শৈশৱ : অতীত আৰু বৰ্তমান ✍️- প্ৰশান্ত বাৰ্মা

   


  শৈশৱ কাল হৈছে জীৱনৰ মধুৰতম সময়। এই সময়ছোৱাত শিশু এজনে জীৱন, শিক্ষা, কৰ্মসংস্থাপন ইত্যাদি কোনো বিষয়তে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নহয়। এই সময়ছোৱাত শিশুসকলৰ শাৰীৰিক-মানসিক বিকাশ সাধনৰ লক্ষ্য আগত ৰাখি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। শৈশৱ কালছোৱা মানুহ এজনৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিহেতু শৈশৱ কালেই হৈছে জীৱনৰ কোমলীয়া সময়, সেয়েহে এই সময়ছোৱাত গঢ় লৈ উঠা যিকোনো অভ‌্যাস অথবা আচৰণ গোটেই জীৱনজুৰি প্ৰভাৱ পেলাব পাৰে। শৈশৱ কালছোৱাত পৰিয়ালৰ সদস্য, সমাজৰ লোক, বিদ্যালয়ৰ বন্ধু-বান্ধৱী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বিভিন্ন কাৰ্যকলাপ তথা ব্যৱহাৰে শিশুসকলৰ মগজুত বিশেষভাৱে ৰেখাপাত কৰে। গতিকে এই সময়ছোৱাত শিশুসকলৰ শাৰীৰিক-মানসিক বিকাশ সাধন কৰিব পৰা এক সুস্থ পৰিৱেশ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়।


সময় আগবাঢ়ি যোৱাৰ লগে লগে মানুহৰ দৈনন্দিন জীৱন-প্ৰণালী, আচাৰ-আচৰণ আদিৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। আধুনিক জীৱনশৈলীত যন্ত্ৰপাতিৰ ব্যৱহাৰ অত্যধিক হাৰত বৃদ্ধি হৈছে। আধুনিক কালে শিশুসকলৰ জীৱনতো বহুল পৰিৱৰ্তন আনি দিছে। শিশুসকলৰ আজৰি সময় অতিবাহিত কৰাৰ পদ্ধতিও বৰ্তমান সলনি হৈছে। আজিৰ পৰা দহ বছৰ আগলৈকে শিশুসকলে আজৰি সময়ত কৰা কামবোৰ বৰ্তমান কৰা কামবোৰৰ মাজত এক বৃহৎ ব্যৱধান দেখা গৈছে। পূৰ্বতে শিশুসকলে আজৰি সময়ত একোখন সাধু অথবা আলোচনী এখন উলিয়াই কিতাপৰ মনোৰম জগতত বুৰ গৈছিল। 'সঁফুৰা', 'মৌচাক', 'ৰংমন', 'টিংকল' ইত্যাদি আলোচনীবোৰ শিশুসকলৰ হৃদয়ত স্থান লাভ কৰিছিল। কিন্তু বৰ্তমানৰ অধিকাংশ শিশুৰ যেন এই মনোৰম আলোচনী, সাধুপুথিবোৰৰ প্ৰতি কোনো আকৰ্ষণেই নাই। পূৰ্বতে শিশুসকলৰ শৈশৱ অতিবাহিত হৈছিল 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতিল'ৰা', 'জাতকৰ সাধু', 'ঈছপৰ সাধু'ৰ মাজেৰে। কিন্তু বৰ্তমানৰ শিশুসকলে এই মনোৰম সাধুবোৰ অথবা সাধুবোৰৰ নীতি কথাবোৰ ভালদৰে শিকিবলৈ সুযোগেই লাভ নকৰে। বৰ্তমানৰ শিশু আজৰি সময় অতিবাহিত কৰে ইউটিউব, গুগল আৰু ফেচবুক ব্যৱহাৰৰ জৰিয়তে। বৰ্তমানৰ অধিকাংশ শিশুৱেই স্মাৰ্ট ফোনত ইণ্টাৰনেট ব্যৱহাৰ কৰাত পাৰ্গত। গাওঁ অঞ্চলৰ শিশুৰ তুলনাত নগৰ অঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰা শিশুৰ সংখ্যা অতি বেছি। শিশুসকলে মোবাইলত ঘণ্টা-ঘণ্টাজুৰি সময় অতিবাহিত কৰাটো তেওঁলোকৰ শাৰীৰিক-মানসিক বিকাশত বাধাৰ কাৰক হ'ব পাৰে। মোবাইলৰ যোগেদি নানা তথ্য আৰু জ্ঞান অৰ্জন কৰাটো সুবিধাজনক আৰু লাভদায়ক যদিও শিশুসকলক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অভিভাৱকসকলে যত্ন কৰা উচিত। যিহেতু অধ্যয়নেই হৈছে মানসিক উৎকৰ্ষ সাধনৰ সৰ্বোত্তম উপায়। পূৰ্বতে শিশুসকলে খেলা-ধূলা কৰাত অধিক সময় দিছিল, কিন্তু বৰ্তমান এইক্ষেত্ৰতো অনীহা দেখুওৱা পৰিলক্ষিত হৈছে। শিশুসকলৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ উপযুক্ত ব্যায়াম তথা খেল-ধেমালিও অতি প্ৰয়োজন।

এই লেখাৰ জৰিয়তে আমি শৈশৱকালৰ পৰিৱৰ্তিত জীৱনশৈলীৰ বিষয়ে চমু আভাস পালোঁ। শিশুসকলে মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি বিৰোধ কৰা নাই, মাথোঁ সীমিত ৰূপতহে মোবাইল ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। 


লগতে মোবাইল ব্যৱহাৰ কৰাৰ সময়ছোৱা জ্ঞানবৰ্ধক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কোৱা হৈছে। শিশুসকলৰ সুস্বাস্থ্য বজাই ৰখাৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত অভিভাৱকসকলৰেই দায়িত্ব সৰ্বাধিক। গতিকে অভিভাৱকসকলে নিজৰ সন্তানক কিতাপৰ প্ৰতি আকৃষ্ট কৰিবলৈ যত্ন কৰা উচিত। তেতিয়াহে তেওঁলোকৰ সন্তানৰ সকলো দিশতে বিকাশ সম্ভৱপৰ হ'ব আৰু তেওঁলোক এক উজ্বল ভৱিষ্যতৰ অধিকাৰী হ'ব। যিহেতু 'আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত'।

------------------------•-------------------------  

লিখকঃ প্ৰশান্ত বাৰ্মা

ছাত্ৰ, তিনিচুকীয়া মহাবিদ্যালয়, তিনিচুকীয়া।

Post a Comment

Previous Post Next Post
WhatsApp Group Join Now
Telegram Group Join Now
WhatsApp Group Join Now
Telegram Group Join Now