চিচিং”ৰ স্ৰষ্টা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ অসমীয়া শিশু সাহিতা বঁটা

Rothindranath Goswami. 

অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা আৰু শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ “অসমীয়া শিশু সাহিতা বঁটা” আগবঢ়োৱা হৈছে। মৌচাকমামা (শান্তনু তামুলী)ৰ দ্বাৰা সম্পাদিত জনপ্ৰিয় মাহেকীয়া শিশু আলোচনী মৌচাকৰ যোগেদি সৃষ্টি হোৱা এই চিচিং নামৰ চৰিত্ৰটোৱে এটা সময়ত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ল। বৰ্তমানেও প্ৰকাশ পাই অহা এই চিচিং চৰিত্ৰটোৱে অসমীয়া শিশু সাহিত্য জগতখনত এক উল্লেখযোগ্য বৰঙনি আগবঢ়াই আহিছে। চিচিং হৈছে মূলতঃ এটা নিগনী। কাহিনীত ই মৌচাক আলোচনীৰ লগত জড়িত এজন সদস্য। এই চিচিঙে মৌচাকৰ সকলো অকনিকে চিনি পাই। গতিকে অসমৰ চুকে- কোনে আৰামত ঘুৰি ফুৰিব পাৰে চিচিঙে। কাৰণ মৌচাক পঢ়া অসমৰ চুকে- কোনে থকা অকনি, পঢ়ুৱৈ, লেখক, শুভাকাংক্ষী সকলোৰে ঘৰলৈ যাব পাৰে চিচিং। সকলোৱে চিচিঙক মৰমো কৰে। এনেকৈয়ে চিচিঙৰ বিভিন্ন মনোৰঞ্জন কাহিনী মৌচাকৰ পাতত প্ৰকাশ পাই আহিছে। ৰথীন্দ্ৰনাথ গোস্বামীৰ সৃষ্ট শিশুসকলৰ অতি প্ৰিয় চৰিত্ৰ “চিচিং”ক লৈ বিগত তিনিটা দশকজুৰি শদিয়াৰ পৰা ধুবুৰীলৈ ভালেকেইটা প্ৰজন্মৰ অকণিয়ে অলেখ কাহিনী লিখি আহিছে।  অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদকদ্বয় মনোৰঞ্জন বৰগোহাঁই, ৰাকেশধিৰ মেধিয়ে এক প্ৰেছবিবৃত্তি যোগে এই  কথা জনাইছে। “চিচিং”, “হ’বি”, “পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান”, প্ৰথম অসমীয়া শিশু উপযোগী ভ্ৰমণ কাহিনী “বিদেশী বন্ধুৰ দেশত”, “কিংকিনীৰ বিদ্ৰোহ”, “বিজ্ঞানে আনিব জোৱাৰ”, “অংক জংক পংক”, ৰথীন মামাৰ অংকৰ মজা, “চলন্ত মহাদেশ গতিশীল পৃথিৱী” আদি বহুকেইখন মৌলিক গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীয়ে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল শান্তনু তামূলীৰ সম্পাদিত জনপ্ৰিয় শিশু আলোচনী “মৌচাক”ত।
চিচিং- ৰথীন্দ্ৰনাথ গোস্বামী

Buy This Book: Click here

তেওঁ সাহিত্য জগতখনত খোজ দিয়াত মৌচাক তথা মৌচাকমামাৰ অৱদানৰ বিষয়ে ইতিমধ্যে তেওঁ মৌচাক আলোচনীৰ পাতত উল্লেখ কৰিছে।শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত অতি জনপ্ৰিয় ৰথীন্দ্ৰ নাথ গোস্বামীয়ে ক্লনিং পদ্ধতিৰে সৃষ্টি কৰা, মগজুত কম্পিউটাৰ চিপ স্থাপন কৰা, “চিচিং” নামৰ কঁঠালগুটীয়া নিগনিটোৱে এহেজাৰ টকীয়া নতুন টকা নোখোৱা আৰু আনকো নেখাবলৈ পৰামৰ্শ দিয়া আদি বিচিত্ৰ প্ৰসংগৰ লেখাবোৰক বুদ্ধিদীপ্তভাবে উপস্থাপন কৰিছে। বিজ্ঞান, সাহিত্য, কল্পবিজ্ঞান, ভ্রমণ কাহিনী, শিশু সাহিত্যকে আদি কৰি বিবিধ প্ৰবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় যোৰহাটত। পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামী। গোস্বামীয়ে ১৯৮৭ চনত ভূতত্ব বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্রী লাভ কৰে। ১৯৯২ চনত অসম প্রশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যোগদান কৰে।। তেওঁ বৰ্তমান অ’ এন জি চি-ৰ ডেৰাডুন কাৰ্যালয়ৰ এগৰাকী জেনেৰেল মেনেজাৰ।  অসমীয়া শিশু সাহিত্যত “চিচিং” এক ব্যতিক্ৰম চৰিত্ৰ, এই চৰিত্ৰটোৱে ভালেমান শিশুক কলম তুলি ল’বলৈ উৎসাহিত কৰিছে; ফলত এই চৰিত্ৰটোক লৈ শিশুসকলে ৰচনা কৰা কাহিনীৰে জনপ্ৰিয় শিশু আলোচনী মৌচাকে এটা বিশেষ সংখ্যাও প্ৰকাশ কৰিছিল। দেশে-বিদেশে বহু আলোচনা সভাত আলোচক হিচাপে অংশ গ্ৰহণ কৰা গোস্বামীয়ে নেচনেল বুক ট্ৰাষ্টে অনুষ্ঠিত কৰা শিশু সাহিত্যৰ আলোচনা সভাত সমল ব্যক্তি হিচাপে অংসগ্ৰহণ কৰিছে। অনুবাদ সাহিত্যত গ্ৰন্থ বেলুনত পাঁচ সপ্তাহ, সমুদ্ৰিকা, জুৰাছিক পাৰ্ক, ভালেমান গল্প, কল্প-বিজ্ঞান কাহিনী আদিৰ জৰিয়তে শিশু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত 'পাৰস্যত এভুমুকি' নামৰ ভ্ৰমণ কাহিনীটো ইতিমধ্যে অসমৰ চৰকাৰৰ পাঠ্যপুথি প্ৰনয়ন বিভাগে দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত সন্নিৱিষ্ট কৰিছে। এই ভ্ৰমণ কাহিনীটোৱে সচাকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক আৰু বৌদ্ধিক বিকাশত বহুখিনি সহায় কৰিছে। উল্লেখ্যযে  ১৯৮৫ চনত ছাত্ৰকালতে তেওঁ অসম সাহিত্য সভাই অনুষ্ঠিত কৰা ‘অসম এছচিয়েচন, আমেৰিকা ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। বিজ্ঞানচৰ্চাক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা লোৱা গোস্বামীয়ে কৰ্মব্যস্ততাৰ মাজতে সাংবাদিকতা আৰু সম্পাদনাৰ কামো নিৰালস্যভাৱে কৰি গৈছে। অসমীয়া শিশু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা গোস্বামীক অসমীয়া সাহিত্যৰ এই সন্মানীয় বঁটাটো বৰ্ষটোৰ শেষত সংস্কৃতি নগৰী তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰদান কৰা হ’ব বুলি অকণিৰ সাহিত্য সভাই জনাইছে। ইয়াৰ পূৰ্বে এই বঁটা ২০১৪ চনত দীলিপ কুমাৰ বৰুৱা, ২০১৫ চনত শশীন্দ্ৰ কুমাৰ অধিকাৰী, ২০১৬ চনত বীণা শৰ্মা, ২০১৭ চনত যুগললোচন দাস, ২০১৮ চনত নূপুৰ মোমাইদেউ, ২০১৯ চনত ৰঞ্জু হাজৰিকা, ২০২০ চনত দ্বিজেন নাথক প্ৰদান কৰিছিল। তদুপৰি, অকণিৰ সাহিত্য সভাই প্ৰতিবছৰে এখন শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ লেখকলৈ মৃগনয়না শইকীয়া সোঁৱৰণী বঁটা ২০১৯ চনত “দোকমোকালিৰ বেলি” গ্ৰন্থৰ লেখিকা সুৰাংগনা হাজৰিকালৈ আগবঢ়াইছিল আৰু এই বছৰ “ৰিব্‌ৰিব্‌ মুনমীহঁতৰ শেষ নোহোৱা কাহিনী”ৰ বাবে লেখক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now