এটি মনপৰশা গীত ' কিয় গ'লি আঁ‌তৰি'

অসমীয়া সংগীত জগতখনত ক্ৰমান্বয়ে ন ন প্ৰতিভাৰ আগমন ঘটিছে। নিজৰ প্ৰতিভাৰ বলত ৰাইজৰ হৃদয় জিনিবলৈ সক্ষমো হৈছে। কিন্তু তাৰ মাজতে কিছুমান এনেকুৱা গানো নথকা নহয় যিয়ে অসমীয়া ভাষাৰ স্বকীয় মাধুৰ্য্যতা ধৰি ৰাখিবলৈ সক্ষম নহয়। কিন্তু তাৰ মাজতে কিছু লেখত ল'ব লগিয়া নৱ প্ৰজন্মৰ সংগীত শিল্পীয়ে নিৰ্ভাজ  অসমীয়া ভাষা প্ৰয়োগ কৰি, মন প্ৰান জুৰোৱা সুৰেৰে সুন্দৰভাৱে সংগীতক্ষেত্ৰ খনত নিজৰ পৰিচয় এক সুকীয়াভাৱে ডাঙি ধৰিবলৈ সক্ষম হৈছে। যিবোৰ মন পৰশা আৰু হৃদয়স্পৰ্শী।
  অলপতে মুকলি হৈছে তেনে এটা গীত।গীতটো বন্ধুত্বৰ এনাজৰিডালক লৈ মুলতে ৰচিত। এই গীতটো সেইজন ল'ৰাৰ বন্ধুত্বৰ ওপৰত আধাৰিত যিজনে নিজৰ সকলোতকৈ ভাল বন্ধু জনক হেৰুৱাই পেলালে।গীতটিৰ নাম হৈছে 'কিয় গ'লি আঁ‌তৰি'।এটা সঁ‌চা ঘটনাৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা এই গীতটি ১ আগষ্ট বন্ধুত্ব দিৱসৰ দিনা String Records নামৰ ইউটিউব চেনেলটিৰ যোগেদি শুভ মুক্তি দিয়া হয়।
গীতটো লিখিছে প্ৰমিষ্ঠা কৌশিকে । ইয়াৰ পুৰ্বেও প্ৰমিষ্ঠাই 'মন ৰাগিনী' আৰু 'দুটি ওঠে' নামেৰে দুটি গীত লিখি উলিয়াইছে। গীটটোত কণ্ঠদান কৰিছে তনৱীৰ মাচুকে। কম পৰিমানৰ বাদ্য যন্ত্ৰৰে  সংগীতটি আৰু শ্ৰুতিমধুৰ কৰি তুলিছে। গীতটিৰ পৰিচালনা কৰিছে অভি ফুকনে। প্ৰডাকশ্যনত আছে প্ৰমিষ্ঠা কৌশিক আৰু অভি ফুকন। সংগীত  সংমিশ্ৰন কৰিছে মুক্তি মুহূৰ্ত হাজৰিকাই। সংগীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছে ভাস্কৰে।গীতটি সুৰ কৰিছে দীপকেয়ে। গীতটিৰ বাবে এটি সুন্দৰ এনিমেচন আৰু ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছে অভি ফুকন আৰু বিকি দত্তয়ে।গীতটোৰ গীতটি অসমৰ ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ। 

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now