কাঞ্চন
এৰি দিয়া মোক সময়ৰ গতিত.....
নদী গৈ পৰিব সাগৰৰ বুকুত ,
দুচকুত জিলিকিব তোমাৰ
প্ৰেমৰ প্ৰতিচ্ছবি ।
দুহাতেৰে আঁকোৱালি ল'বা
তোমাৰ বুকুৰ মাজত ,
এছেৰঙা জোনাক আহি
যেতিয়া তোমাৰ শৰীৰত পৰিব...
শৰীৰৰ আৱৰণ খুলি
হঠাৎ প্ৰাণ পাই উঠিব
এজোপা কাঞ্চন ।
তোমাৰ ৰূপালী চুলি গোচাত ,
যেতিয়া ভাগৰুৱা হৈ
জোনাকী আহি জিৰাব ।
তেতিয়া তোমাৰ দুচকুত
আঁকি দিম ,
মোৰ এই অবুজ শিহৰণ ।
এজাৰ
কাৰোবাক নিজৰ কৰি পোৱা
আনন্দৰ মাজত মোৰ অস্তিত্ব ক'ত ?
এজাৰে বাটভেটা সময়ত
এই নিচ্ছল শৰীৰটো ,
শুই পৰিব খুজে
তোমাৰ বুকুৰ মাজত ।
আন্ধাৰেযেতিয়া খোপনি পুতে ,
পুনৰ জ্বলি উঠে
অবাঞ্চিত চিতাখন ।
পদুম ফুলৰ মাজেৰে
বৈ গৈছিল......
তোমাৰ কহুৱা কোমল
শৰীৰৰ অস্তি ।
বাৰে বাৰে দিছিলা এটি প্ৰতিশ্ৰুতি
নিয়ঁতিৰ কোলাত শুই
পৰাৰ পাছতো ,
তুমি আহিবা
হয়টো জোনাক হৈ .......
হয়টো হৈ আহিবা
এপাহি এজাৰ।
বাটচৰা
কি য......
আবোজ মনৰ কথা
ক্ষন্তেক মৰহি পৰি ,
প্ৰাণ পাই উঠা অজস্ৰ
পাহি ৰঙা গোলাপ ।
কি যে.....
তুমি বিহীন বিষন্নবোৰ ,
ভেটা বিহীন নৈয়ে নাপালে
সাগৰলৈ বুলি বাট ।
হয়..... হয়....!
কুষ্ঠৰোগীৰ ঘাহৰ দৰে
গলিব ধৰিছে আকাশখন ।
ডালে এৰি দিয়া জৱা পাহ যে
মাটিত নপৰি ,
ক্ষন্তেক থমকি ৰ'ব বিচাৰিলে
তোমাৰ বুকুৰ একুনত।
~শুভাঙ্গীনি ভৰালী।