ড০সৰ্বপল্লী ৰাধাকৃষ্ণণ ■ ৰাজশ্ৰী সেনাপতি গগৈ

ড০সৰ্বপল্লী ৰাধাকৃষ্ণণ

(প্ৰৱন্ধ শিক্ষক দিৱস উপলক্ষে)
ড০সৰ্বপল্লী ৰাধাকৃষ্ণণ  ■ ৰাজশ্ৰী সেনাপতি গগৈ প্ৰৱন্ধ শিক্ষক দিৱস উপলক্ষে। শিক্ষক দিৱসৰ বিষয়ে চমুকৈ লিখা,শিক্ষক ৰচনা,শিক্ষক দিৱসৰ কবিতা শিক্ষক দিৱস 2021, কিমান তম শিক্ষক দিৱস আজি শিক্ষক দিৱস সর্বপল্লী ৰাধাকৃষ্ণণৰ ৰচনা তোমালোকৰ বিদ্যালয়ত পালন কৰা যিকোনো এটা দিৱস বা উৎসৱৰ বিষয়ে চমুকৈ লিখা

      আমি সকলোৱে জ্ঞ্যাত যে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ এজনা গুণী, জ্ঞানী, শ্ৰদ্ধাৰ ব্যক্তি। তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল যদিও নিজকে শিক্ষক হিচাপে হে পৰিচয় দিবলৈ ভাল পাইছিল ।তেওঁৰ মূখ্য উদেশ্যই আছিল শিক্ষকতা আৰু সেইহে শিক্ষাই তেওঁৰ জীৱনৰ মূল উদ্দেশ্য ও ধৰ্ম। এই মহান ব্যক্তিৰ জন্মদিনটোতেই আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰে।

       ড০ ৰাধাকৃষ্ণণ মাদ্ৰাজৰ এখন ক্ষুদ্ৰ গাওঁত ১৮৮৮ চনত ৫ চেপ্টেম্বৰ দিনা জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম বীৰস্বামী আৰু মাতৃৰ নাম সীতাম্মা আছিল ডঃ ৰাধাকৃষ্ণণ ঘৰখনৰ দ্বিতীয় সন্তান আছিল। তেওঁ ব্ৰাহ্মণ পৰিয়ালত জন্ম লোৱাৰ বাবে তেওঁ বাল্যকালৰ পৰাই ধৰ্মৰ প্ৰভাৱ পৰিছিল ।তেওঁ মানৱ প্ৰেমী আছিল ঘৰতে সদায় পূজা পাঠ, নাম কীৰ্তন চলিছিল সেইহে তেওঁ ধৰ্মৰ ক্ষেত্ৰত আকৰ্ষিত হৈছিল ।

        তেওঁৰ প্ৰাথমিক শিক্ষা নিজৰ গাওঁ তিৰুতানি ত আঁঠ বছৰ সম্পূৰ্ণ কৰিছিল। তেওঁ সেই কালছোৱাত এখন প্ৰৱন্ধ লিখি উলিয়াইছিল নাম আছিল 'Fragments of Confessions'। তেওঁ বিভিন্ন মিচনাৰী বিদ্যালয়, কলেজ আদিত অধ্যয়ন কৰাৰ বাবেই শেষ দিন পৰ্য্যন্ত হিন্দুধৰ্মৰ মৰ্যাদা সম্বন্ধে অনুপ্ৰাণিত হৈছিল।

        শিক্ষা হৈছে শক্তি আৰু মানৱ জীৱনৰ ডাঙৰ সম্বল। UNESCO সিদ্ধান্ত অনুসৰি ১৯১৪ চনৰ পৰা এই দিনটোতেই আমাৰ ভাৰতবৰ্ষত ও শিক্ষক দিৱস পালন কৰা হয়। তেওঁৰ শিক্ষাৰ অপৰিসীম শক্তি থকাৰ বাবে ছাত্ৰ সমাজত তেওঁক এজন সুদক্ষ্য শিক্ষক হিচাপে গণ্য কৰা হয় ।ছাত্ৰ আৰু মানৱসমাজলৈ তেওঁ বহুত কিতাপ ৰচনা কৰি মানৱ সমাজলৈ বৰঙনী আগ বঢ়াই থৈ গৈছে। তেওঁৰ এক মহৎ বাণী-"জন্ম যেনেকোৱাই নহওঁক কিয়, কৰ্ম হওঁক সদায় ভাল" তেওঁ লিখা এখন কিতাপত কৈছিল ধন, ঐশ্বৰ্য্য,বংশ মৰ্যাদা অধিকাৰী তেওঁৰ নাছিল, তেওঁ এটি সাধাৰণ পৰিয়ালৰ পৰা যদিও তেওঁ সত্যৰহে সন্ধান কৰিছিল | সেই কিতাপ খনৰ নাম হৈছে 'My search of Truth' তেওঁ নিজকে স্বৰ্কিয় স্থান দিছিল সেইহে মানৱ প্ৰেমী ৰূপ হিচাপে প্ৰতিষ্ঠা কৰিব বিছাৰিছিল। তেওঁ নিৰ্জনতা প্ৰিয় আছিল যদিও সকলোৰে মাজত মিলিজুলি থকাটোৱেই বিশেষ গুণ আছিল ৷ তেওঁ মাদ্ৰাজৰ বিশ্ববিদ্যালয়ত এম. এ পৰীক্ষাৰ বাবে এখন প্ৰৱন্ধ ৰচনা কৰা নিয়ম আছিল সেইহে তেওঁ Research অনুসৰি 'Ethics of the Vedanta' নামৰ মৌলিক প্ৰৱন্ধখন জমা দিয়ে | তেওঁৰ ৰচনা কৰা দুখন পুথি Oxford  University ত এক বিশেষ স্থান লাভ কৰে |পুথি কেইখন হৈছে 'The ethics of the Vedanta and it's meta physical presupposition' আৰু Essentials of Psychology. ইয়াৰ পিছটো তেওঁ বহুতো প্ৰবন্ধ লিখে যেনে-International Journal of Ethics, Monist, Quest, Mind, Religion of Religion 

in Contemporary Philosophy, Reality based on the Upanisad আৰু অনান্য।

         ড০ ৰাধাকৃষ্ণণ ৰ বিষয়ে আলোচনা কৰিব গলে শেষ নহ'ব ।১৯৩১ চনত ডঃ ৰাধাকৃষ্ণণয়ে অন্ধ বিশ্ববিদ্যালয় উপাচাৰ্য হয়।১৯৩২ চনত তেওঁ ৰ বিখ্যাত দাৰ্শনিক গ্ৰন্থ প্ৰকাশ পায়। 'An Idealistic view of life'। সেইহে তেওঁক দাৰ্শনিক পণ্ডিত বুলিও জনা যায় ।তেওঁ ভাৰতীয় সংস্কৃতিৰ ওপৰত বহুতো পুথি ৰচনা কৰে আৰু সকলোৰে মাজতে নিহিত ।তেওঁ ৰাষ্ট্ৰদূত হৈ থকা কালতো নিজৰ সাজ ধূতি - চোলা মূৰত পাগুৰি এৰি দিয়া নাছিল। তেওঁ বহুত লাজকুৰীয়া আছিল।

    ড০ ৰাধাকৃষ্ণণ এইয়েই কিছু ছমু বিবৰনী।তেওঁ ভূতপূৰ্ব ৰাষ্টপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰিছিল। বিশ্বাসয়েই আছিল তেওঁৰ অদৃশ্য শক্তি ।তেওঁ ৰাজনৈতিক শিক্ষা অন্ত পলায় পূৰণি ঘৰখনলৈ অন্তিম দিন কেইটা পাৰ কৰিবলৈ যায়।

         অৱশেষত তেওঁ ১৯৭৫ চনৰ ২২ জুনত মৃত্যু হয়| সেইহে তেওঁৰ মহাত্বৰ বাবে সদায় ৫ ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় |

━━━━━━━━━❖━━━━━━━━━

ৰাজশ্ৰী সেনাপতি গগৈ

ঠিকনাঃ ডিব্ৰুগড়।

মেইলঃ [email protected]

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now