যুঁজাৰু ✍️ অদ্ৰিজা গগৈ (নিয়ৰকণা) - অসমীয়া কবিতা ।


 যুঁজাৰু

আন্ধাৰৰ দিশত পোহৰৰ কিৰিলি

অদৃশ্য জনৰ নাম লৈ ভয়াতুৰ 

নৈশ সমাজৰ পৰা‌ ব্যতিক্ৰমী   

ব্যতিব্যস্ত বিবেকত শংকাৰ দাবানল


অচিনাকী পটভূমিত চিনাকি মুখৰ স্মৃতি

পুনৰ নেদেখাৰ ব্যৰ্থ দুঃচিন্তাৰ কিল -বিলনি


কিন্তু চকু মদিলেই জানো আবিৰ ম্লান হয়

উষ্ণ তেজৰ প্ৰতিটো টোপালে নাজানে কাপুৰুষ হৈ,

থাকি যাব বিধ্বস্ত হৈ।

পুৰণ উঠিল তেওঁ,

হেৰুৱা আত্মবল দুগুণ কৰি।

কষ্ট হৈছিল অলপ!!

হতাশাগ্ৰস্ত আঘাটে পূৰ্ণ আছিল,

কিন্তু সাজু হৈছিল পুনৰ চিনাকি জীৱনৰ ৰণাঙ্গলৈ।

------------------------•------------------------- 


1 Comments

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now