তোমাক মই আকৌ লগ পাম
তোমাক মই আকৌ লগ পাম...
আৰু সেইদিনা,,
ৰাতিপুৱাৰ চাহ কাপৰ প্ৰথম ঘোটটোৰ দৰে তোমাৰ মন প্ৰাণ সতেজ কৰি তুলিম।
কোনোবা বাৰিষাত সেমেকা মাটিৰ সুৱাহ হৈ বিয়পি পৰিম ,যদিও তুমি অট্টালিকাত থাকা।
আৱেগত ঢলি শব্দ বোৰৰ অব্যক্ত মৌনতাই খূন্দিওৱা হৃদয়ৰ সান্তনা হৈ পৰিম।
অমাৱস্যাত তৰালি দৰে নহ'বা কোনোবা সন্ধিয়াত জোনাকী হৈ নামিম।
তোমাৰেই আঙুলিৰ ভাজত চাঁপ খোৱা চিগাৰেটৰ ধোঁৱাৰ দৰে তোমাৰ হৃদয় উষ্ম কৰি তোমাৰ দুটি ওঠেৰে নিগৰ শূণ্যত বিলীন হৈ যাম..
জীৱনৰ যান্ত্ৰিকতাৰ মাজত হেৰাই অচিনাকী হৈয়ে পুনৰ চিনাকি হ'ম ।
আৰু সেইদিনা আমাৰ মাজত নাথাকিব কোনো আধা ৰৈ যোৱা কথোপকথন, ভয়, অভিমান ,উৎকণ্ঠ, ভালপোৱা .....
দুটা অচিন মন আৰু অস্তকামী সূৰ্যৰ দৰে মই ক'ম," তোমাক মই আকৌ লগ পাম...."
![]() |
অসমীয়া কবিতা |
❖❖❖❖❖❖❖❖❖❖❖
Moza