ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ | শিক্ষক দিৱস । শিক্ষক দিৱসৰ শুভেচ্ছা, ৰচনা, ব্ক্তৃতা, কবিতা, কুইজ ।

ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ চমু জীৱনী 
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ

 তামিলনাডু ৰাজ্যখনত ভাৰতৰ অনেক প্রতিভাৱান ব্যক্তিৰ জন্ম হৈ ভাৰত মাতৃৰ মুখ উজ্বল কৰি আহিছে। বিশ্বৰ বৰেণ্য ব্যক্তি কৃতি শিক্ষক, গভীৰ অধ্যয়ন পুষ্ট দার্শনিক পণ্ডিত, স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্রপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ তামিলনাড়ু ৰাজ্যৰ প্ৰতিভাৱান সস্তান, পৃথিৱীৰ নমস্য ব্যক্তি।
জন্ম আৰু শিক্ষা : 
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম ইং ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে তিৰুতান্নি গাঁৱৰ এক নৈষ্টিক ব্রাহ্মণ পৰিয়ালত। পিতৃৰ নাম বীৰা চাৰ্মিয়া আৰু মাতৃৰ নাম শিৱা কামাস্মা৷ দুয়োজনেই সৎ, ধাৰ্মিক আৰু শিক্ষাৰ প্ৰতি অনুৰাগী আছিল। ৰাধাকৃষ্ণণে তিৰূপতি নগৰত থকা এখন মিছন স্থূলত নামভৰ্তি কৰি অধ্যয়নত নিজকেৱৰ্তী কৰে। ১৯০৩ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধীনত সুখ্যাতিৰে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। মাদ্রাজ খ্ৰীষ্টান কলেজৰ পৰা বি.এ. আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন (Philosophy) বিষয়ত এম.এ. ডিগ্রী লাভ কৰে। ইয়াৰ পাছতেই “দি ইথিকচ্ অব্ বেদাস্ত এণ্ড ইটচ মেটেৰিয়েল প্রিচাপোজিম’ এই বিষয়টোৰ ওপৰত গৱেষণা কৰি পি.এইচ. ডি উপাধি লাভ কৰে। সৰুৰে পৰা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ তীক্ষ্ণ বুদ্ধি আৰু ধী গুণসম্পন্ন আছিল।  
শিক্ষক দিৱস
পঢ়িব বিচাৰে যদিঃ শিক্ষক দিৱস- শিক্ষক দিৱস কিয় পালন কৰা হয়? 
বিবাহ আৰু কৰ্ম জীৱনঃ
বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তেই পিতৃ-মাতৃৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই ১৯০৬ চনত শিৱ কামাম্মা নামৰ এগৰাকী ৰূপে-গুণে বিভূষিতা কন্যাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
১৯০৮ চনত এম.এ.ডিগ্রী লাভ কৰাৰ পাছতেই ১৯০৯ চনত মাদ্রাজ প্রেচিডেন্সি কলেজত দৰ্শন বিভাগৰ প্ৰৱভাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে। ১৯১৮ চনৰপৰা ১৯২১ চনলৈকে মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে থকাৰ পাছত ১৯২১ চনৰপৰা ১৯৩১ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ পঞ্চম জর্জ আসনখনি অলংকৃত কৰি অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯৩১ চনৰপৰা ১৯৩৬ চনলৈকে অস্ত্র বিশ্ববিদ্যালয়ৰ উপাচার্য, ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈকে লণ্ডনৰ অক্সফোর্ড বিশ্ববিদ্যালয়ত 'পাচ্য ধৰ্ম আৰু দৰ্শনৰ অধ্যাপকৰূপে শিক্ষাদান কার্যত ব্ৰতী হৈ থাকে। ইয়াৰ পাছত ১৯৩৯ চনৰ পৰা ১৯৪৮ চন পর্যন্ত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে শিক্ষা জগতৰ লগত নিবিড়ভাৱে জড়িত থাকে। এই সময়ছোৱাত আৰু বহুতো বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰিবৰ বাবে কৰা আমন্ত্রণ ৰক্ষা কৰি সুন্দৰ সাৱলীল তথ্য সম্বলিত বক্তৃতাৰে সকলোৰে মনত সন্তোষ দিব পাৰিছিল। অনুপৰি ১৯৪৮-৪৯ চনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণাণে 'ইউনেস্কোৰ সভাপতি আৰু ভাৰতৰ 'বিশ্ববিদ্যালয় আযোগ'ৰ সভাপতি ৰূপে আন্তৰিকাৰে দায়িত্ব পালন কৰে।
সাহিত্য কৰ্মঃ ভাৰতীয় চিন্তা-দৰ্শনৰ ওপৰত গভীৰ অধ্যয়ন কৰি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে জীৱন কালত বহুতো মূল্যৱান পুথি ৰচনা কৰে। তেখেতৰ গৱেষণা গ্রন্থ 'দি ইথিকচ্ অব্ বেদান্ত এণ্ড ইটচ্ মেটেৰিয়েল প্ৰিচাপোজিম’ এখন মূল্যৱান পুথি। ১৯১৮ চনত 'দি ফিচফি অর্ ৰবীন্দ্ৰ নাথ টেগোৰ', ১৯২০ চনত 'দি বেইন অৱ ৰিলিজিয়ন ইন কনটেম্প'ৰাৰী ফিচফি', ১৯২৩ চনত ‘ইণ্ডিয়ান ফিল চফি', ১৯২৭ চনত 'দি ৰিলিজিয়ন উই নীড', ১৯২৯ চনত ‘দি কল্কী অৱ দি ফিউচাৰ অৱ চিভিলাইজেচন্‌’, ১৯৪৯ চনত ইষ্ট এণ্ড ওৱেষ্ট চাম বিফ্লেকশ্যন’, ১৯৫৬ চনত ‘বিক’ভাৰী অব্ ফেইথ্’ ১৯৫৭ চনত 'এ ছোৰ্চ বুক ইন ইণ্ডিয়ান ফিল’চফি', ১৯৬০ চনত তেখেতৰ 'ব্ৰহ্মসূত্র' নামৰ পুথিখন প্ৰকাশ পায়। তদুপৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত প্ৰদান কৰা বক্তৃতাসমূহো পুথি আকাৰত প্ৰকাশ কৰে। তেখেতে আগবঢ়োৱা সেৱাৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে ‘ভাৰতৰত্ন' উপাধি প্রদান কবে।
ৰাজনৈতিক জগতত ড° ৰাধাকৃষ্ণণঃ
ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতে ১৯৪৯ চনত ভাৰত চৰকাৰে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে ছোভিয়েট দেশৰ ৰাজধানী মস্কোলৈ পঠায়। তাত ১৯৫২ চনলৈকে অতি আন্তৰিকতাবে দায়িত্ব পালন কৰি দেশৰ সন্মান অটুত ৰাখে।
১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বৃটিছ চৰকাৰে ভাৰতবৰ্ষক এখন সম্পূর্ণ স্বাধীন ৰাষ্ট্ৰ হিচাপে সার্বভৌম শক্তি (Sovereign Power) হস্তান্তৰ কৰে। ইয়াৰ পাছতে ভাৰতীয় সংবিধানত এটি উপ ৰাষ্ট্ৰপতি পদৰপ্ৰয়োজনীয়তাৰ কথা ৬৩ নং অনুচ্ছেদত কোৱা হৈছে। এইউপ-ৰাষ্ট্রপতি পদপ্রথম অলংকৃত কৰা ব্যক্তি জন হ’ল বিদগ্ধ পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ। ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে ভাৰতৰ উপরাষ্ট্রপতি হিচাপে অতি নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ পাছত ১৯৬২ চনৰ মে’ মাহত ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি দেশমাতৃৰ প্ৰতি সেৱা আগবঢ়ায়। উল্লেখনীয় দিশ হ’ল বাষ্ট্রপতি পদত থাকোঁতে নিজা খৰচৰ বাবে মাত্র তিনি হাজাৰ টকা ৰাখিবাকী সাত হাজাৰ টকা প্রতিমাহতেই দেশৰ হিতার্থে প্রধান মন্ত্ৰীৰ সাহাপুঁজিলৈ দান কৰিছিল। ১৯৬৭ চনত ৰাষ্ট্ৰপতিৰ পাঁচ বছৰীয়া কাৰ্যকালৰ অন্ত পৰাত ৰাজনৈতিক ক্ষেত্ৰখনৰপৰা অৱসৰ গ্ৰহণ কৰে। এইজনা ভাৰতৰ মহৎ ১৯৭৫ চনৰ ১৭ এপ্রিল তাৰিখে মৃত্যু বৰণ কৰে। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই এইজনা প্রতিভাৱান পুৰুষৰ অন্তিম সময়ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সম্পূর্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে ৰাধাকৃষ্ণশ শেষকৃত্যৰ কাম সমাধা কৰা হয়।
 ১৯৬২ চনত ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা বছৰটোতে এইজনা বিদগ্ধ পণ্ডিত, প্রসিদ্ধ শিক্ষকৰ প্রতি শ্রদ্ধা জনাই তেখেতৰ জন্ম দিন ৫ চেপ্তেম্বৰ তাৰিখটো 'শিক্ষক দিবস’ ৰূপে পালন কৰিবলৈ লয়। খ্ৰীষ্টীয়ান মিছনেৰী বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছতো তেখেতে সম্পূৰ্ণৰূপে ভাৰতীয় বেদ-বেদান্ত-উপনিষদ, গীতা-ভাগৱত আদি গভীৰভাৱে অধ্যয়ন কৰি অনেক মূল্যবান পুথি ৰচনা কৰিলে। বিভিন্ন বিশ্ববিদ্যালয়ত আন্তৰিকতাৰে অধ্যাপক, উপাচার্যর দায়িত্ব পালন কৰি দেশৰ আৰু সমাজৰ প্রতি সেৱা আগবঢ়ালে। ৰাজনৈতিক জীৱনতো ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ নমস্য ব্যক্ত। তেখেতৰ সাজ-পোছাকে সম্পূর্ণরূপে এজন ভাৰতীয় ৰূপে সকলোতে সম্মান পাইছিল। এইজনা মহান ব্যক্তিৰ আদর্শ শিক্ষক, সমাজ আৰু ৰাজনৈতিক নেতাসকলে গ্রহণ কৰিলে ভাৰতবৰ্ষৰ সন্মান সদায় অটুত থাকিব।  
০০০০০০০০০০০০

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now