সৰ্বশিক্ষা অভিযান সম্বন্ধে চমুকৈ - About Sarva Shiksha Abhiyan Mission SSA

{tocify} $title={Table of Contents}

সৰ্বশিক্ষা অভিযান সম্বন্ধে চমুকৈ - About Sarva Shiksha Abhiyan Mission SSA

আমাৰ সংবিধানে ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুৰ বাবে বিনামূলীয়া , বাধ্যতামূলক শিক্ষাৰ ওপৰত গুৰুত্ব দি আহিছে। শিক্ষাৰ সাৰ্বজনীনকৰণ কৰিবলৈ বিভিন্ন আঁচনিৰো ব্যৱস্থা কৰা হৈছে। প্ৰাথমিক শিক্ষা সকলোৱে ঢুকি পোৱা কৰিবলৈয়ে সৰ্বশিক্ষা অভিযানৰ আৰম্ভ কৰা হৈছিল। ১.১ মিলিয়ন বাসিন্দাৰ ১৯২ মিলিয়ন শিশুৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু সমগ্ৰ দেশকে সামৰি ল'বলৈ সৰ্বশিক্ষা অভিযানক ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাৰ্যকৰী কৰা হৈছে। যিবোৰ এলেকাত বিদ্যালয়ৰ ব্যৱস্থা নাই সেইবোৰত বিদ্যালয় স্থাপন কৰিবলৈ আৰু চলি থকা বিদ্যালয়বোৰত অতিৰিক্ত শ্ৰেণীকোঠা, গুদ্ৰাৱগাৰ, খোৱা পানী, বিদ্যালয় উন্নীতকৰণ আৰু পৰিচালনা পুঁজিৰ অৱস্থা শক্তিশালী কৰিবলৈ এই আঁচনিয়ে ব্যৱস্থা গ্ৰহণ কৰে ৷

About Sarva Shiksha Abhiyan Mission সৰ্বশিক্ষা অভিযান মিচন


প্রচলিত বিদ্যালয়বোৰত ব্যাপক প্ৰশিক্ষণৰ জৰিয়তে অতিৰিক্ত শিক্ষকৰ যোগান, শিকন-শিক্ষণ আহিলাৰ বিকাশৰ বাবে পুঁজি আৰু জিলা পৰ্যায়ত বিদ্যায়তনিক গাঁঠনি শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। জীৱনৰ দক্ষতাৰ। সৈতে সর্বশিক্ষা অভিযানে এই গুণগত প্রাথমিক শিক্ষাৰ যোগান ধৰে। সৰ্বশিক্ষা অভিযানে ছোৱালীৰ শিক্ষা আৰু বিশেষ প্রয়োজন থকা শিশুৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰে। সৰ্বশিক্ষা অভিযানে কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও কৰিছে। শিক্ষাৰ অধিকাৰ আইন বলবৎ হোৱাৰ লগে লগে সৰ্বশিক্ষাৰ অভিগমন, কৌশল আৰু মান আদিৰো পৰিবৰ্তন হয়। তলত উল্লেখ কৰা নীতিবোৰৰ দ্বাৰা নিৰ্দেশিত হৈ এই পৰিবৰ্তনে লক্ষ্য আৰু প্ৰাথমিক শিক্ষাৰ অভিগমন আদি সামৰি লয়- (১) ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁঠনি ২০০৫ অনুসৰি পাঠ্যক্ৰম, শিক্ষকৰ শিক্ষা, শৈক্ষিক পৰিকল্পনা আৰু পৰিচালনাৰ তাৎপৰ্যপূৰ্ণ কাৰ্যকৰীকৰণে সমগ্ৰ সূচী আৰু শিক্ষা ব্যৱস্থাৰ প্ৰণালীবদ্ধ সংস্কাৰৰ উদ্দেশ্যেৰে প্ৰয়াস কৰা হয়। 

(২) সমতাই কেৱল সমান সুবিধাক নুবুজায়, অনুসূচীত জাতি-জনজাতি, সংখ্যালঘু, ভূমিহীন কৃষক আৰু বিশেষ প্রয়োজনযুক্ত শিশু আদিৰ বাবেও সুবিধা প্ৰদান কৰাৰ পৰিবেশ সৃষ্টি কৰাক বুজায় ।

(৩) প্ৰৱেশাধিকাৰে অকল নির্দিষ্ট দূৰত্বত বিদ্যালয় স্থাপন কৰাটোকে নুবুজায় ৷ কিন্তু অনুসূচীত জাতি/জনজাতি, আন বিপর্যস্ত সম্প্রদায়, সংখ্যালঘু, ছোৱালী আৰু বিশেষ প্রয়োজন থকা শিশুৰ বাবে প্রয়োজনসমূহ বুজি পোৱাটোও বুজায়।

(৪) লিংগ বিষয়কে কেৱল ছোৱালীক ল'ৰাৰ সৈতে শিক্ষা দিয়াৰ সমতা বুজোৱা নাই বৰং ই ১৯৮৬/৯২ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখিত দৃষ্টিকোণক বুজাইছে অর্থাৎ মহিলাৰ স্থিতিৰ পৰিবৰ্তনৰ বাবে ই এক সিদ্ধান্তমূলক হস্তক্ষেপ।

(৫) শিশু বিশেষকৈ প্রান্তৱৰ্তী পটভূমিৰ পৰা অহা ছোৱালীৰ বাবে অন্তৰ্ভুক্তকৰণৰ পৰিবেশ গঢ়িবৰ বাবে শিক্ষকক কেন্দ্ৰীভূত কৰা যাতে তেওঁলোকে শ্ৰেণীকোঠাৰ ভিতৰে বাহিৰে এক সংস্কৃতি উদ্ভাৱন কৰিবলৈ অভিৰোচিত হয়।

(৬) শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে অভিভাৱক, শিক্ষক, শিক্ষানুষ্ঠানৰ প্ৰশাসক আৰু আন অংশীদাৰসকলৰ বাবে ই এক অনুশাসনমূলক ব্যৱস্থা নৈতিক দায়িত্ব হিচাপে আৰোপ কৰা ।।

(৭) শিক্ষাৰ অধিকাৰ আইনৰ কাৰ্যকৰীকৰণৰ বাবে গতিশীল আৰু সংহত শিক্ষানুষ্ঠান পৰিচালনা এক প্ৰাকচৰ্ত। সকলো ৰাজ্যই যিমানদূৰ সম্ভৱ সিমান এই দিশত গতি কৰা উচিত।


সৰ্বশিক্ষা অভিযানৰ মূল উদ্দেশ্যসমূহ কি কি? 

সৰ্বশিক্ষা অভিযানৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ হ'ল তলত দিয়াধৰণৰ—

(১) ২০০৩ চনৰ ভিতৰত সকলো শিশু স্কুলত, শিক্ষা নিশ্চিত কেন্দ্র, বিকল্প স্কুল, স্কুললৈ উভতনি শিবিৰ।

(২) ২০০৭ চনৰ ভিতৰত সকলো শিশুৰ দ্বাৰা পাঁচ বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূর্ণ।

(৩) ২০১০ চনৰ ভিতৰত সকলো শিশুৰ দ্বাৰা ১০ বছৰীয়া প্ৰাৰম্ভিক শিক্ষা সম্পূর্ণ।

(৪) জীৱনৰ শিক্ষাৰ লগতে সন্তোষজনক মানদণ্ডৰ প্ৰাৰম্ভিক শিক্ষাৰ ওপৰত গুৰুত্ব।

(৫) প্রাথমিক পৰ্যায়ত ২০০৭ চনৰ ভিতৰত আৰু প্ৰাৰম্ভিক পর্যায় 2000 ভিতৰত লিংগ আৰু সামাজিক শ্ৰেণীৰ মাজৰ পাৰ্থক্যত সাঁকো সৃষ্টি কৰা। (৬) প্রাথমিক পর্যায়ত ২০০৭ চনৰ ভিতৰত আৰু প্ৰাৰম্ভিক পর্যায়ত ২০১ ভিতৰত লিংগ আৰু সামাজিক শ্ৰেণীৰ ব্যৱধান ৰ কৰা।

(৭) ২০১০ৰ ভিতৰত সাৰ্বজনীন সংৰক্ষণৰ ব্যৱস্থা।

FAQs Sarva Shiksha Abhiyan Mission 

Who was the founder of SSA?

Prime Minister Atal Bihari Vajpayee

The programme was pioneered by former Indian Prime Minister Atal Bihari Vajpayee. It aims to educate all children between the ages 6 to 14 by 2010. However, the time limit has been pushed forward indefinitely.

What is the main purpose of SSA?

Sarva Shiksha Abhiyan (SSA) is Government of India's flagship programme for achievement of Universalization of Elementary Education (UEE) in a time bound manner, as mandated by 86th amendment to the Constitution of India making free and compulsory Education to the Children of 6-14 years age group, a Fundamental Right.

When was SSA launched in Assam?

Axom Sarba Siksha Abhiyan Mission (A.S.S.A.M) was established in the year 2001 as a registered society under the Registration of Societies Act, 1860 for implementation of Sarva Siksha Abhiyan (SSA) in Assam.

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now