নয়নমণিহতঁ‌ৰ পুজা- হেমন্ত বৰা | অসমীয়া গল্প ।


 য়া
দেৱী সৰ্বভূতেষু.........

              চৰাইৰ কীৰিলিত সাৰ পোৱা চুবুৰীটোৰ শেষ সীমাত থকা শেৱালিজোপাৰ তলত বহি দহটামান ল'ৰা-ছোৱালীয়ে কিবা এখন মিটিং পাতিছে।দূৱৰি বনৰ ওপৰতে আটাইকেইটাই ভকত বহাৰ দৰে বহিছে।ৰাতিপুৱাইছেহে মাথোন।মৰ্ণিং ৱাকৰ ছলেৰে সিহঁতকেইটাই শেৱালিজোপাৰ তলত মিটিং কৰিছে।কোনোবাটোৰ ভৰিত চেন্দেল নাই,কোনোবাটোৱে গেঞ্জী পিন্ধিয়েই আহিছে।অলপ অলপ নিঁয়ৰো পৰিছে,গাত ঠাণ্ডাও লাগিছে।দূৱৰিৰ দলিচাত নিঁয়ৰৰ টোপাল মুকুতাসদৃশ হৈ আছে।শৰতৰ মৃদু মৃদু ঠাণ্ডা বায়ুৱে সিহঁতকেইটাৰ গাৰ নোমকে লৰাব পৰা নাই।মিটিং মানে ডাঙৰ মিটিঙেই।সেইদিনা আকৌ নৱৰাত্ৰি।মা দুৰ্গা হেনো পৃথিৱীলৈ আহিব।সিহঁতকেইটাৰ গাত ততে নাইকিয়া হৈছে।পূজাক  লৈয়ে মিটিং পাতিছে।মিটিং মানে সঁচা-সঁচি মিটিং।সিহঁত দহটাৰ বন্ধুত্ব বুলি ক্লাব এটা আছে।ক্লাবৰ সভাপতি নয়নমণিয়ে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি ক'লে-"বন্ধুবৰ্গ,আজি আমি এইখিনি ঠাইত কিয় একেলগ হৈছো নিশ্চয় সকলোৱে জানো!আজি ইয়াত দুৰ্গা পূজাৰ ওপৰত আলোচনা হ'ব।আজি হ'ল নৱৰাত্ৰি।ঘৰত ককা-আইতাহঁতৰ মুখত শুনিছো আজিয়ে হেনো দেৱী মাই সৰগৰ পৰা আমাৰ মৰতলৈ নামি আহে।পূজালৈ আৰু মাজত মাত্ৰ কেইটামান দিনহে আছে।সেয়েহে মই ভাবিছো এইবাৰ আমি নিজে পূজা পাতিম।ডাঙৰবোৰে পতা পূজালৈ নাযাওঁ।"

          নয়নমণিৰ কথাষাৰ শুনি ৰীশিকা,অভি,তনয়া,তন্ময়,প্ৰাচুৰ্য,অপু,মুনু,নিশিতা আৰু পূজাশ্ৰীয়ে হা কৰি মুখখন মেলি দিলে।তাৰ কথাত হস্তক্ষেপ কৰি তনয়াই ক'লে-"আমি পূজা পাতিম!হাতত পূজা পাতিব পৰাকৈ দেখোন পইচাই নাই।আৰু আমি চান্দা তুলিবলৈ গ'লে কোনেও এপইচা নিদিয়ে।"

             তনয়াৰ কথা শুনি নয়নমণিয়ে ক'লে-"মোক কথাষাৰ সম্পূৰ্ণ কৰিবলৈ দিয়া।চোৱা দেৱী মাৰ আশীৰ্বাদ পাবলৈ জাক-জমকতাৰ প্ৰয়োজন নাই।এই শেৱালিজোপাৰ তলতে কলপাতৰ ওপৰত প্ৰতিমাখন প্ৰতিষ্ঠা কৰিম।ভাল মনেৰে আমি দেৱী মাক সেৱা কৰিম।বছ হৈ যাব।"

        "পিছে প্ৰতিমাখন ক'ত পাবা?"-আটাইকেইটাই একেমুখে সুধিলে।

       "কিয় আমি নাই জানো?বোকা মাটিৰে নিজে সাজিম।আজি আবেলিৰ পৰা প্ৰতিমা সজাৰ কাম আৰম্ভ কৰি দিম।কৃত্ৰিম ৰং নাসানো।তোমালোকে নাজানা যে দেৱী মাক বিসৰ্জন দিয়াৰ পাছত কৃত্ৰিম ৰংৰ বাবে সেই নদীৰ পানী প্ৰদূষিত হয়।কিন্তু আমি তেনে নকৰো,কৃত্ৰিম ৰং সমূলি ব্যৱহাৰ নকৰো।আৰু মেলাও নহয়।আমি এইবাৰ প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰিম।কেৱল মাত্ৰ দেৱী মাক আৰাধনা কৰিম।আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ সপোন আমিয়েই বাস্তৱায়িত কৰিব লাগিব।"-নয়নমণিয়ে অনৰ্গলভাৱে কৈ গ'ল।

       বাকীবোৰে হয় দে বুলি শলাগিলে আৰু সিহঁতৰ মাজৰে নিশিতাই নিজৰ বক্তব্য ৰাখিবৰ বাবে থিয় হ'ল-"নমস্কাৰ,আজিৰ সভাত উপস্থিত থকা মোৰ বন্ধুবৰ্গ আৰু সভাপতি মহোদয়।ইতিমধ্যে আপোনালোকক সভাপতি মহোদয়ে সভাৰ সবিশেষ কৈছে।মই মাথোন কিছু কথা সংযোগহে কৰিব খুজিছো।কেৱল যে পানী প্ৰদূষণহে হৈছে এনে নহয়,ভূমি,বায়ু আৰু শব্দ এই তিনিটাই প্ৰদূষিত হয়।উদাহৰণস্বৰূপে আমাৰ তিনিআলি চুকত পতা পূজালৈকে চোৱা।প্লাষ্টিকৰ আৱৰ্জনাই মাটি প্ৰদূষণ,দুৰ্গন্ধই বায়ু প্ৰদূষণ আৰু মাইক,প্লাষ্টিকৰ পেঁপা আদিৰ হুলস্থুলে শব্দ প্ৰদূষণ কৰে।কিন্তু আমাৰ পূজাত সেইবোৰ একো নহ'ব।সম্পূৰ্ণ প্ৰাকৃতিক তথা সেউজ দুৰ্গা পূজা।"

            সদনত বিধায়কে মন্ত্ৰীক প্ৰশ্ন কৰাৰ দৰে অপুৱে সুধিলে-"বলি-বিধান দিবলৈ জন্তু ক'ত পাবা?"

          "থোৱা বাদ দিয়া,বলি বিধানৰ কথা।সেইবোৰ মিছা কথা।গোটেই ধৰাখনৰ প্ৰতিটো জীৱ দেৱী মাৰ সন্তানস্বৰূপ।তেনেস্থলত এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বলি কেনেকৈ গ্ৰহণ কৰিব।"-নিশিতাই প্ৰত্যুত্তৰ দিলে।

          "সেইবোৰ বুজিছো,মই হ'লে এই পূজাত থাকিব নোৱাৰো।মা-দেউতাৰ লগত তিনিআলিচুকত পতা পূজালৈহে যাম।"-মুনুৱে এনেদৰে ক'লে।

          তুমি কিন্তু আমাৰ একতা ভাঙিব খুজিছা।কিহৰ খাতিৰত আমাৰ পূজাত সহযোগ নকৰা?"-নিশিতাই খঙেৰে ক'লে।

       "নহয় মানে তাত মেলা হ'ব,ইয়াত একোৱে নহয় দেখোন।মই এইবাৰ এ.কে-৪৭ ৰাইফল আৰু ৰিম'ট কণ্ট্ৰলৰ গাড়ীএখন কিনাৰ কথা ভাবিছো।"-মুনুৱে কৈফিয়ৎ দিলে।

          তাৰ কথা শুনি আটাইকেইটা গৰজি উঠিল আৰু     

ক'লে-"তই সন্ত্ৰাসবাদী নেকি?আমাৰ ককা-আইতাহঁতৰ দিনতো দেখোন দুৰ্গা পূজা হৈছিলে।কিন্তু আজিৰ দৰে প্লাষ্টিকৰ খেলনা আছিলনে তেতিয়া?"

        "নহয় মানে সময় সলনি হৈছে যে।"-মুনুৱে কওঁ-নকওঁকে লাহেকৈ ক'লে।

     সময় সলনি হৈছে হয়,কিন্তু প্লাষ্টিকৰ খেলনাবোৰ ভাল জানো।পাছত এইবোৰ গোটা আৱৰ্জনা হৈ মাটি প্ৰদূষিতহে কৰিব।"-তন্ময়ে নিজৰ যুক্তি দিলে। 

        সিহঁতৰ যুক্তিৰ আগত হেও মানি মুনুৱে নিজৰ সিদ্ধান্ত সলনি কৰি ক'লে-"হ'ব হ'ব তহঁতৰ সৈতেই থাকিম।তিনিআলিচুকত চাবলৈ নাযাওঁ।"

              "অ' এতিয়াহে ভাল ল'ৰা।কিন্তু আজি আবেলি আটাইকেইটা নৈৰ পাৰলৈ আহিবি।প্ৰতিমা সাজিব লাগিব নহয়।পিছে আজিলৈ সভা ভংগ।স্কুলো আছে নহয়,ঘৰত চিন্তা কৰিব।"-এইদৰে নয়নমণিয়ে সভা ভংগ বুলি ঘোষণা কৰিলে।

           সভাৰ সিদ্ধান্ত মতে কামবোৰ আগবাঢ়িল।যথাসময়তএদিন ষষ্ঠী তিথিৰ আগমন ঘটিল।সেইদিনা সিহঁতকেইটাৰ গা আঠখন-নখন হ'ল।ক্লাবৰ সভাপতিৰ ব্যস্ততাই ব্যস্ততা।নিৰ্দিষ্ট সময়ত দেৱীক বেদীত প্ৰতিষ্ঠা কৰিলে।লগে লগে   তনয়া-পূজাশ্ৰীহঁতে উৰুলি দিলে।নিশিতাহঁতে সমস্বৰে পাঠ কৰিলে-"য়া দেৱী সৰ্বভুতেষু মাতৃৰূপেন সংস্থিতা।

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।"

----------------------------▪️----------------------------


Post a Comment

Previous Post Next Post

image