কৰে এই কথা। 

পূৰ্বে সম্ভাৱনা ব্যক্ত কৰা হৈছিল যে, ৰাজ্যখনত ল’কডাউন ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে মুখ্যমন্ত্ৰী থাকৰেয়ে মহাৰাষ্ট্ৰৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ৰাজ্যবাসীক সম্বোধন কৰি কয়- ‘পুনৰ যুদ্ধ আৰম্ভ হৈছে। নতুনকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা অতি তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰিছে।’ 

 মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে (2021)

লগতে তেওঁ জনাই যে, যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আকৌ ৬০ সহস্ৰাধিক লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ২৮১জন লোকৰ। এয়া অতি বিপদজনক বুলিও কয় তেওঁ। ইফালে, ৰাজ্যখনৰ হাস্পতালৰ অক্সিজেন আৰু ভেকচিনৰ অভাৱ হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী থাকৰেয়ে। গতিকে বৰ্তমান সকলো সচেতন হৈ থকাটো অতি প্ৰয়োজন।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now