'কণকণ', 'সঁফুৰা'কো জীয়াই ৰাখক ◈ যুগললোচন দাস ।

আমাৰ স্কুলীয়া সময়ৰ এখন জনপ্ৰিয় সৰ্বভাৰতীয় কমিকছ   আলোচনী 'টিংকল'ক আমাৰ মাজলৈ পুনৰ ঘূৰাই অনাৰ এটা প্ৰয়াসৰ কথা জানিব পাৰি আনন্দিত হৈছোঁ। সমগ্ৰ ভাৰততে জনপ্ৰিয়তা অৰ্জন কৰা 'টিংকল'ৰ অসমীয়া ভাষাৰ সংস্কৰণ আমি পঢ়িবলৈ পাইছিলোঁ। সেই সময়ৰ একাংশ পঢ়ুৱৈয়ে একত্ৰিত হৈ 'টিংকল'খনৰ ৫০০০ গ্ৰাহক গোটাই প্ৰকাশকৰ সৈতে আলোচনা কৰি পুনৰ প্ৰকাশৰ ক্ষেত্ৰত ভূমিকা লোৱাৰ বাবে ভাল লাগিছে। 

 কিন্তু পৰিতাপৰ কথাটো হ'ল যে 'টিংকল'ক জীয়াই তোলাৰ প্ৰয়াসৰ সময়ত আমাৰ অসমীয়া শিশু আলোচনীবোৰ জীয়াই থকাৰ ক্ষেত্ৰত তীব্ৰ সংকটৰ সন্মুখীন হৈছে। আমাৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা নবপ্ৰতিম দাসৰ সম্পাদিত কমিকছ আলোচনী' কণকণ'ৰ যোৱা বছৰতেই প্ৰকাশ বন্ধ হৈ গ'ল। সেই খবৰ কোনোবাই ৰাখিছেনে। এইখনেই আছিল অসমৰ প্ৰথম অসমীয়া কমিকছ। ৮০ দশকত ৰঞ্জু হাজৰিকাৰ সম্পাদনাত প্ৰকাশ হৈছিল। পিছলৈ আলোচনীখনৰ প্ৰকাশ বন্ধ হৈছিল যদিও ২০১৪ চনত নবপ্ৰতিমে নিজা প্ৰচেষ্টাৰে 'কণকণ' প্ৰকাশ কৰিছিল। বন্ধ হোৱাৰ সময়লৈ ৫০০০ৰ অধিক পঢ়ুৱৈৰ সংখ্যা আছিল আৰু সংখ্যাটো বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছিল। ক'ৰুনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে 'কণকণ' প্ৰকাশ বন্ধ হ'ল বুলি জানিব পাৰিছো। কেলৌ শিয়ালৰ জনপ্ৰিয় কাহিনী' অৰণ্য সংবাদ' , 'তীখৰ-বাখৰ'কে ধৰি বিভিন্ন নৈতিকশিক্ষামূলকসাধু , মৌলিক গল্পৰে সমৃদ্ধ কমিকছবোৰে শিশুৱেই নহয়, জ্যেষ্ঠসকলোকো খোৰাক দিছিল। থলুৱা চেহেৰাৰ ৰূপত অঁকা চিত্ৰবোৰ জনপ্ৰিয় হৈ পৰিছিল। এচাম প্ৰতিভাবান চিত্ৰকৰৰো জীৱিকাৰ উৎস হৈ পৰিছিল। 'কণকণ' আৰু ওলাবনে- শিশু পঢ়ুৱৈৰ এই প্ৰশ্নটো এতিয়াও আমাক আমনি কৰি থাকে। এই সকল শিশু কিন্তু এটা সময়ত' টিংকল' পঢ়ি ভাল পোৱাসকলৰেই সন্তান। তেওঁলোকৰ সন্তানে পঢ়ি ভাল পোৱা 'কণকণ' আৰু 'সঁফুৰা'ৰ কথা ভাবিব কোনে...।

ড° ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদনাৰে প্ৰতিষ্ঠা কৰি যোৱা 'সঁফুৰা'ৰ অৱস্থা এতিয়া একেবাৰে ভাল নহয়। শিশু সকলৰ বৌদ্ধিক বিকাশৰ কথা চিন্তা কৰিয়েই প্ৰকাশক ধীৰাজ গোস্বামীয়ে কোনোমতে আলোচনীখন প্ৰকাশ কৰি আছে। 'টিংকল' পঢ়ুৱৈৰ কিমানে নিজৰ সন্তানৰ হাতত  এতিয়া 'সঁফুৰা' তুলি দিছে। অকল এই দুখন শিশু আলোচনীয়েই নহয়, গভীৰ সংকটৰ মাজেৰে জীয়াই আছে 'মৌচাক', 'ৰংমেলা' , হিয়াৰ ৰামধেনু'আদি। জনপ্ৰিয় কমিকছ আলোচনী  'ৰংমন' আৰু অসম প্ৰকাশন পৰিষদৰ 'মুকুতা'ও প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে।

 শিশু সকলক দোষাৰোপ কৰি লাভ নাই। আচলতে তেওঁলোকৰ হাতত মাক-দেউতাকে তুলি দিয়া নাই শিশু আলোচনী। ম'বাইলৰ যুগত শিশুসকলো সলনি নোহোৱা নহয়। কিন্তু তেওঁলোকে এখন কমিকছ বা শিশু আলোচনীও পঢ়িব বিচাৰে। অভিভাৱকে কেৰিয়াৰৰ প্ৰতিযোগিতাত শিশুক অধিক ব্যস্ত কৰি ৰখাত শিশু আলোচনীৰ সৈতে সম্পৰ্ক কমি আহিছে। নৈতিক জ্ঞানৰ পৰা বঞ্চিত হৈ শিশুৰ আচৰণ কঠিন হৈ পৰিছে। আমি এই নৈতিক জ্ঞানবোৰ এটা সময়ত 'টিংকল', 'সঁফুৰা', ' মৌচাক' আৰু 'মুকুতা'ৰ পৰাই পাইছিলোঁ।

এতিয়াও 'কণকণ'কে ধৰি আন আলোচনীবোৰে মানব সম্পদ গঢ়াৰ কামত ব্ৰতী হৈ আছে। আমিহে এই শিশু আলোচনীবোৰৰ প্ৰতি  ভালদৰে সঁহাৰি নিদি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নি আছো। এনেদৰেই নিজৰ সাদৰী- শুৱলা ভাষাটোকো অৱহেলা কৰি নিজৰেই অস্তিত্ব নোহোৱা কৰিবলৈ গৈ আছো।

অসমীয়া শিশুআলোচনীবোৰ

আমিয়েই জীয়াই ৰাখিব লাগিব। 'কণকণ' এতিয়াও নিয়মীয়া ৪০০০- ৫০০০হাজাৰ পঢ়ুৱৈয়ে পঢ়িবলৈ অপেক্ষা কৰি আছে।  অসমত ধনীলোকৰ অভাৱ নাই। ইয়াৰ মাজত কোনো আগবাঢ়ি আহিব নোৱাৰেনে আলোচনীখন জীয়াই ৰখাত সহায় কৰিবলৈ। এনে সদিচ্ছা থকা ব্যক্তি আছে অসমত। বৌদ্ধিক জ্ঞান, বিনোদন আদিৰে ভবিষ্যতৰ মানৱ সম্পদবোৰ গঢ়ি তোলাৰ বাবে ৰাইজে নখ জোঁকাৰিলেই হ'ল এতিয়া। 

 ◈ ━━━━━━━ ⸙ - ⸙ ━━━━━━━ ◈

 ■যুগললোচন দাস

সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now