![]() |
শিক্ষক দিৱস |
শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মনৰ অজ্ঞান-আন্ধাৰ দূৰ কৰি জ্ঞানৰ প্ৰদীপগছি প্রজ্বলিত হৈ উঠাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীসকলে পৃথিৱীখনক নতুন ৰূপত চাবলৈ শিকে। ভাৰতবৰ্ষ ঋষি-মুনিসকলৰ দেশ। এই ঋষি-মুনিসকল আছিল ত্রিকালজ্ঞ লোক। তেওঁলোকে আশ্ৰমত ৰাখি ছাত্ৰসকলক বেদ উপনিষদৰ পৰা আৰম্ভ কৰি বাস্তৱ জীৱনত স্বাৱলম্বী হৈ জীৱন নিৰ্বাহ কৰিব পৰা সকলো শিক্ষাই প্ৰদান কৰিছিল। যুগৰ পৰিৱৰ্তন ঘটিল। বর্তমান সময়ত বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষকসকলে ছাত্র-ছাত্রী সকলক শিক্ষাদান কৰে। স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণো আছিল এজন মহান শিক্ষক, যিজনে ভাৰতবৰ্ষৰ কেইবাখনো বিশ্ববিদ্যালয়ত শিক্ষাদান কৰাৰ উপৰিও বিশ্ববিখ্যাত কেম্ব্রিজ বিশ্ববিদ্যালয়তো শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীসকলক মোহিত কৰিছিল। এইজনা শিক্ষাগুৰু ১৯৬২ চনত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা বছৰৰ পৰাই তেখেতৰ জন্মদিন ৫ চেপ্তেম্বৰ দিনটো শিক্ষক দিৱসৰূপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি মহান শিক্ষাবিদ দার্শনিক পণ্ডিত গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। ১৯৬২ চনৰ পৰা প্ৰতিবছৰে ৫ চেপ্তেম্বৰ দিনটো - ভাৰতবৰ্ষত শিক্ষক দিৱসৰূপে পালন কৰি পুণ্যভূমি ভাৰতৰ শিক্ষকসকলৰ প্ৰতিও সন্মান জনোৱাৰ ব্যৱস্থা কৰি অহা হৈছে।
![]() |
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ |
শিক্ষক দিৱস পালনৰ তাৎপৰ্য
সকলোলোকে কবিতা লিখিব নোৱাৰাৰ দৰে সকলো লোকে শিক্ষকতাও কৰিব নোৱাৰে। প্রকৃত শিক্ষক হ’বলৈ নিজে বহুত গুণৰ অধিকাৰী হ'ব লাগিব৷ শিক্ষকৰ মনত সেৱাৰ মনোভাৱ থাকিব লাগে। শিক্ষকৰ প্ৰতিটো কথা, প্ৰতিটো খোজ, আচৰণ আদি এনে আদৰ্শনীয় হ'ব লাগিব, যাতে ছাত্র-ছাত্রীসকলে জ্ঞান আহৰণ কৰোতে এজন আদর্শ পুৰুষকহে চকুৰ আগত দেখা পায়। শিশুসকলৰ অনুকৰণ প্ৰবৃত্তি অত্যন্ত প্ৰৱল। সেয়েহে শিক্ষা-দীক্ষা, সাজ-পোছাক, ভাব-ভংগী, কথা-বতৰা, চাল-চলন সকলো দিশতে আদর্শ পুৰুষ বিদগ্ধ পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোক শিক্ষক দিৱস ৰূপে পালন কৰিবলৈ লৈ প্রতিবছৰে প্ৰতিখন জিলাৰ, প্ৰতিখন ৰাজ্যৰ যোগ্য শিক্ষক বুলি বিবেচিত শিক্ষকসকলক সামাজিক স্বীকৃতি প্ৰদানৰ ব্যৱস্থাৰে জিলা ভিত্তিত, ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ প্ৰদান কৰা হয়। প্রতিবছৰে শিক্ষক দিৱসৰ দিনটোত সভা-সমিতি পাতি শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ কৰি দিয়া হয়। শিক্ষকসকলৰ বহুতেই নিজৰ যোগ্যতা, পাৰদৰ্শিতা আৰু কর্মদক্ষতাৰ বাবে জিলা, বাজ্যিক আৰু ৰাষ্ট্ৰীয় ভিত্তিত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। এনে স্বীকৃতিয়ে কর্ম প্ৰেৰণা দুগুণে বঢ়ায়।
শিক্ষাদান এক জটিল প্রক্রিয়া। অবোধ ছাত্র-ছাত্রীসকলক শিক্ষাদান কৰি চিন্তা কল্পনা শক্তিৰ বিকাশ ঘটাই জ্ঞানচক্ষু প্রদান কৰে শিক্ষকসকলে। শিক্ষকসকলেই শিশুৰ শাৰীৰিক মানসিক আৰু নৈতিক চৰিত্ৰ গঠনৰ পথ প্রদর্শক। আজিৰ ছাত্র কালিলৈ দেশৰ নাগৰিক। শিক্ষকসকলে শিক্ষাদানৰ জৰিয়তে সঁচাঅৰ্থত মানুহ গঢ় দিব লাগিব। শিক্ষকসকলে কেৱল পাঠ্য-পুথিৰ মাজতে সীমাবদ্ধ নাথাকি ছাত্র সমাজক 'সত্যম শিবম সুন্দৰম্’ৰ চিন্তাশক্তিৰ ফল্গুধাৰা মনত প্রবাহিত কৰিব পাৰিব লাগিব। 'সুন্দৰৰ আৰ্ধনা জীৱনৰ খেল' এই আদর্শ ছাত্ৰ অৱস্থাতেই শিক্ষকসকলে শিকাব পাৰিলে কদৰ্যৰে পৰিপূৰ্ণ পথৰ পৰা সদাই আঁতৰত থাকিব পাৰিব। শিক্ষক দিৱস পালনে শিক্ষক-ছাত্র অভিভাৱকৰ মাজত এক সু-সমন্বয় ৰক্ষা কৰাত কিছু হ'লেও সহায় কৰিছে।
শিক্ষকসকল শিশুৰ জীৱন গঢ়াৰ নিপুণ শিল্পী। কিন্তু বর্তমান সমাজত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত জ্ঞানৰ বলতকৈ আন কিছু কথাৰ ওপৰত প্ৰাধান্য লাভ কৰা কিছু কিছু ক্ষেত্ৰত পৰিলক্ষিত হৈছে। নিজৰ প্ৰাপ্য মাহিলি দৰমহাৰ টকাকেইটি পাবৰ বাবে বহুতো শিক্ষকে আন্দোলন কৰিব লগা হৈছে। টকাৰ বলত যোগ্যতা নথকা ব্যক্তিয়ে শিক্ষকতাৰ পথ বাছি ল'লে দেশৰ বিস্তৰ ক্ষতি হ'ব। শিক্ষকসকলৰ মনত সদায় ত্যাগ আৰু সেৱাৰ মনোভাৱ থাকিব লাগিব। শিক্ষক দিৱসে শিক্ষকসকলক সজাগ কৰি তেখেতসকলৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্যৰ প্রতি সচেতন কৰিব পাৰিছে। কিন্তু পেটত গামোচা বান্ধি কেৱল আদর্শ খাই জীৱন নিৰ্বাহ কৰা শিক্ষকসকলৰ বাবে সম্ভৱ নহয়। আর্থিক সংকট নাথাকিলে শিক্ষকসকল আন্দোলনমুখী নিশ্চয় নহয়। শিক্ষকসকলৰ আর্থিক অভাৱ নাথাকিলেহে ছাত্র সমাজ আৰু দেশৰ মংগল সাধন হ'ব। শিক্ষক দিবস পালন কৰাৰো সাৰ্থকতা হব।