ইলিয়াডৰ নতুন গান উন্মনা 🍃

Unmona By Iliad phukan

EDM মিউজিক বৰ্তমান যুৱ প্ৰজন্মৰ তথা বৰ্তমান সময়ত বহু চৰ্চিত সংগীতৰ এটা জনপ্ৰিয় ভাগ। EDM মানে হ'ল Electoric Dance Music প্ৰাশ্চাত্য সংগীতৰ লগে লগে আমাৰ অসমীয়া সংগীত জগতখনতো ইয়াৰ প্ৰভাৱ ভালকৈয়ে পৰিছে। যদিও নামটো শুনিবলে কৃত্ৰিম কিন্তু গানবোৰ হ'লে একেবাৰে হৃদয়স্পৰ্শী। বৰ্তমান আমাৰ অসমীয়া সংগীত জগতখনত বহু সংগীত শিল্পীয়ে EDM সংগীতত কাম কৰি নতুন নতুন হৃদয়জুৰোৱা গান নিৰ্মাণ কৰি উলিয়াইছে। ইয়ে বৰ্তমান নতুন খলকনিৰ সৃষ্টি কৰিছে। নৱপ্ৰজন্মৰ  বহু প্ৰতিভাধৰে EDM সংগীতত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। সেই কণ্ঠশিল্পী সকলৰ মাজত প্ৰচুৰ সম্ভাৱনা দেখা যায় । 

     মনত বহুত সপোন লৈ গীতৰ বহল মঞ্চখনত খোজ পেলোৱা ইলিয়াড (ইলিয়াড ফুকন) তেনে এক উদীয়মান কণ্ঠশিল্পী । অসমৰ সাংস্কৃতিক জগতখনৰ এটা চিনাকি নাম হৈছে ইলিয়াড। একক কণ্ঠৰ যাদুৰে সংগীতৰ ভাষাৰে বহুতৰে মন জয় কৰিছে ইলিয়াডে । অসমৰ ধেমাজী জিলাত  জন্ম  হোৱা ইলিয়াড সৰুতেই সাংস্কৃতিক দিশটোৰ প্ৰতি আকৃষ্ট হৈছিল । ইলিয়াডৰ  পিতৃ আৰু মাতৃৰ নাম ক্ৰমে কুশল ফুকন আৰু  প্ৰীতিৰেখা বুঢ়াগোঁ‌হাই। ধেমাজীৰ VKV স্কুলৰ পৰা দশম শ্ৰেণী উৰ্ত্তীন হোৱাৰ পিছত জিনিয়াছ একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাচ কৰে। বৰ্তমান সংগীত জগতখনত কাম কৰি থকা ইলিয়াডৰ  ইতিমধ্যে অনুভূতি নামৰ গীতটো মুকলি হোৱাৰ পিছত নতুনকৈ উন্মনা নামৰ এটি গীত মুকলি হৈছে। উন্মনা গানটো লিখিছে মেঘা ভৰদ্বাজ আৰু ইলিয়াড ফুকনে। গীতটো সংগীত কৰিছে অসমৰ এগৰাকী নৱ প্ৰজন্মৰ প্ৰতিভাৱান সংগীতজ্ঞ অভিক্ষিত বৰায়ে। গানটো শব্দ সংমিশ্ৰণ কৰিছে ধ্ৰুব বসুমতাৰীয়ে। Visualization- অংশুমান দাসৰ।


ILIAD নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে গীতটোৱে শুভ মুক্তি লাভ কৰে। অসমৰ সংগীত জগতৰ নক্ষত্ৰস্বৰূপ জুবিন গাৰ্গ আৰু লগতে অৰিজিত সিংৰ গান শুনি শুনি সংগীত জগতত খোজ দিবলে সক্ষম হৈছে। ভৱিষ্যতে ইলিয়াডে অসমীয়া সংগীত জগতখনত আৰু দুগুন উৎসাহেৰে কাম কৰি যাব বুলি আশা কৰিলোঁ। লগতে তেওঁৰ সংগীতৰ এই যাত্ৰা সুদুৰপ্ৰসাৰী হওক।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now