একৈশ দিন জানো বেছি হয়!
একৈশ দিন জানো কম হয়!
একৈশ দিন জানো ভালৰ হয়!
একৈশ দিন জানো বেয়াৰ হয়!
সময়-অসময়ৰ হিচাপ জানো
একৈশ দিনৰ হয় ?
খোজে প্ৰতি কাঁইটে খোঁচা,
খোজে প্ৰতি মলম সনা ,
খোজে প্ৰতি যোগান ধৰা একৈশ দিনীয়া ঔষধীয় যাত্ৰা।
পিচলীয়া নহয় বাট ,
ফাঁট মেলা ও নহয় বাট ,
নহয় বাট পৰৰ স্থানৰ।
নিজৰেই পদূলিৰ বাট ,
একাঁ - বেঁকা চাপ তাত,
নিজেই খান্দি দ্ কৰা
মস্তিষ্কৰ বাট ।
একৈশ দিন জানো কম হয়!
জীৱনটো ও জানো দীঘল হয়!
একৈশ দিনৰ যাত্ৰা যদি সফল হয় ,
উক্ত দিনকেইটাই জানো নহ'ব
শুদ্ধৰণিৰ বাটৰ দিন !
হাতৰ কলম পিছলি যোৱা ,
তেলৰ মজিয়াত পিছল খোৱা,
দুয়ো ঘটনাৰ বিভেদ জানো আমি পাওঁ?
ৰং চাই গীত গোৱা মানুহৰ যাত্ৰাও জানো একৈশ দিনৰ হয় ?
যদি কবি হয় একৈশ দিনৰ ,
নতুবা
একৈশ দিন যদি কবিৰ হয় ;
অমানুহবোৰো জানো একৈশ দিনৰ মানুহ হ'ব !!
------------------------•-------------------------
■ আচিত্ৰা মালা বৰঠাকুৰ
ঠিকনা :- মৰান , ডিব্ৰুগড়
ফোন নং - ৯৭০৭২১৩৫৭৮