কবিৰ উচুপনি
কবি আজি বিমোৰত পৰিছে ,
কবিৰ জেদ 'কবিতাই হে উদ্ধাৰিব পাৰিব তেওঁক',
কবিয়ে কবিতাক বিসৰ্জন দিয়াৰ প্ৰয়াসত
নিজকে আবদ্ধ কৰি ৰাখিছিল অন্ধকাৰ বন্ধ কুঠৰীত,
কিন্তু আন্ধাৰবোৰেও কবিক কবিতাৰহে স্মৰণ দিয়াইছিল ,
কবিৰ পুৰণি কবিতাবোৰেও তেওঁক হেৰুৱাৰ বেদনাত নিজ অস্তিত্বক বিসৰ্জন দিছিল।
কবিয়ে উচুপিছিল
কবিতাক এৰি অহাৰ দুখত,
যেতিয়া চাৰিওফালৰ ধৰনী নিশ্চুপ হৈ পৰিছিল,
কবিতাই সংগী আছিল কবিৰ।
যেতিয়া কবিৰ মনত চলি থকা অৱস্থাবোৰ
প্ৰকাশ কৰিব পৰা নাছিল,
কবিতাই ধৰা দিছিলহি কবিৰ হাতত ।
কবিৰ কত জীয়া কাহিনীৰ পৰিসৰক
সাৱতি লৈছিল সেই কবিতাবোৰে,
আৰু কবিতাৰ অনুপস্থিতিত আজি
কবি হৈ পৰিছে মাতাল ,
অঘৰীৰ দৰে ঘূৰি - ফুৰিছে
মনস্তাত্বিক শান্তিৰ সন্ধানত।
শেষত কবিয়ে পুনৰ উভতি আহিব লগা হ'ল ,
কবিতাবোৰৰ মাজলৈ ,
একমাত্ৰ কবিতাইহে উপশম ঘটাব
কবিৰ মনস্তাত্ত্বিক যুদ্ধখনৰ,
কবিৰ উজাগৰী নিশাৰ উচুপনিবোৰেও
হয়তো তাকেই কামনা কৰিছিল ।
◇◆◇◆◇◆◇◆◇◆◇◆
✍আচিত্ৰা মালা বৰঠাকুৰ
ঠিকনাঃ ডিব্ৰুগড়, মৰান।
বহুতো ধন্যবাদ🙏🙏
Hundor
Oti hundor