অসমীয়া গল্প- অপেক্ষা, জন্মদিনৰ উপহাৰ ⬦ তানিয়া মধুকল্য

অপেক্ষা

আজি ৰিয়ানক দেউতাকে সুধিলে "ৰিয়ান তুমি ভালদৰে পঢ়া-শুনা কৰিছানে? ভালদৰে পঢ়িলেহে ভাল কলেজত পঢ়িবলৈ পাবা।"

এইবুলি কৈ ৰিয়ানৰ দেউতাক ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ'ল। সময় ঠিক ১২মান বাজিল। ৰিয়ানৰ মাকৰ ফোনটো বাজিল। ফোনটো পাই ৰিয়ানৰ মাকে হুকহুকাই কান্দিবলৈ ধৰিলে। ওচৰ চুবুৰীয়া সকলো আহিল।

কিন্তু ৰিয়ান এতিয়াও দেউতাকৰ অপেক্ষাত ৰৈ  আছে।

অসমীয়া গল্প- অপেক্ষা, জন্মদিনৰ উপহাৰ ⬦ তানিয়া মধুকল্য। অসমীয়া গল্প, অসমীয়া সাহিত্য, অসমীয়া শিশু গল্প, অসমীয়া গল্প pdf,অসমীয়া প্ৰেমৰ গল্প,
 জন্মদিনৰ উপহাৰ

ৰাতিপুৱাই প্ৰিয়ালৈ এটা ফোন আহিল। ফোনটো এজন পিয়নে কৰিছিল। তেওঁ কৈছিল " বাইদেউ আপোনাৰ নামত এটা পাৰ্চেল আহিছে!"

প্ৰিয়াই সুধিলে "কোনে পঠিয়াইছে?" পিয়নজনে ক'লে "আপোনাৰ কোনোবা শুভাকাংক্ষীয়ে পঠিয়াইছে!"

তেতিয়া প্ৰিয়াই নিজৰ ঠিকনাটো পিয়নজনক কৈ তেওঁক পাৰ্চেলটো দি যাবলৈ ক'লে। পিয়নজনে আহি প্ৰিয়াক পাৰ্চেলটো দিলেহি।

প্ৰিয়াই পাৰ্চেলটো খুলি চাই দেখে যে এজোৰ কাণফুলি, এটা দাঙৰ চকলেটৰ পেকেট, এটা চাবি ৰিং আৰু এটা টেদী বিয়েৰ, আৰু এখন চিঠি পালে। চিঠিখনত মৰমৰ  প্ৰিয়ালৈ জন্মদিনৰ উপহাৰ  বুলি লিখা আছিল। 

কিন্তু প্ৰিয়া এতিয়াও অজ্ঞাত যে উপহাৰটো কোনে পঠিছিল।❒

❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

তানিয়া মধুকল্য

 বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া,লক্ষীমপুৰ।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now