ব্ৰহ্মপুত্ৰত মাজুলী-যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনা- ডুবি গ’ল ফেৰী ! বহু লোক সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত

আকাশেদি উৰা মন্ত্ৰীয়ে কি বুজিব প্ৰাণৰ মমতা!

ব্ৰহ্মপুত্ৰত মাজুলী-যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনা- ডুবি গ’ল ফেৰী ! বহু লোক সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত

  • নিমাতীঘাটত ফেৰী দুৰ্ঘটনা
  • ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ নামৰ ফেৰী
  • দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটো
  • যোৰহাটৰ নিমাতীঘাটত এই ঘটনা
  • ফেৰী দুখনত শতাধিক যাত্রী থকাৰ সম্ভাৱনা
  • নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী আছিল ফেৰী দুখন
  • ১০০ যাত্রী ডুব যোৱাৰ আশংকা
  • নিৰুদ্দেশ হৈ আছে এতিয়াও ৩০-৪০ লোক 
০৮ছেপ্টেম্বৰ এই দিনটোতে মাজুলীয়ে জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল

যোৰহাট জিলাৰ নিমাতি ঘাটৰ পৰা মাজুলী অভিমুখী আৰু মাজুলীৰ পৰা নিমাতিঘাট অভিমুখী দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত শতাধিক যাত্ৰী সন্ধানহীন হৈছে । জানিব পৰা মতে নিমাতি ঘাটৰ সমীপত বুধবাৰে বিয়লি হোৱা সংঘৰ্ষত মাজুলীৰ পৰা যোৱা নাওখন দুটুকুৰা হৈ যায়। দুয়োখন নাওৰ যাত্ৰী আৰু যান বাহন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। অদ্যপি উদ্ধাৰ অভিযান চলি আছে যোৰহাট আৰক্ষীৰ সহযোগত ।
আৰু কিমান  জিলা প্ৰশাসনৰ দুৰ্বল অৱস্থাৰ সুযোগ সকলোৱে লৈছে।আজিৰ তাৰ প্ৰমাণ এইয়া।ইমান দুৰ্বল প্ৰশাসনিক ব্যৱস্থা প্ৰথম দেখা পোৱা গৈছে।আজি এই অৱস্হাৰ বাবে দায়ী কোন ? চৰকাৰী ডাঙৰ ডাঙৰ নাও সমুহ বন্ধ কৰি থৈ সৰুনাও সমুহ চলাবলৈ দি আজি এই দুৰ্ঘটনা সংঘটিত হ'ল। দুঘটনা সংঘটিত হোৱা নাও দুখনৰ নাম টিপকাই আৰু মা কমলা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পাছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। বৰ্তমান এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। মা কমলা নামৰ ফেৰীখন নিমাতিঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল। আনহাতে টিপকাই নামৰ ফেৰীখন কমলাবাৰী ঘাটৰ পৰা নিমাতিঘাতলৈ আহিছিল। 
আৰু কিমান সহ্য কৰিব মাজুলীৰ লোকসকলে এনেকুৱা দুখ-যান্ত্ৰনা? চৰকাৰ- প্ৰশাসনে জানো বুজি পাব তেওঁলোকৰ সাধাৰণলোকসকলৰ এই অৱস্থা? বুজি পাব কেনেকৈ যদিহে তেওঁলোকে অহা-যোৱাৰ নামত উন্নতমানৰ যান বাহন তথা উন্নতমানৰ ফেৰী ব্যৱস্থা ব্যৱহাৰ কৰে? বুজি পাব কেনেকৈ যদিহে আকাশেদি উৰি পলকতে ইঠাইৰ পৰা সিঠাইলৈ যাত্ৰা কৰিব পাৰে। সচাকৈ সেই সাধাৰণ লোকসকলেই তেওঁলোকক ভোট দি মন্ত্ৰীত্বৰ আসনত বহুৱাই এটা সুখৰ জীৱন দিয়ে কিন্তু তেওঁলোকে সাধাৰণলোকসকৰ পিনে পিঠি দিয়ে। আজি এই ঘটনাৰটোৰ বাবে হয়তো কিমানৰ সুখৰ পৰিয়াল ধ্বংসহৈ গৈছে সেইয়া কোনে বুজি পাব?ইমান বছৰে যোৰহাট-মাজুলীৰ মাজত এখন দলং নিদিলে গত চৰকাৰ সমূহে । পৰিণাম আজিৰ ভয়ংকৰ ঘটনা । ৰ' ৰ' ,ৰ' পেক্স জাহাজ কেৱল ফুলদানী কৰি সজাই থ'বলৈ নিমাতীঘাটলৈ আনে । অত্যাধুনিক ফেৰীৰ পৰিৱৰ্তে আজিও মান্ধাতাযুগৰ ফেৰী । দেখি দুখ লাগে,খং উঠে । ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নিৰাপদ যাত্ৰা কোনে নিশ্চিত কৰিব ?তাৰ আজিও উত্তৰ নাই । লুইতৰ বুকুত দৈনিক বিপদ সংকুল যাত্ৰা ,নিতৌ ন ন দুৰ্ঘটনাৰ আশংকা । অতীততো ভয়ংকৰ ঘটনা দেখি-শুনি আহিছোঁ, কিন্তু সুপৰিকল্পিত আৰু নিৰাপদ নৌকা যাত্ৰা কেতিয়া ভাগ্য হ'ব আমাৰ ?

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now