বুধবাৰে বিয়লি দুৰ্ভাগ্যজনকভাৱে মাজুলী-নিমাতীঘাটৰ মাজত চলাচল কৰা দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষৰ বাবে এখন ফেৰী ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। আমাৰ মনত পূৰ্বৰে পৰাই এনে ভয়ংকৰ ঘটনাৰ আশংকা নথকা নহয়। কাৰণ পূর্বে প্রতিকূল বতৰৰ নৌকা যাত্ৰাৰ কিছু অভিজ্ঞতা হৈছে। ইমান বছৰে সুবিধাজনক যাতায়াতৰ বাবে যোৰহাট-মাজুলীৰ মাজত এখন দলং নিৰ্মাণ নকৰিলে গত চৰকাসমূহে৷ পৰিণাম বুধবাৰৰ ভয়ংকৰ ঘটনা।
এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। মাজুলী মোৰ নিজৰ ঠাই বুলি উল্লেখ কৰি কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ ক্ষোভ উজাৰিলে। তেওঁ লিখিছে, “সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷ মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷”