পুথিভঁ‌ৰাল - অসমীয়া ৰচনা

পুথিভঁ‌ৰাল - অসমীয়া ৰচনা ৰচনা,  ৰচনা লিখা নিয়ম, ৰচনা class 10, ৰচনা লিখা নিয়ম, ৰচনা ছাত্ৰৰ কৰ্তব্য ৰচনা প্ৰবাহ pdf, অসমীয়া ৰচনা কিতাপ, ৰচনা পুথি

আৰম্ভণি :
পুথি মানুহৰ মন আৰু মগজুৰ সৎকৰ্ষণৰ ফলত উৎপাদিত মানৱ জাতিৰ অমূল্য সম্পদ। মানুহে যুগ যুগ ধৰি জীৱনত আয়ত্ত কৰা জ্ঞান, মনৰ কল্পনা, জীৱনৰ অভিজ্ঞতাৰ লিখিত আৰু প্ৰকাশিত ৰূপেই হ’ল পুথি। সময়ৰ সোঁতত জীৱনৰ পৰিসমাপ্তি ঘটে। লেখকসকলে লিখি থৈ যোৱা পুথিসমূহ পৃথিৱীত থাকি যায়। খ্ৰীষ্টজন্মৰ হাজাৰ বছৰৰ আগতে ৰচিত ঋক, যজু, সাম, অথর্ব বেদ আজিও আছে। ভাৰতবৰ্ষৰ মাজেদি কিমান ধুমুহা পাৰ হৈ গ'ল কিন্তু উপনিষদ, বেদান্ত, গীতা, ৰামায়ণ, মহাভাৰত আজিও আছে। শ্বেইক্সপীয়েৰ, কালিদাসে লিখা নাটক আছে। গেলিলিঅ', নিউটনৰ তথ্য-পাতি আজিও আছে। বাইবেল, কোল্-আন ধর্মশাস্তবোৰো আছে। ইয়াৰ একমাত্ৰ কাৰণ পুথি, কিতাপ বা গ্রন্থ সংগ্ৰহ আৰু সংৰক্ষণৰ মানসিকতা আৰু কাৰ্যকৰী ব্যৱস্থা। পুথিভঁৰাল হ’ল যুগ যুগ ধৰি ৰচিত পুথিসমূহ পাঠকসকলে অধ্যয়ন কৰিব পৰাকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি থোৱা গৃহ। পুথিভঁৰালত পুথিসমূহ সংগ্ৰহ কৰি ৰখাৰ বাবেই উত্তৰ পুৰুষসকলে বিভিন্ন বিষয়সমূহ প্রয়োজন মতে অধ্যয়ন কৰিনতুন নতুন চিন্তাৰে, অভিনৱ তথ্য পাতিৰে পৃথিৱীখন সমৃদ্ধ কৰাত সুবিধা হৈছে।

পুথি ভঁৰালৰ আৱশ্যকতা : মানৱ সভ্যতাৰ বিকাশৰ লগে লগে বুদ্ধিমান আৰু দূৰদৰ্শী লোকসকলে যিবিলাক পুথি লিখি থৈ গৈছে সেই পুথিসমূহ পৰৱৰ্তীকালত সংগ্ৰহ কৰি নোথোৱা হ’লৈ আজি মানুহে জ্ঞান-বিজ্ঞান, সাহিত্য-সংস্কৃতি, গীত-মাত আদিত ইমান উৎকর্ষ সাধন কৰিব নোৱাৰিলেহেতেঁন। প্রাচীন কালৰেপৰা ভাৰতৰ ঋষি-মুনিসকলে ছাত্রক শিক্ষা প্রদান কৰিবৰ বাবে সকলো পুথি সংগ্ৰহ কৰি ৰাখিছিল। ৰজা মহাৰজাসকলেও নিজ নিজ ৰাজ্যত শিক্ষা সম্প্ৰসাৰণৰ বাবে পুথিভঁড়াল পাতিছিল। নালন্দা বিশ্ববিদ্যালয়ৰ 'ৰত্নোদধি' নামৰ পুথিভঁড়ালটো ন-মহলীয়া আছিল। তক্ষশীলা, উজ্জয়িনী, উদাত্তপুৰ, বিক্রমশীলা বিশ্ববিদ্যালয়সমূহত থকা পুথি ভঁৰালতো অনেক মূল্যৱান পুথি আছিল। শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলিৰ ব্যক্তিগত পুথি ভঁৰালতো অনেক পুথি থকাৰ কথা চৰিত পুথিত উল্লেখ আছে। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাতো এটি বৃহৎ পুথিভঁৰাল আছিল। এইকথা ৰাম সৰস্বতীৰ মহাভাৰতত উল্লেখ আছে। এইদৰে বিচাৰ কৰি চালে দেখা যায় আধুনিক যুগতে নহয় অতীত কালৰে পৰা ছাত্ৰ আৰু পণ্ডিতসকলে অধ্যয়ন কৰিবৰ বাবে পুথিভঁৰালত পুথি সংগ্ৰহ কৰি ৰখাৰ প্ৰথা আছিল। পৃথিৱীত বিভিন্ন ৰুচিৰ মানুহ আছে। পুথিভঁৰালত সকলো মানুহে নিজৰ ৰুচি আৰু অভ্যাস অনুযায়ী পঢ়িব পৰাকৈ পুথি ৰখা হয়। তদুপৰি কিছুমান অতি দুষ্প্রাপ্য পুথি আছে। প্রয়োজন হলে তেনে দুষ্প্রাপ্য পুথি পুথিভঁৰাললৈ গৈ পঢ়িব পাৰে। ইয়াৰ উপবিত্ত। সকলো সময়তে সকলো কিতাপ পাবলৈ অসুবিধা আৰু বজাৰত বিচাৰিলেও কিনিবলৈ পোৱ নাযায়। তদুপৰি কিছুমানৰ মূল্য ইমান বেছি যে ব্যক্তিগতভাৱে কিনা অসম্ভৱ। এনেবিলাক অৱস্থাত পুথিভঁৰালে পাঠকসকলক, জ্ঞান পিপাসুলোকসকলক সহজতে অধ্যয়ন করা, জনা বুজাত আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। আজিৰ যুগ গৱেষণা আৰু পৰ্যবেক্ষণৰ যুগ। গৱেষক আৰু পর্যবেক্ষকসকলৰ বাবে পুথিভঁৰালৰ আৱশ্যকতা অতি গুরুত্বপূর্ণ। বিদ্যালয় মহাবিদ্যালয় সমূহত থকা পুথিভঁৰালসমূহ ছাত্ৰ আৰু শিক্ষক সমাজৰ বাবে সঞ্জীৱনী স্বরূপ।

পুথিভঁড়ালৰ প্ৰকাৰ : পুথিভঁৰালক প্ৰধানকৈ ছয় ভাগত ভাগ কৰিব পাৰি। (১) জাতীয় পুথিভঁৰাল (২) চৰকাৰী পুথিভঁড়াল (৩) ৰাজহুৱা পুথিভঁড়াল (৪) ব্যক্তিগত পুথিভঁড়াল (৫) বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁড়াল (৬) ভ্রাম্যমান পুথিভঁড়াল।

পুথিভঁৰালৰ ঘৰ-দুৱাৰ, কিতাপ-আচবা-পত্ৰৰ পৰা আৰম্ভ কৰি গ্রন্থাগারিক আৰু কৰ্মচাৰীসকলক নিয়োগ কৰি সম্পূৰ্ণ পৰিচালনা কৰালৈকে যিবিলাক পুথিভঁৰাল চৰকাৰৰ দ্বাৰা পৰিচালিত হয় তেনে পুথিভঁৰালবিলাক চৰকাৰী পুথিভঁৰাল। চৰকাৰী পুথিভঁৰাল মহকুমা ভিত্তিত মহকুমা পুথিভঁড়াল, জিলা ভিত্তিত জিলা পুথিভঁৰাল, ৰাজ্যিক পুথিভঁড়াল (State library) আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয় পুথিভঁৰাল (National Library) প্রতিষ্ঠিত। নগৰ অঞ্চলতেই হওক, গাঁও অঞ্চলতেই হওক প্রথম অৱস্থাত বাইজে দান-বৰঙণি সংগ্ৰহ কৰি ঘৰ-দুৱাৰ আচবাব, ভঁৰাল স্থাপন কৰি এখন পৰিচালনা কমিটিৰ দ্বাৰা যাৱতীয় কাম-কাজ চলোৱা হয়। তেনে পুথিভঁৰালসমূহেই হ’ল ৰাজহুৱা পুথিভঁবাল। এই পুথিভঁৰালবিলাকত পৰিচালনা সমিতিয়ে চৰকাৰৰ ওচৰত আবেদন কৰি মাজে সময়ে চৰকাৰী অনুদান লাভ কৰে। এই ৰাজহুৱা পুথিভঁৰালবিলাকে চৰকাৰৰ ঘৰত নাম ৰেজিষ্ট্ৰাৰ কৰিব লাগে। এনে পুথিভঁৰালৰ গ্ৰন্থাগাৰিকজন পৰিচালনা সমিতিয়ে বাছি দিয়ে।

জ্ঞানপিপাসু লোকসকলে ওৰেটো জীৱন জ্ঞান অর্জনত ব্ৰতী হৈ থাকে। তদুপৰি শিক্ষক, গৱেষক, অধিবক্তা, চিকিৎসক, বিজ্ঞানীসকলে নিজৰ কচি, প্রয়োজন অনুসৰি নিজৰ ঘৰতে একোটা পুথিভঁৰাল স্থাপন কৰি ব্যক্তিগত উপাৰ্জনৰ এটি অংশ কিতাপ কিনাত খৰচ কৰে। ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু, ইন্দিৰাগান্ধী, ভি.ভি. গিৰি, ৰাষ্ট্ৰপতি ড" বাজেন্দ্রপ্রসাদ, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আদিৰ ব্যক্তিগত পুথিভঁৰাল ৰাজনীতি, সমাজনীতি, ধর্ম-দর্শন, সাহিত্য বিভিন্ন দিশৰ কিতাপেৰে পৰিপূৰ্ণ। অসমৰ শিক্ষাজগতত চকু ফুৰালে গুৱাহাটী বিদ্যালয়ৰ উপাচাৰ্য্য পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ, ডিব্ৰুগড়ৰ কটন কলেজৰ অধ্যক্ষ ড’ যোগীৰাজ বসু, ড° মহেশ্বৰ নেওগ আদিৰ ব্যক্তিগত পুথিভঁৰাল সহস্রাধিক পুথিৰে পৰিপূৰ্ণ আছিল।

উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বিলাকত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ প্ৰয়োজনীয়তাৰ দিশত লক্ষৰাখি একোটি পুথিভঁৰাল স্থাপন কৰা হয়। এই পুথিভঁৰাল সমূহৰপৰা ছাত্র শিক্ষক আৰু গৱেষক শিক্ষকসকলে অতি সহজতে অধ্যয়নৰ সুবিধা লাভ কৰিব পাৰে। এনে পুথিভঁৰালসমূহলৈও চৰকাৰে অনুদান আগবঢ়ায়। তনুপৰি প্ৰতিবছৰ নামভৰ্তিৰ সময়ত 'Library fees' সংগ্ৰহ কৰি প্ৰতি বছৰে পুথিভঁৰাললৈ নতুন কিতাপ কিনাৰ ব্যৱস্থা কৰিব পাৰে। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বিলাকৰ গ্ৰন্থাগাৰিক চৰকাৰী পঞ্চই নিয়োগ কৰে বাবে প্রতি মাহে বেতন পায়। উন্নত দেশসমূহত ভ্রাম্যমান পুথিভঁবাল থাকে। এনে পুথিভঁৰালে পুথিভঁৰালৰ পৰা গাড়ীত পুথি লৈ গৈ পঢ়ুৱৈৰ প্ৰয়োজন মতে ঘৰত পঢ়িবলৈ দি নির্দিষ্ট দিনত ঘুৰাই আনে। আমাৰ ইয়াত তেনে সুবিধা এতিয়াও হোৱা নাই।

পুথিভঁৰাল পৰিচালনা : পুথিভঁৰালসমূহ পৰিচালনা কৰিবৰ বাবে কিছুমান নির্দিষ্ট নিয়ম থাকে। (১) পুথিভঁৰালৰ পঢ়ুৱৈ হ'বলৈ সদস্য অন্তর্ভুক্ত হ'ব লাগে। (২) অধ্যয়ন কক্ষত প্রতিজন পঢ়ুৱৈ নীৰৱতা অৱলম্বন কৰা বাধ্যতামূলক। (৩) ঘৰত পঢ়িবলৈ অনা পুথি, পুথিভঁৰালৰ নিয়ম মানি নির্দিষ্ট সময়ত ঘুৰাই দিব লাগে। (৪) এখন পুথি ঘূৰাই নিদিয়া পর্যন্ত আন পুথি নিব নোৱাৰে। (৪) পুথি হেৰালে বা নষ্ট হ'লে পুথিৰ মূল্য পরিশোধ কৰিব লাগে। (৫) যিবিলাক গ্ৰন্থ দুষ্প্রাপ্য বৃহৎ আকাবৰ আৰু অধিক মূল্যৰ তেনে গ্ৰন্থ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে পুথিভঁৰালতে অধ্যয়ন কৰি টোকা লিখি ল'ব লাগে। এনে গ্ৰন্থ ঘৰলৈ নিয়া নিষেধ।


গ্রন্থাগাৰিকসকলৰ দায়িত্ব: ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালসমূহত মূল গ্রন্থাগাবিকজনৰ উপৰিও সহায়ক গ্রন্থাগাৰিক থাকে। গ্রন্থাগাৰিকৰ দক্ষতাৰ ওপৰতেই এটা পুথিভঁৰালৰ সকলো কথা নিৰ্ভৰ কৰে। পুথিভঁৰালৰ পুথিবোৰ পুথিৰ ভাগ অনুসৰি শৃঙ্খলাবদ্ধভাৱে ৰাখিব লাগিব, যাতে পঢ়ুৱৈসকলে পুথি বিচাৰি আলমাৰিৰ খাপ (Shelf) বিলাকত সহজে পাব পাৰে। পঢ়ুৱৈয়ে পুথিবিলাক ঘূৰাই দিয়াৰ পাছত যথাস্থানত থ'ব লাগিব। মানুহৰ সংগৰ দৰে পুথিয়েও মানুহৰ মনত গভীৰ সাঁচ বহুৱায়। গতিকে কম বয়সৰ পঢ়ুৱৈ আৰু কিশোৰ কিশোৰীসকলে অধ্যয়ন কৰিবলৈ নিয়া পুথিসমূহে তেওঁলোকৰ জীৱন যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা প্রয়োজন। এনে অৱস্থাত বুদ্ধি আৰু মৰমৰে বুজাই দি উদ্‌গনিমূলক কথাৰে জীৱনী, ভ্রমণ কাহিনী, সাধুকথাৰ পুথি আদি পঢ়াৰ ভাল দিশটোৰ প্ৰতি সচেতন কৰি তুলিব লাগিব। তদুপৰি পুথিভঁৰালৰ দায়িত্বত থকা প্ৰতিজনলোকেই অধ্যয়নপুষ্ট ব্যক্তি হোৱা প্রয়োজন। সেয়েহে আজিকালি চৰকাৰী পুথিভঁৰাল, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰালসমূহত উপযুক্ত পুথিভঁৰাল বিষয়ৰ প্ৰশিক্ষণ (Library Science) থকা লোককহে নিয়োগ কৰে। প্ৰতিবছৰে বিভিন্ন কচিব পাঠকৰ বাবে নতুন প্রকাশিত পুথিসমূহ কিনি পাঠকৰ জ্ঞান পিপাসু মনক সন্তুষ্ট কৰিবলৈও লেখক-প্রকাশক আৰু পুথিৰ মানৰ কথা জনা অতি প্রয়োজন। কাৰণ পাঠক সমাজৰ উপযোগী আৰু কচিপূর্ণ গ্রন্থই এটি পুথিভঁৰালৰ মান আৰু ভৱিষ্যত নিৰ্ভৰ কৰে।

পুথিভঁৰালৰ পৰা পোৱা উপকাৰ : আজিৰ যুগটো হ'ল অনুসন্ধান, পর্যবেক্ষণ, গৱেষণা আৰু প্রতিযোগিতাৰ যুগ। পৃথিৱীৰ সকলো ভাষাতেই প্রতিদিনে ইমান কিতাপ প্রকাশ হৈছে যে, পঢ়ুৱৈসকলে পঢ়িবলৈ ইচ্ছা কৰা সকলো কিতাপ কিনি পঢ়া সম্ভৱ নহয়। কাৰোবাৰ কিনিবলৈ টকা-পইছা কিনিবলৈ টকা-পইচা থাকিলেও বিচৰা কিতাপ বজাৰত নাপায়। তদুপৰি কিছুমান অস্তি লাগতিয়াল আৰু মূল্যৱান পুথি এবাৰ প্ৰকাশ হোৱাৰ পাছত প্ৰকাশ নহয়। গবেষকসকলৰ বাবে একে বিষয়ৰ কেইবাটাও ভাষাৰ মূল পুথিৰ উপৰিও নিদর্শনাত্মক পুথিৰ (Reference book) প্ৰয়োজন।  অনুসন্ধিৎসু ছাত্ৰসকলে একোটা বিষয়ৰ একাধিক পুথি অধ্যয়ন কৰে। এই সকলো পুঁথি তিনি পঢ়া অসম্ভব। তদুপৰি কিছুমান প্রাচীন গ্রন্থ পুথিভঁৰালৰ বাদে অন্য ঠাইত নাথাকে। এই সকলে বিষয়তে সকলো স্তৰ আৰু সকলো কচিৰ মানুহৰ জ্ঞান অর্জন, অধ্যয়নৰ প্ৰধান আৰু নিৰ্ভৰশীল ঠাই হ’ল পুথিভঁৰাল। ব্যাপকভাৱে অধ্যয়ন কৰা লোকে পুথিভঁৰালৰ অবিহনে জীৱন ধাৰণ কৰি থকাই অসম্ভব। ইয়াৰ উপৰিও পুথিভঁৰালসমূহত বিভিন্ন আলোচনী, বাতৰি কাকত আদি পড়াবে সুন্দৰ সুবিধা আছে। আপুৰুগীয়া পুথিসমূহ প্রয়োজনমতে পোৱাৰ নিৰ্ভৰযোগ্য স্থান পুথিভঁৰালসমূহ। বর্তমান সমাজত ব্যাপক অধ্যয়নৰ জৰিয়তে জ্ঞানৰ পৰিসৰবৃদ্ধি কৰিবলৈ, নব প্ৰজন্মৰ মনৰ উশৃংখলতা আৰু অস্থিৰতা দূৰ কৰি এটি সৃষ্টিশীল আৰু সংস্কৃতিবান মনৰ মানুহ গঢ়ি তুলিবলৈ পুথিভঁৰালৰ পৰা পোৱা উপকাৰ সৰ্বাধিক। জ্ঞানপিপাসু লোকৰ বাবে পুথিভঁৰাল পৰম আৰু উত্তম বন্ধু সদৃশ।


সামৰণি: পুথিভঁৰালসমূহে মানুহক পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়োৱাত সহায় কৰে। আজৰি সময়খিনি অযথা আড্ডা মাৰি কটোৱাতকৈ পুথিভঁৰাললৈ গৈ বা পুথিভঁৰালৰ পৰা আমি বুখ পুথি পঢ়িলে বহুতো নজনা কথা জানিব পাৰি। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি। ঘৰতে বহি পৃথিৱীৰ বিভিন্ন দেশ আৰু সমাজৰ লগত পৰিচয় হ'ব পাৰি। বিশ্ববরেণ্য অনেক কবি, সাহিত্যিক সংস্কৃতিবান লোক, বিজ্ঞানীৰ উৎপাদিত জ্ঞানৰ সুধা পান কৰি পঢ়ুৱৈ সমাজেও পৃথিভঁৰালৰ সহায়ত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে।

Post a Comment

Previous Post Next Post